অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আফছান আঞ্জুম

আফছান আঞ্জুম (হিন্দী: अफ़शां अंजुम) এজন ভাৰতীয় টেলিভিছন সাংবাদিক আৰু এংকৰ। তেওঁ এন ডি টি ভি ইণ্ডিয়াৰ জ্যেষ্ঠ বাতৰি সম্পাদক হিচাপে কাম কৰিছিল। আঞ্জুম আইচিচি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাসমূহৰ কভাৰেজৰ বাবে বিখ্যাত, আৰু এনডিটিভি ইণ্ডিয়াত দৈনিক ক্ৰীড়া অনুষ্ঠান খেল ইণ্ডিয়া আৰু গুগলী আয়োজন কৰে৷ তেওঁ…

হালনাগাদ: ২৮ আগষ্ট ২০২৫ ২৭০ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

আফছান আঞ্জুম (হিন্দী: अफ़शां अंजुम) এজন ভাৰতীয় টেলিভিছন সাংবাদিক আৰু এংকৰ। তেওঁ এন ডি টি ভি ইণ্ডিয়াৰ জ্যেষ্ঠ বাতৰি সম্পাদক হিচাপে কাম কৰিছিল।১ আঞ্জুম আইচিচি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাসমূহৰ কভাৰেজৰ বাবে বিখ্যাত, আৰু এনডিটিভি ইণ্ডিয়াত দৈনিক ক্ৰীড়া অনুষ্ঠান খেল ইণ্ডিয়া আৰু গুগলী আয়োজন কৰে৷ তেওঁ এংকৰ হিচাপে জনপ্ৰিয় দৰ্শক ভিত্তিক আড্ডা শ্ব' কিছা ক্ৰিকেট কা অনুষ্ঠানত কাম কৰছে আৰু পাঁচবাৰ এন টি বঁটা লাভ কৰিছে।

ব্যক্তিগত জীৱন

অঞ্জুমৰ জন্ম হৈছিল নতুন দিল্লীত। দেউতাকে এভাৰী ইণ্ডিয়া লিমিটেডত কাম কৰিছিল।তেওঁৰ দুজন ডাঙৰ ভাতৃ আছে, ইয়াৰে এজন ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ জেনেটিক ইঞ্জিনিয়াৰিং এণ্ড বায়’টেকন’লজীৰ বিজ্ঞানী আৰু আন এজনে নিজাকৈ ব্যৱসায় চলায়। তেওঁৰ বিবাহ হৈছে ইউনিচেফৰ উন্নয়নৰ কাম কৰা ডেনিছ আজিজৰ সৈতে। তেওঁ বৰ্তমান জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰত বাস কৰে৷

কেৰিয়াৰ

দিল্লী বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতাত স্নাতক ডিগ্ৰী লাভ কৰা আঞ্জুমে ২০০৬ চনত যুক্তৰাজ্যৰ ৱেলছৰ কাৰ্ডিফ বিশ্ববিদ্যালয়ত থমছন ফাউণ্ডেশ্যনৰ সৈতে সম্প্ৰচাৰ সাংবাদিকতাৰ বাবে ভাৰতৰ যুৱ সাংবাদিকসকলৰ বাবে ব্ৰিটিছ চেভেনিং বৃত্তিৰ বাবে নিৰ্বাচিত হয়। তেওঁ "আজ তক"ৰ সাংবাদিক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে আৰু ২০০৩ চনত "এনডিটিভি"ত যোগদান কৰে ক্ৰীড়াৰ জ্যেষ্ঠ বাতৰি সম্পাদক হিচাপে।

তেওঁ ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ নৱজ্যোত সিং সিদ্ধুৰ সৈতে কিচ্ছা ক্ৰিকেট কা অনুষ্ঠানৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰে৷

আঞ্জুমে ভাৰতৰ হিন্দী ভাষাৰ ক্ৰীড়া সাংবাদিকতাৰ এগৰাকী উল্লেখযোগ্য ব্যক্তি হিচাপে স্বীকৃতি লাভ কৰিছে। গোটেই কেৰিয়াৰত তেওঁ ভাৰতৰ ক্ৰীড়া ইতিহাসৰ উল্লেখযোগ্য পৰিঘটনাৰ বিষয়ে ৰিপ'ৰ্ট দিছে, যেনে ২০০৪ চনত ঐতিহাসিক ট্যুৰ অৱ পাকিস্তান আৰু ২০০৭, ২০১১ আৰু ২০১৫ চনত আইচিচি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা।

বঁটা আৰু প্ৰশংসা

আঞ্জুমে ২০০৭ চনৰ পৰা ২০১৪ চনৰ ভিতৰত পাঁচবাৰকৈ 'হিন্দী ভাষাৰ শ্ৰেষ্ঠ ক্ৰীড়া উপস্থাপক'ৰ এন টি বঁটা লাভ কৰিছে।২৩৪৫ তেওঁ মাধৱ জ্যোতি আলংকাৰৰ দৰে আন কেইবাটাও সন্মানীয় বঁটাও লাভ কৰিছে।

তেওঁ ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনিৰ সৈতে জয় জৱান প্ৰদৰ্শন কৰি৬ 'শ্ৰেষ্ঠ টেলিভিছন ইভেণ্ট'ৰ বাবে আই টি এ বঁটা লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ Afshan anjum. ndtv.com
  2. ↑ NT Awards 2008
  3. ↑ NT Awards 2010
  4. ↑ NT Awards 2013
  5. ↑ NT Awards 2014
  6. ↑ Best of Jai Jawan: MS Dhoni plays cricket with Air Force personnel. ইউটিউব

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মহিলাভাৰতীয় মহিলা টেলিভিছন উপস্থাপকগণমাধ্যমসাংবাদিকলেখিকাভাৰতীয় সাংবাদিকদিল্লীৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আফছান আঞ্জুম” প্ৰবন্ধৰ সংশোধন ৫৩৫৩৭১ (২৮ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।