আমাণ্ডা গেফটাৰ (জন্ম ১৬ আগষ্ট ১৯৮০) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন বিজ্ঞান লেখিকা, ২০১৪ চনত লিখা ট্ৰেছপাছিং অন আইনষ্টাইনছ লন নামৰ কিতাপখনৰ বাবে উল্লেখযোগ্য।১২৩ এই কিতাপখনে ফিজিক্স ৱৰ্ল্ডৰ ২০১৫ চনৰ বছৰৰ শ্ৰেষ্ঠ কিতাপৰ বঁটা লাভ কৰে।৪
শিক্ষা আৰু কেৰিয়াৰ
আমাণ্ডা গেফটাৰে লণ্ডন স্কুল অৱ ইকনমিক্সৰপৰা বিজ্ঞানৰ দৰ্শন আৰু ইতিহাসত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। ২০১২–২০১৩ শিক্ষাবৰ্ষৰ বাবে তেওঁ এম আই টিত নাইট চাইন্স জাৰ্নেলিজম ফেল’শ্বিপ আছিল।
ব্ৰহ্মাণ্ডবিজ্ঞান আৰু মৌলিক পদাৰ্থ বিজ্ঞানৰ বিশেষজ্ঞ তেওঁৰ প্ৰবন্ধসমূহ দ্য নিউয়ৰ্ক টাইমছ, নটিলাছ (বিজ্ঞান আলোচনী), নিউ চাইণ্টিষ্ট, চাইণ্টিফিক আমেৰিকান, নেচাৰ (জাৰ্নেল), স্কাই এণ্ড টেলিস্কোপ আদি কেইবাখনো আলোচনীত প্ৰকাশ পাইছে। তেখেত সহযোগী গোট NeuWrite Boston-ৰ প্ৰাক্তন সহ-পৰিচালক আৰু বৰ্তমানৰ সহ-আয়োজক, জনপ্ৰিয় বিজ্ঞানৰ কিতাপৰ বিষয়ে প'ডকাষ্ট বুক-লেবৰ বিজ্ঞান সাংবাদিক ডেন ফ'কৰ সৈতে।৫
ব্যক্তিগত জীৱন
আমাণ্ডা গেফ্টাৰৰ জীৱনৰ আৰ্হিটো ডিলেইড স্লিপ ফেজ চিনড্ৰম নামৰ উত্তৰাধিকাৰী সূত্ৰে পোৱা চাৰ্কেডিয়ান ৰিদম ডিছঅৰ্ডাৰৰদ্বাৰা প্ৰভাবিত হৈছে।৬ ২০১৭ চনৰ জুলাই মাহত তেওঁ জাষ্টিন স্মিথৰ সৈতে বিবাহপাশত আবদ্ধ হয়
পুৰস্কাৰ
- আমেৰিকান এছ'চিয়েচন ফৰ দ্য এডভান্সমেণ্ট অৱ চাইন্স কাভলী চাইন্স জাৰ্নেলিজম বঁটা, ২০১৫ "দ্য মেন হু ট্ৰাইড টু ৰিডিম দ্য ৱৰ্ল্ড উইথ লজিক," নটিলাছ মেগাজিন৭
বাহ্যিক সংযোগ
- BookLab podcast
- Amanda Gefter, "Trespassing on Einstein's Lawn" | Talks at Google, YouTube, 9 December 2014
তথ্যসূত্ৰ
- ↑ Gefter, Amanda. (2014). Trespassing on Einstein's lawn: a father, a daughter, the meaning of nothing, and the beginning of everything. Bantam Books. ISBN 9780345539632
- ↑ Orzel, Chad. (May 2014). Review of Trespassing on Einstein's Lawn: A Father, a Daughter, the Meaning of Nothing, and the Beginning of Everything by Amanda Gefter. Physics Today. পৃ. 52–53
- ↑ Dihal, Kanta. (19 January 2015). Review of Trespassing on Einstein's Lawn. The Oxonian Review
- ↑ (15 December 2015). Quest to understand 'nothing' wins Physics World's 2015 Book of the Year. Physics World
- ↑ Amanda Gefter, science writer
- ↑ Gefter, Amanda. (23 December 2016). The Night Girl Finds a Day Boy. The New York Times (See The Day Boy and the Night Girl by George MacDonald.)
- ↑ AAAS Kavli Winners 2015
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমাণ্ডা গেফটাৰ” প্ৰবন্ধৰ সংশোধন ৬২৪৬১৯ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।