লেখিকা
২৭৫ প্ৰবন্ধ
-
অনিছা হাজিমুমিন
অনিছা আব্দুলকাদিৰ হাজিমুমিন ( Anisa Abdulkadir Hajimumin; জন্ম: ২০ নৱেম্বৰ, ১৯৭৮) এগৰাকী ছোমালি আমেৰিকান ৰাজনীতিবিদ, সমাজ কৰ্মী আৰু লেখিকা। তেওঁ পুণ্টলেণ্ডৰ মহিলা আৰু পৰিয়াল পৰিক্ৰমা মন্ত্ৰী আছিল।
-
অনিলা অমৰুতলাল দালাল
অনিলা অমৰুতলাল দালাল (Anila Amrutlal Dalal ) এগৰাকী গুজৰাটী সমালোচক আৰু অনুবাদক। তেওঁ আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আৰ্টছ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা আৰু ইংৰাজী বিভাগৰ মুৰব্বী আছিল।
-
অনুকী প্ৰেমচন্দ্ৰ
অনুকী প্ৰেমচন্দ্ৰ (ইংৰাজী: Anuki Premachandra) এগৰাকী শ্ৰীলংকান সামাজিক কৰ্মী, মহিলা অধিকাৰ কৰ্মী, প্ৰেৰণাদায়ক বক্তা, যোগাযোগ বিশেষজ্ঞ, লেখিকা আৰু ইনষ্টাগ্ৰাম ব্যক্তিত্ব। তেওঁ বৰ্তমান এডভোকোটা ইনষ্টিটিউটত কৌশলগত যোগাযোগ মেনেজাৰ হিচাপে কৰ্মৰত।
-
অনুসূয়া সেনগুপ্তা
অনুসূয়া সেনগুপ্তা (Anasuya Sengupta)এগৰাকী ভাৰতীয় কবি, লেখিকা, কৰ্মী, আৰু ইণ্টাৰনেটত প্ৰান্তীয় কণ্ঠৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰৰ বিশেষজ্ঞ।
-
অম্বালিকা দেৱী
অম্বালিকা দেৱী (নেপালী: अम्बालिकादेवी; ১৮৯৪–১৯৩৬) এগৰাকী নেপালী লেখিকা আৰু কবি। তেওঁক প্ৰথম নেপালী মহিলা ঔপন্যাসিক হিচাপে গণ্য কৰা হয়। তেওঁৰ উপন্যাস ৰাজপুত ৰমণী ১৯৩২ চনত প্ৰকাশ পাইছিল।
-
অমৰুতা পাটিল
অমৰুতা পাটিল (: Amruta Patil; জন্ম: ১৯ এপ্ৰিল ১৯৭৯) এগৰাকী ভাৰতীয় গ্ৰাফিক নভেল লেখিকা আৰু চিত্ৰশিল্পী।
-
অলকা দাশ
অলকা দাশ (Alaka Das) বাংলাদেশৰ এজন শাস্ত্ৰীয় সংগীতৰ শিল্পী। ১৯৪৬ চনত কুমিল্লাত তেওঁৰ জন্ম হৈছিল। তেওঁ ৰাজ্যিক মালিকানাধীন সংবাদ মাধ্যমত বহুতো অপ্ৰচলিত ৰাগ (শাস্ত্ৰীয় সংগীত) গোৱাৰ বাবে বিখ্যাত।
-
অৰ্চনা শৰৎ
অৰ্চনা শৰৎ (ইংৰাজী: Archana Sarat) এগৰাকী ভাৰতীয় লেখিকা, চুটিগল্প লেখক, ফ্ল্যাশ ফিকচন লেখক আৰু কবি। তেওঁ তেওঁৰ ২০১৬ চনৰ উপন্যাস বাৰ্ডছ অৱ প্ৰেৰ বাবে পৰিচিত, যিখন এখন মানসিক অপৰাধমূলক থ্ৰিলাৰ। এই উপন্যাসখন অ’টিটি প্লেটফৰ্ম আহা তামিলত তামিল ভাষাত পৰ্দাৰ বাবে অভিযোজন কৰা হৈছে।
-
আইৱানোজ অডাফেন
আইৱানোছ অডাফেন (Aiwanose Odafen)নাইজেৰিয়াৰ এগৰাকী নাৰীবাদী লেখিকা৷ তেওঁ নাইজেৰিয়াৰ লাগোছত জন্মগ্ৰহণ কৰিছিল। ২০২২ চনত তেওঁৰ প্ৰথম উপন্যাস টুম'ৰ' আই বিকম এ ৱমেন আৰু ২০২৪ চনত দ্বিতীয়খন উপন্যাস উই ৱেৰ গাৰ্লছ ৱানছ প্ৰকাশিত হয়।নাইজেৰিয়ান তুৰ্কী আন্তঃৰাষ্ট্ৰীয় কলেজত পঢ়ি ২০০৯ চনত তেওঁ স্নাতক ডিগ্ৰী…
-
আছলি বায়ৰাম
আচলি বায়ৰাম (ইংৰাজী: Aslı Bayram; জন্ম: ১ এপ্ৰিল ১৯৮১) এগৰাকী জাৰ্মান অভিনেত্ৰী, লেখিকা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ তুৰ্কী মূলৰ লোক। ২০১০ চনৰপৰা তেওঁ হেচেনৰ ন্যায় মন্ত্ৰ্যালয়ৰদ্বাৰা অপৰাধ প্ৰতিৰোধৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
আজাৰ নাফিচি
আজাৰ নাফিচি (ফাৰ্চী: آذر نفیسی; জন্ম ১৯৪৮) এগৰাকী ইৰানীয়-আমেৰিকান লেখিকা আৰু ইংৰাজী সাহিত্যৰ অধ্যাপিকা। ইৰানৰ তেহৰানত জন্মগ্ৰহণ কৰা নাফিচিয়ে ১৯৯৭ চনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত বসবাস কৰি আহিছে আৰু ২০০৮ চনত তেওঁ আমেৰিকাৰ নাগৰিকত্ব লাভ কৰে। নাফিচিয়ে কেইবাটাও শৈক্ষিক নেতৃত্বৰ ভূমিকা পালন কৰিছে।
-
আদিবাহ আমিন
খালিদাহ আদিবাহ বিন্টি আমিন (ইংৰাজী: Khalidah Adibah binti Amin; জন্ম ১৯ ফেব্ৰুৱাৰী ১৯৩৬), যি পেছাদাৰীভাৱে আদিবাহ আমিন নামেৰে পৰিচিত, এগৰাকী মালয়েছিয়ান লেখিকা, স্তম্ভলেখক, শিক্ষয়িত্ৰী, অনুবাদক আৰু অভিনেত্ৰী।
-
আনুংলা জুই লংকুমুৰ
আনুংলা জুই লংকুমুৰ (ইংৰাজী: Anungla Zoe Longkumer) এগৰাকী ভাৰতীয় লেখিকা, চলচ্চিত্ৰ নিৰ্মাতা আৰু সংগীতজ্ঞ। তেওঁ নাগালেণ্ডৰ বাসিন্দা। তেওঁ নিজৰ কৰ্মৰ জৰিয়তে নগা লোক-পৰম্পৰা, বিশেষকৈ মৌখিক পৰম্পৰা, মহিলাৰ আখ্যান আৰু নগা পৰিচয় সংৰক্ষণ তথা প্ৰচাৰৰ বাবে পৰিচিত।
-
আফছান আঞ্জুম
আফছান আঞ্জুম (হিন্দী: अफ़शां अंजुम) এজন ভাৰতীয় টেলিভিছন সাংবাদিক আৰু এংকৰ। তেওঁ এন ডি টি ভি ইণ্ডিয়াৰ জ্যেষ্ঠ বাতৰি সম্পাদক হিচাপে কাম কৰিছিল। আঞ্জুম আইচিচি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাসমূহৰ কভাৰেজৰ বাবে বিখ্যাত, আৰু এনডিটিভি ইণ্ডিয়াত দৈনিক ক্ৰীড়া অনুষ্ঠান খেল ইণ্ডিয়া আৰু গুগলী আয়োজন কৰে৷ তেওঁ…
-
আফৰোজা পাৰভীন
আফৰোজা পাৰভীন (ইংৰাজী: Afroza Parvin; জন্ম: ১৪ ফেব্ৰুৱাৰী ১৯৫৭) এগৰাকী বাংলাদেশী কল্পকাহিনী লেখিকা। মুক্তিযুদ্ধ ভিত্তিক গৱেষণাৰ বিশেষ অৱদানৰ বাবে তেওঁ ২০২৩ চনত বাংলা একাডেমী বঁটা লাভ কৰে। লগতে তেওঁ ৰক্তবীজৰ সম্পাদিকা।
-
আমাণ্ডা গেফটাৰ
আমাণ্ডা গেফটাৰ (জন্ম ১৬ আগষ্ট ১৯৮০) এগৰাকী আমেৰিকান বিজ্ঞান লেখিকা, ২০১৪ চনত লিখা ট্ৰেছপাছিং অন আইনষ্টাইনছ লন নামৰ কিতাপখনৰ বাবে উল্লেখযোগ্য। এই কিতাপখনে ফিজিক্স ৱৰ্ল্ডৰ ২০১৫ চনৰ বছৰৰ শ্ৰেষ্ঠ কিতাপৰ বঁটা লাভ কৰে।
-
আমিনথ ফাইজা
আমিনথ ফাইজা (ইংৰাজী: Aminath Faiza; ২৯ ছেপ্টেম্বৰ ১৯২৪ – ২৫ ফেব্ৰুৱাৰী ২০১১), যি ডেইজীমা নামেৰেও অধিক জনপ্ৰিয় আছিল, মালদ্বীপৰ দিভেহি ভাষাৰ এগৰাকী কবি আৰু লেখিকা আছিল।
-
আমেলিয়া গেথিং
আমেলিয়া গেথিং (ইংৰাজী: Amelia Gething; জন্ম: ২৪ জানুৱাৰী ১৯৯৯) এগৰাকী ইংৰাজী অভিনেত্ৰী আৰু লেখিকা। কন্টেন্ট-ক্ৰিয়েটৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু বিবিচিৰ শ্ব’ দ্য আমেলিয়া গেথিং কমপ্লেক্স (২০১৯–২০২১) লিখিছিল।
-
আল খাদ্ৰা মাব্ৰুক
আল খাদ্ৰা মিণ্ট মাব্ৰুক (ইংৰাজী: Al Khadra Mint Mabrook; প্ৰায় ১৯৩৪ – অক্টোবৰ ২০২১), যাক চমুকৈ আল খাদ্ৰা বুলি জনা যায়, এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃত চহৰাৱী কবি আছিল।
-
আলতাফ ফাতিমা
আলতাফ ফাতিমা (উৰ্দু: الطاف فاطمہ) (জন্ম:১০ জুন ১৯২৭ – মৃত্যু:২৯ নৱেম্বৰ ২০১৮) এগৰাকী পাকিস্তানী উৰ্দু ভাষাৰ ঔপন্যাসিক, চুটি গল্প লেখিকা আৰু শিক্ষয়ত্ৰী (মুহাম্মাদ ইকবালত বিশেষজ্ঞ) আছিল। আলতাফ ফাতিমাৰ জন্ম লক্ষ্ণৌত হৈছিল আৰু ভাৰত বিভাজনৰ সময়ত লাহোৰলৈ গুচি গৈছিল।
-
আৰ্থী পাৰ্থসাৰথি
আৰ্থী পাৰ্থসাৰথি (ইংৰাজী: Aarthi Parthasarathy) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আৰু ৱেবকমিক স্ৰষ্টা। মুম্বাইত ডাঙৰ-দীঘল হোৱা আৰু বৰ্তমান বেংগালুৰুত বাস কৰা পাৰ্থসাৰথি তেওঁৰ ৱেবকমিক ধাৰাবাহিক ৰয়েল এগজিষ্টেনচিয়েলছ আৰু আৰ্বানলোৰৰ বাবে পৰিচিত।
-
ইউনিচ ডি চুজা
ইউনিচ ডি চুজা (ইংৰাজী: Eunice de Souza; ১ আগষ্ট ১৯৪০ – ২৯ জুলাই ২০১৭) এগৰাকী ভাৰতীয় ইংৰাজী ভাষাৰ কবি, সাহিত্য সমালোচক আৰু ঔপন্যাসিক আছিল। তেওঁৰ উল্লেখযোগ্য কাব্যগ্ৰন্থসমূহৰ ভিতৰত আছে ৱমেন ইন ডাচ পেইণ্টিং (১৯৮৮), ৱেইজ অৱ বিলংগিং (১৯৯০), নাইন ইণ্ডিয়ান ৱমেন পয়েটছ (১৯৯৭), দিজ মাই ৱৰ্ডছ (২০১২), আৰু…
-
ইকবাল বাৰাকা
ইকবাল বাৰাকা (Iqbal Baraka; জন্ম: ১৯৪২) এগৰাকী ইজিপ্তৰ সাংবাদিক, মহিলা অধিকাৰ কৰ্মী, আৰু লেখিকা। দুটা দশকৰো অধিক সময় ধৰি মহিলা আলোচনী হাৱায়াৰ মুখ্য সম্পাদিকা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইজিপ্ত আৰু ইছলামিক সমাজত নাৰীৰ ভূমিকা আগুৱাই নিয়াৰ কামৰ বাবে বাৰাকা পৰিচিত।
-
ইডা হাৰমান
ইডা জোনাচদটিৰ হাৰমান (ইংৰাজী: Íeda Jónasdóttir Herman; জন্ম: ১৬ মে’, ১৯২৫ – মৃত্যু: ৮ মে’, ২০১৯) এগৰাকী আইচলেণ্ডিক মূলৰ আমেৰিকান লেখিকা আৰু সাংস্কৃতিক কৰ্মী আছিল। তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকান সৈনিকক বিবাহ কৰোৱা প্ৰথমগৰাকী আইচলেণ্ডিক মহিলা আছিল।
-
ইন্তান পাৰামাদিথা
ইন্তান পাৰামাদিথা এগৰাকী ইণ্ডোনেছিয়ান নাৰীবাদী লেখিকা তেওঁক সাহিত্যৰাজি “লিংগ আৰু যৌনতা, সংস্কৃতি আৰু ৰাজনীতি”ৰ ওপৰত কেন্দ্ৰিত।
-
ইন্দ্ৰজিৎ কৌৰ বৰঠাকুৰ
ইন্দ্ৰজিৎ কৌৰ বৰঠাকুৰ এগৰাকী ভাৰতীয় অসামৰিক কৰ্মচাৰী, অৰ্থনীতিবিদ আৰু লেখিকা।
-
ইভন কে ফুলব্ৰাইট
ড° ইভন কে ফুলব্ৰাইট এগৰাকী আইচলেণ্ডীয়-আমেৰিকান যৌনবিজ্ঞানী, লেখিকা আৰু টেলিভিছন ব্যক্তিত্ব।
-
ইভা ৰণৱীৰা
ইভা ৰণৱীৰা (ইংৰাজী: Eva Ranaweera; ১৯২৪ — ৯ ফেব্ৰুৱাৰী ২০১০) এগৰাকী নাৰীবাদী লেখিকা, কবি আৰু সাংবাদিক আছিল, যিয়ে ইংৰাজী আৰু সিংহল দুয়োটা ভাষাতে লিখিছিল। তেওঁ বনিতা বিত্থী নামৰ জনপ্ৰিয় মহিলা আলোচনীখনৰ প্ৰথমগৰাকী সম্পাদিকা আছিল।
-
ইমাৰ মেকব্ৰাইড
ইমাৰ মেকব্ৰাইড (ইংৰাজী: Eimear McBride; জন্ম ৬ অক্টোবৰ ১৯৭৬) এগৰাকী আইৰিছ ঔপন্যাসিক। তেওঁৰ প্ৰথম উপন্যাস, এ গাৰ্ল ইজ এ হাফ-ফৰ্মড থিং-এ ২০১৩ চনত প্ৰথম গ'ল্ডস্মিথ বঁটা আৰু ২০১৪ চনত বেইলিছ ৱমেনছ প্ৰাইজ ফৰ ফিকচন লাভ কৰিছিল। তেওঁ ২০১৮ চনত ৰয়েল ছচাইটি অৱ লিটাৰেচাৰৰ ফেলো নিৰ্বাচিত হয়।
-
ইমুনা ইলন
ইমুনা ইলন (Emuna Elon; জন্ম-১৯৫৫) এগৰাকী ইজৰাইলী লেখিকা, ঔপন্যাসিকা, সাংবাদিক আৰু মহিলা অধিকাৰ কৰ্মী।