লেখিকা
২৭৫ প্ৰবন্ধ
-
কে এ বীণা
কে এ বীণা এজনী ভাৰতীয় লেখিকা, সাংবাদিক আৰু স্তম্ভলেখিকা, যিয়ে মালয়ালম ভাষাত বিভিন্ন বিষয়ত বিশেষকৈ নাৰীসকলৰ সামাজিক সমস্যাসমূহৰ ওপৰত লিখে। তেওঁ স্মৃতিকথা, আলোচনাপত্ৰ, ভ্ৰমণকাহিনী, শিশুসাহিত্য, প্ৰবন্ধ সংকলন, চুটি গল্প আৰু সাংবাদিকতা আৰু মাধ্যম বিষয়ক ইতিহাস গ্ৰন্থ ৰচনা কৰিছে।
-
কেট্ৰিন মেকে
কেথেৰিন জুলিয়া মেকে (জন্ম বিলষ্টন; ১২ নৱেম্বৰ ১৮৬৪ – ২৮ মাৰ্চ ১৯৪৪), তেওঁৰ পোছাকী নাম কেটৰিনে নামেৰে জনাজাত আছিল, অষ্ট্ৰেলিয়াত জন্মগ্ৰহণ কৰা নিউজিলেণ্ডৰ এগৰাকী সাংবাদিক, ঔপন্যাসিক আৰু ৰান্ধনী।
-
কেথেৰিন মেন্সফিল্ড
কেথলিন মেন্সফিল্ড মাৰী (জন্মনাম: বিউচেম্প; ১৪ অক্টোবৰ ১৮৮৮ – ৯ জানুৱাৰী ১৯২৩) আছিল নিউজিলেণ্ডৰ এগৰাকী লেখিকা আৰু সমালোচক, যি আধুনিকতাবাদী সাহিত্য আন্দোলনৰ এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তি আছিল। তেওঁৰ ৰচনাসমূহ সমগ্ৰ বিশ্বতে সুপ্ৰসিদ্ধ আৰু ২৫টা ভাষাত প্ৰকাশ পাইছে।
-
কেথেৰিন শ্ব’ৱাৰ্জেনেগাৰ
কেথেৰিন ইউনিচ শ্ব'ৱাৰ্জেনেগাৰ প্ৰাট (শ্ব’ৱাৰ্জেনেগাৰ; জন্ম: ১৩ ডিচেম্বৰ, ১৯৮৯) এগৰাকী আমেৰিকান লেখিকা।
-
কেৰী উইলিয়ামছ ক্লিফৰ্ড
কেৰী উইলিয়ামছ ক্লিফৰ্ড (Carrie Williams Clifford) আছিল এগৰাকী লেখিকা, ক্লাব মহিলা আৰু আমেৰিকাৰ মহিলা অধিকাৰ আৰু নাগৰিক অধিকাৰ আন্দোলনৰ কৰ্মী।
-
খনা
খনা (যাক ডাক বা লীলাৱতী বুলিও জনা যায়) এগৰাকী ভাৰতীয় কবি, দাৰ্শনিক আৰু কিংবদন্তি জ্যোতিষী আছিল, যিয়ে নৱমৰপৰা দ্বাদশ শতিকাৰ ভিতৰত মধ্যযুগীয় বাংলা ভাষাত সাহিত্য ৰচনা কৰিছিল। তেওঁ বৰ্তমানৰ পশ্চিমবঙ্গৰ উত্তৰ ২৪ পৰগণা জিলাৰ বাৰাসাতৰ দেউলীয়া গাঁৱৰ (বেৰাচাম্পাৰ ওচৰৰ চন্দ্ৰকেতুগড়) সৈতে জড়িত।
-
গংগাদেৱী
গংগাদেৱী, যাক গংগাম্বিকা বুলিও কোৱা হয়, বৰ্তমান ভাৰতৰ বিজয়নগৰ সাম্ৰাজ্যৰ চতুৰ্দশ শতিকাৰ এগৰাকী ৰাজকুমাৰী আৰু সংস্কৃত কবি আছিল। তেওঁ বিজয়নগৰৰ ৰজা কুমাৰ কম্পনাৰ পত্নী আছিল। কুমাৰ আছিল প্ৰথম বুক্কা ৰায় (প্ৰায় ১৩৬০ - ১৩৭০)ৰ পুত্ৰ।
-
গীতা ধৰ্মৰাজন
গীতা ধৰ্মৰাজন (Geeta Dharmarajan; জন্ম ১৯ ছেপ্টেম্বৰ ১৯৪৮) এগৰাকী লেখিকা, সম্পাদিকা, শিক্ষাবিদ আৰু ১৯৮৮ চনত প্ৰতিষ্ঠা কৰা অলাভজনক সংস্থা কাহিনীৰ কাৰ্যবাহী সঞ্চালিকা। কথা হৈছে ১৯৮৯ চনত দিল্লীত অৱস্থিত এটা পঞ্জীয়নভুক্ত অলাভজনক আৰু বেচৰকাৰী সংস্থা।
-
গু হেংব'
গু মেই (ইংৰাজী: Gu Mei; ১৬১৯–১৬৬৪) এগৰাকী চীনা গেজী (Gējì), কবি আৰু চিত্ৰশিল্পী আছিল। তেওঁ নিজৰ শৈল্পিক নাম গু হেংব হিচাপে অধিক পৰিচিত আছিল। বিবাহৰ পিছত তেওঁ জু শানচি আৰু জু ঝিজু নামেৰেও জনাজাত হৈছিল।
-
গুলৰুখচৰ চফিয়েভা
গুলৰুখচৰ চফিয়েভা (Гулрухсор Сафиева; گلرخسار صفیاوا) (জন্ম ১৭ ডিচেম্বৰ ১৯৪৭) এগৰাকী তাজিক ইৰাণীবিদ, পাৰ্চী সাহিত্যিক আৰু কবি। তেওঁ ইৰাণতত্ত্ব, আধুনিক পাৰ্চী কবিতা আৰু পাৰ্চী লোকসংগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত।
-
গেব্ৰিয়েলা এম্ব্ৰ’চিঅ’
গেব্ৰিয়েলা এম্ব্ৰ'চিঅ' ( Gabriella Ambrosio; জন্ম: নৱেম্বৰ ১৯৫৪) এগৰাকী ইটালীয় লেখিকা, সাংবাদিক, একাডেমিক আৰু বিজ্ঞাপন সৃষ্টিশীল পৰিচালক। তেওঁৰ ৰচনা Siamo Quel che Diciamo ("আমি যি কওঁ") আৰু Le Nuove Terre della Pubblicita ("নতুন বিজ্ঞাপন ভূমি") ইটালীৰ কেইবাখনো বিশ্ববিদ্যালয়ত প্ৰয়োজনীয়…
-
গ্ৰেচ কুজুৰ
গ্ৰেচ কুজুৰ (হিন্দী: ग्रेस कुजूर, ইংৰাজী: Grace Kujur; জন্ম: ৩ এপ্ৰিল ১৯৪৯) এগৰাকী ভাৰতীয় আদিবাসী লেখিকা আছিল। তেওঁৰ জন্ম হৈছিল ১৯৪৯ চনত ঝাৰখণ্ডৰ ৰাঁচীত। তেওঁৰ মাতৃভাষা আছিল 'কুড়ুখ'। তেওঁৰ পিতৃৰ নাম আছিল পৈত্ৰিক কুজুৰ আৰু মাতৃৰ নাম আছিল আছিল ৰুথ কেৰকেট্টা।
-
চন্দাবাই
পণ্ডিত ব্ৰহ্মচাৰিনী চন্দাবাই (১৮৮০–১৯৭৭) এগৰাকী জৈন পণ্ডিত আৰু ভাৰতৰ নাৰী শিক্ষাৰ পথ প্ৰদৰ্শক। তেওঁ আছিল ভাৰতৰ আটাইতকৈ পুৰণি মহিলা প্ৰকাশন জৈন মহিলাদৰ্শৰ প্ৰতিষ্ঠাপক।
-
চিমিন দানেশ্বৰ
চিমিন দানেশ্বৰ (ফাৰ্চী: سیمین دانشور; জন্ম: ২৮ এপ্ৰিল ১৯২১ – মৃত্যু: ৮ মাৰ্চ ২০১২) এগৰাকী ইৰানী শিক্ষাবিদ, ঔপন্যাসিক, কল্পকাহিনী লেখিকা আৰু অনুবাদক আছিল। তেওঁক ইৰানৰ প্ৰথমগৰাকী প্ৰধান মহিলা ঔপন্যাসিক হিচাপে গণ্য কৰা হয়।
-
চিয়াৰুঞ্জী চেচাইনা
চিয়াৰুঞ্জী চেচাইনা (ইংৰাজী: Ciarunji Chesaina; জন্ম ১৯৪৭) এগৰাকী কেনিয়ান লোকসংস্কৃতিবিদ, অধ্যাপিকা আৰু কূটনীতিবিদ। আফ্ৰিকাৰ বিভিন্ন জনগোষ্ঠী, বিশেষকৈ নীলটিক আৰু বাণ্টু গোটসমূহৰ ইতিহাস, নৃতত্ত্ব আৰু লোকসংস্কৃতি অধ্যয়নৰ বাবে তেওঁ জনাজাত।
-
চিয়েম পিয়েট নিঅ'
চিয়েম পিয়েট নিঅ (ইংৰাজী: Siem Piet Nio; জন্ম: ১৯০৭, মৃত্যু: ১৯৮৬), যিয়ে হং লে হোৱা ছদ্মনামেৰে লিখা-মেলা কৰিছিল, এগৰাকী ইণ্ডোনেছিয়ান ভাষাৰ লেখিকা, আলোচনী সম্পাদক, সাংবাদিক আৰু ডাচ ইষ্ট ইণ্ডিজৰ নাৰী অধিকাৰ কৰ্মী আছিল। তেওঁ ১৯২০ আৰু ১৯৩০ৰ দশকত সক্ৰিয় আছিল।
-
চু পেই
চু পেই (ইংৰাজী: Xu Pei; জন্ম: ১৯৬৬) এগৰাকী চীনত জন্মগ্ৰহণ কৰা জাৰ্মান কবি, লেখিকা আৰু মানৱ অধিকাৰ কৰ্মী। ছিচুয়ানত জন্মগ্ৰহণ কৰা চুই ১৯৮৮ চনত চীন ত্যাগ কৰে আৰু জাৰ্মানীত অধ্যয়ন কৰে। চুৱে ২০০৪ চনত জাৰ্মান নাগৰিকত্ব লাভ কৰে আৰু বৰ্তমান জাৰ্মানীৰ কলনত বাস কৰে।
-
চুজান অৰলিন
চুজান অৰলিন (ইংৰাজী: Susan Orlean; জন্ম: ৩১ অক্টোবৰ, ১৯৫৫) এগৰাকী আমেৰিকান সাংবাদিক, টেলিভিছন লেখিকা আৰু বেষ্টচেলাৰ গ্ৰন্থ দ্য অৰ্কিড থিফ আৰু দ্য লাইব্ৰেৰী বুকৰ লেখিকা।
-
চুজান বাৰ্ণ
চুজান বাৰ্ণ (ইংৰাজী: Suzanne Berne; জন্ম ১৭ জানুৱাৰী, ১৯৬১) এগৰাকী আমেৰিকান ঔপন্যাসিকা। তেওঁ গ্ৰাম্য চহৰত ঘটা অপ্ৰত্যাশিত পাৰিবাৰিক আৰু মনস্তাত্ত্বিক নাটকৰ আধাৰত চৰিত্ৰৰ বিশ্লেষণ কৰাৰ বাবে জনাজাত। বাৰ্ণৰ প্ৰথম উপন্যাস, এ ক্ৰাইম ইন দা নেইবাৰহুড-এ ১৯৯৯ চনৰ অৰেঞ্জ প্ৰাইজ ফৰ ফিকচন লাভ কৰিছিল।
-
চুফিয়া খাতুন (লেখিকা)
চুফিয়া খাতুন (সুফিয়া খাতুন) (মে', ১৯২২ – ৭ জানুৱাৰী ২০২৩) এগৰাকী বাংলাদেশী লেখিকা, শিক্ষয়িত্ৰী আৰু সমাজকৰ্মী আছিল। বাংলাদেশৰ সমসাময়িক সাহিত্যক্ষেত্ৰত তেওঁ এক বিশেষ স্থান দখল কৰিছিল। আত্মজীৱনীমূলক ৰচনা, কাব্যসংকলন আৰু সমাজমুখী লেখাই তেওঁক জনপ্ৰিয় লেখিকা হিচাপে প্ৰতিষ্ঠিত কৰিছিল।
-
চেণ্ড্ৰা টাৰ্টে
ড° চেণ্ড্ৰা টাৰ্টে ফিজিৰ এগৰাকী শিক্ষাবিদ আৰু ৰাজনৈতিক মন্তব্যকাৰী।
-
চেৰিং ৱাংমো ধোমপা
চেৰিং ৱাংমো ধোমপা (ইংৰাজী: Tsering Wangmo Dhompa; জন্ম ১৯৬৯) হ'ল ইংৰাজী ভাষাত কাব্যগ্ৰন্থ প্ৰকাশ পোৱা প্ৰথমগৰাকী তিব্বতী মহিলা কবি। তেওঁ ভাৰত আৰু নেপালত ডাঙৰ-দীঘল হৈছিল আৰু বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰত অধ্যাপিকা হিচাপে কৰ্মৰত।
-
চৈয়দা জমিৰুন্নিছা বেগম
চৈয়দা জমিৰুন্নিছা বেগম (ইংৰাজী: Syeda Zameerunnissa Begum; ১৮৩৭–১৯২৬), যাক চমুকৈ আলা-চাহিবা বা বিচমিল্লাহ বেগম বুলিও জনা যায়, এগৰাকী ১৯শ আৰু ২০শ শতিকাৰ আদিভাগৰ বংগৰ প্ৰখ্যাত সমাজকৰ্মী, লেখিকা আৰু সমাজ সংস্কাৰক আছিল।
-
চো জেন মাৰ্চিং
চো জেন মাৰ্চিং (ইংৰাজী: Soe Tjen Marching; জন্ম: ২৩ এপ্ৰিল ১৯৭১) হৈছে ইণ্ডোনেছিয়াৰ এগৰাকী লেখিকা, শিক্ষাবিদ, সক্ৰিয় কৰ্মী আৰু এভাণ্ট-গাৰ্ড সংগীতৰ এগৰাকী সুৰকাৰ। ১৯৯৮ চনত তেওঁ জাৰ্মান দূতাবাসে আয়োজন কৰা ইণ্ডোনেছিয়ান সমসাময়িক সুৰকাৰৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত জয়লাভ কৰিছিল।
-
ছাদিয়া খত্ৰী
ছাদিয়া খত্ৰী (Sadia Khatri) হৈছে কৰাচীত বাস কৰা এগৰাকী পাকিস্তানী লেখিকা, ফটোগ্ৰাফাৰ খত্ৰী Girls at Dhabas-ৰ অন্যতম প্ৰতিষ্ঠাপক।.
-
ছানী সিং
ছানী সিং এফ আৰ এছ এল ভাৰতত জন্মগ্ৰহণ কৰা এগৰাকী শিক্ষাবিদ আৰু কল্পকাহিনী আৰু সৃষ্টিশীল অকল্পকাহিনীৰ লেখক। লণ্ডন মেট্ৰ’পলিটান বিশ্ববিদ্যালয়ৰ কলাৰ সৃষ্টিশীল লেখা আৰু অন্তৰ্ভুক্তিৰ অধ্যাপিকা।
-
ছামিনা আলী
ছামিনা আলী ভাৰতত জন্মগ্ৰহণ কৰা এগৰাকী আমেৰিকান লেখিকা, মুছলমান মহিলাৰ অধিকাৰৰ কৰ্মী, কিউৰেটৰ আৰু ৰাজহুৱা বক্তা। তেওঁৰ প্ৰথম উপন্যাস মাদ্ৰাজ অন ৰেনি ডেজএ ফ্ৰান্সৰপৰা প্ৰিক্স ডু প্ৰিমিয়াৰ ৰোমান এট্ৰেঞ্জাৰ বঁটা লাভ কৰে আৰু কল্পকাহিনীত পেন/হেমিংৱে বঁটাৰ বাবে চূড়ান্ত প্ৰতিযোগী আছিল।
-
ছাৰা আবুবেকাৰ
ছাৰা আবুবেকাৰ (Sara Aboobacker); ৩০ জুন ১৯৩৬ – ১০ জানুৱাৰী ২০২৩) এগৰাকী ভাৰতীয় কানাড়া উপন্যাস আৰু চুটিগল্পৰ লেখিকা, আৰু এগৰাকী অনুবাদক।
-
ছাৰা কাৰ্টাৰ
ছাৰা ছাংগুইন কাৰ্টাৰ (জন্ম: ৩০ অক্টোবৰ, ১৯৮০) এগৰাকী কানাডিয়ান অভিনেত্ৰী, লেখিকা আৰু পৰিচালক। তেওঁ ছুপাৰহিৰো ধাৰাবাহিক স্মলভিলত (২০০৪–২০০৫) আলিচিয়া বেকাৰ, ছাৰ্কত (২০০৬–২০০৮) মেডেলিন পো আৰু টিএনটিৰ বিজ্ঞান কল্পকাহিনী ধাৰাবাহিক ফলিং স্কাইজত (২০১১–২০১৫) মেগী মে’ৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
ছাৰা ৰায়
ছাৰা ৰায়, এগৰাকী সমসাময়িক ভাৰতীয় লেখিকা, অনুবাদক আৰু আধুনিক হিন্দী আৰু উৰ্দু কল্পকাহিনীৰ সম্পাদিকা। ভাৰতৰ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ (পূৰ্বৰ এলাহাবাদ)ত বাস কৰে। ৰায়ে মূলতঃ হিন্দী ভাষাত চুটিগল্প ৰচনা আৰু প্ৰকাশ কৰে।