অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অমৰুতা পাটিল

অমৰুতা পাটিল (: Amruta Patil; জন্ম: ১৯ এপ্ৰিল ১৯৭৯) এগৰাকী ভাৰতীয় গ্ৰাফিক নভেল লেখিকা আৰু চিত্ৰশিল্পী।

হালনাগাদ: ৯ মাৰ্চ ২০২৬ ৩৭৩ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

অমৰুতা পাটিল (: Amruta Patil; জন্ম: ১৯ এপ্ৰিল ১৯৭৯) এগৰাকী ভাৰতীয় গ্ৰাফিক নভেল লেখিকা আৰু চিত্ৰশিল্পী।

পৃষ্ঠভূমি

অমৰুতাৰ পিতৃ ভাৰতীয় নৌসেনাত কৰ্মৰত এজন চাকৰিয়াল সূত্ৰে গোৱাত বাস কৰিছিল আৰু অমৰুতাই সেই সূত্ৰে তাতেই ডাঙৰ-দীঘল হৈছিল।১২তেওঁ গোৱা কলেজ অৱ আৰ্টৰপৰা বিএফএ ডিগ্ৰী (১৯৯৯), আৰু টাফ্টছ ইউনিভাৰ্চিটি, স্কুল অৱ দ্য মিউজিয়াম অৱ ফাইন আৰ্টছৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে (২০০৪)।৩

কেৰিয়াৰৰ আৰম্ভণি

অমৰুতা পাটিলে ১৯৯৯-২০০০ চনত এণ্টাৰপ্ৰাইজ নেক্সছ (মুম্বাই)ত কপিৰাইটাৰ হিচাপে কাম কৰিছিল। পষেকীয়া আলোচনী 'মাইণ্ডফিল্ডছ' (২০০৭-২০১২)ৰ সহ-প্ৰতিষ্ঠাপক আৰু সম্পাদিকা আছিল।৪ ২০০৯ চনত তেওঁক TED ফেল'শ্বিপ প্ৰদান কৰা হয়।৫

গ্ৰাফিক নভেল

হাৰ্পাৰকলিন্স ইণ্ডিয়া প্ৰকাশনৰদ্বাৰা, ভি কে কাৰ্তিকাই কমিছন আৰু প্ৰকাশ কৰা অমৰুতা পাটিলৰ আত্মপ্ৰকাশৰ গ্ৰাফিক উপন্যাস কাৰীত যৌনতা, বন্ধুত্ব আৰু মৃত্যুৰ বিষয়-বস্তু অন্বেষণ কৰা হৈছিল; আৰু পাটিলক ভাৰতৰ প্ৰথম মহিলা গ্ৰাফিক ঔপন্যাসিক হিচাপে ঘোষণা কৰা হয়।৬ কমিকছ সংস্কৃতিৰ সৈতে বিশেষ পৰিচিত নোহোৱাকৈ এখন সৰু চহৰত ডাঙৰ-দীঘল হোৱা এগৰাকী স্বঘোষিত "অডবল" পাটিলে তেওঁৰ অটোডিডাকটিক প্ৰক্ৰিয়া আৰু বিকশিত শৈলীৰ বিষয়ে বৰ্ণনা কৰিছে।৭বৰ্তমান কাৰি বিভিন্ন শৈক্ষিক গৱেষণা পত্ৰৰ বিষয়-বস্তু হৈ পৰিছে।৮৯

তেওঁৰ পৰৱৰ্তী দুখন গ্ৰাফিক উপন্যাস আদি পাৰ্ভা: চাৰ্নিং অৱ দ্য অ'চেন আৰু ''সৌপ্তিক: ব্লাড এণ্ড ফ্লাৱাৰছ১০ য়ে পাৰ্ব ডুৱেলজি গঠন কৰে যিয়ে মহাভাৰতৰ কাহিনীসমূহ ক্ৰমে আউতলাইয়াৰ কথক (সূত্ৰধৰ) গঙ্গা নদী আৰু অশ্বত্থামাৰ দৃষ্টিকোণৰপৰা পুনৰ কয়। এই দুখন উপন্যাসৰ বিষয়ে কওঁতে তেওঁ ওপৰত উল্লেখ কৰা দুজন কথকক বাছি লোৱাৰ সিদ্ধান্তৰ বিষয়ে কয় কাৰণ তেওঁলোকে পৰম্পৰাগত জ্ঞানৰ পুনৰাবৃত্তিত বিশেষ ভূমিকা পালন কৰিছে।১১ সূত্ৰধাৰৰ গুৰুত্ব পুনৰাবৃত্তি কৰা হৈছে - "গল্পসমূহক বৰ্তমানৰ ওচৰলৈ অনাৰ উপায়" হিচাপে।১২

নাৰী শক্তিৰ সন্মান বঁটাৰ সৈতে অমৰুতা পাটিল
নাৰী শক্তিৰ সন্মান বঁটাৰ সৈতে অমৰুতা পাটিলছবি: Ministry of WCD · GODL-India

তেওঁৰ ৰচনা ফৰাচী আৰু ইটালীয় ভাষালৈ অনুবাদ কৰা হৈছে।১৩

তেওঁৰ চতুৰ্থখন গ্ৰাফিক উপন্যাস - অৰণ্যকা১৪ - তেওঁৰ বন্ধু পৌৰাণিক কাহিনীবিদ দেৱদত্ত পট্টনায়কৰ সৈতে হোৱা কথা-বতৰাৰ পিছত বনাইছিল।১৫ আৰণ্যকা প্ৰথমে ২০১৯ চনত ৱেষ্টলেণ্ডে প্ৰকাশ কৰে, আৰু তাৰ পিছত ২০২৩ চনত হাৰ্পাৰকলিন্স ইণ্ডিয়াই প্ৰকাশ কৰে।১৬

"কমিক বুক কেপিটেল" এংগ'লেম (ফ্ৰান্স) আৰু লা মেইচন ডেছ অ'টাৰ্ছৰ সৈতে দশকজুৰি জড়িত হোৱাৰ পিছত,১৭ কমিক বুক লেখকৰ বাবে জুৰীৰ আৱাস, পাটিলে ২০১৯ চনত ভাৰতলৈ স্থানান্তৰিত হয়।

২০১৯ চনৰ চেৰেণ্ডিপিটি আৰ্টছ ফেষ্টিভেলত অমৰুতা পাটিলে অলটাৰ ১৮১৯ নামৰ একক অনুষ্ঠান কৰিছিল।

বিশ্বৰ প্ৰথমটো নন ফিকচন কমিক্স এপ Qomix ৰ সহ-প্ৰতিষ্ঠাপক।

ৰাজহুৱা সংযোগ

  • অমৰুতা পাটিলে ২০১৭ চনত জী জয়পুৰ সাহিত্য মহোৎসৱৰ বক্তা আছিল।২০
  • ২০১৮ চনত তেওঁ চিকাগো বিশ্ববিদ্যালয়ৰ স্কুল অৱ ডিভিনিটিত বক্তা আৰু শিল্পী আছিল২১

গ্ৰন্থতালিকা

  • কাৰি (২০০৮)
  • আদি পৰ্ব: চাৰ্নিং অৱ দ্য অ'চেন (২০১২)
  • সৌপটিক: তেজ আৰু ফুল (২০১৬)
  • অৰণ্যক (২০১৯)

বঁটা

অমৰুতা পাটিলে ২০১৭ চনৰ মাৰ্চ মাহত ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ হাতৰপৰা মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰ্যালয়ৰ নাৰী শক্তিৰ সন্মান বঁটা লাভ কৰে।২২ ২৩

তথ্যসূত্ৰ

  1. ↑ Amruta Patil | PAUL GRAVETT
  2. ↑ Das, Soma. (2016-10-06). Visual artist and author Amruta Patil breaks new ground with her graphic retelling of the Mahabharata. Hindustan Times
  3. ↑ (26 January 2013). Amruta Patil. The Hindu
  4. ↑ Bell, Melissa A. (2008-08-09). Amruta Patil / Writer and illustrator. LiveMint
  5. ↑ Amruta Patil - TED Fellow - TED. www.ted.com
  6. ↑ Amruta Patil - TED Fellow - TED. www.ted.com
  7. ↑ (17 October 2021). In Conversation with Graphic Novelist - Amruta Patil. ইউটিউব
  8. ↑ 'Can You See Her the Way I Do?': (Feminist) Ways of Seeing in Amruta Patil's Kari (2008)
  9. ↑ Exploring Gender, Identity, and Mythology in Kari by Amruta Patil
  10. ↑ Anasuya, Shreya Ila. (2016-09-30). Amruta Patil's Mahabharat. LiveMint
  11. ↑ Harper Broadcast. (10 December 2016). Amruta Patil in conversation with Amrita Tripathi
  12. ↑ Goel, Mayanka; Aranha, Jovita. (2016-09-03). Reaching for the fire in her heart. The Hindu
  13. ↑ (2013-01-26). Amruta Patil. The Hindu
  14. ↑ Amruta Patil. (14 July 2017). Aranyaka: Making of a Graphic Novel - Visual-Textual Notes
  15. ↑ Patil, Amruta. (19 April 2017). Umbilical: What comes next
  16. ↑ Das, Ranjabati. (2018-12-27). Making Waves: Amruta Patil. Verve Magazine
  17. ↑ (2017). La Maison des Auteurs. la Cité internationale de la bande dessinée et de l'image
  18. ↑ (22 December 2019). A graphic description | the Navhind Times
  19. ↑ (20 December 2019). Fine arts and the creative role of serendipity
  20. ↑ ZEE Jaipur Literature Festival. (10 February 2017). #ZeeJLF2017: Blood and Flowers
  21. ↑ Gurevitch, Eric Moses. Forests of Learning & Kari, Adi Parva, and Sauptik: Conversations with Amruta Patil
  22. ↑ Nari Shakti Awardees - Ms. Amruta Patil, Goa. wcd.nic.in
  23. ↑ Nari Shakti Awardees - Ms. Amruta Patil, Goa | Ministry of Women & Child Development| IN| odwqu

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকলেখিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমৰুতা পাটিল” প্ৰবন্ধৰ সংশোধন ৫৮৬৩৪২ (৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।