অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনিছা হাজিমুমিন

অনিছা আব্দুলকাদিৰ হাজিমুমিন ( Anisa Abdulkadir Hajimumin; জন্ম: ২০ নৱেম্বৰ, ১৯৭৮) এগৰাকী ছোমালি আমেৰিকান ৰাজনীতিবিদ, সমাজ কৰ্মী আৰু লেখিকা। তেওঁ পুণ্টলেণ্ডৰ মহিলা আৰু পৰিয়াল পৰিক্ৰমা মন্ত্ৰী আছিল।

হালনাগাদ: ২৬ মাৰ্চ ২০২৫ ১৫৭ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

অনিছা আব্দুলকাদিৰ হাজিমুমিন ( Anisa Abdulkadir Hajimumin; জন্ম: ২০ নৱেম্বৰ, ১৯৭৮) এগৰাকী ছোমালি আমেৰিকান ৰাজনীতিবিদ, সমাজ কৰ্মী আৰু লেখিকা। তেওঁ পুণ্টলেণ্ডৰ মহিলা আৰু পৰিয়াল পৰিক্ৰমা মন্ত্ৰী আছিল।

পটভূমি

হাজিমুমিনৰ জন্ম হৈছিল উত্তৰ-পূব ছোমালিয়াত অৱস্থিত পুণ্টলেণ্ড অঞ্চলত। তেওঁ পিছলৈ মিনিয়াপলিছলৈ গুচি যায় আৰু মেট্ৰ’পলিটান ষ্টেট ইউনিভাৰ্চিটিৰ পৰা ৱ’মেন ষ্টাডীজত বি এ ডিগ্ৰী লাভ কৰে। তেওঁ হেমলাইন বিশ্ববিদ্যালয়ৰ পৰা ৰাজহুৱা নীতি বিশ্লেষণ আৰু মানৱ সম্পদ উন্নয়নৰ বিশেষজ্ঞতাৰে ৰাজহুৱা প্ৰশাসনত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ উপৰিও হাজিমুমিনে ইয়াৰ পূৰ্বে ইমিগ্ৰেচন পেৰালিগেল দক্ষিণ মিনেছ'টা আঞ্চলিক আইনী সেৱক হিচাপে কাম কৰিছিল।১

২০১৩ চনত তেওঁ যুৱ বিকাশ আৰু মহিলা সৱলীকৰণৰ বাবে কৰ্মশালাৰ ডিজাইন কৰাত মনোনিৱেশ কৰা এটা বেচৰকাৰী সংস্থা হাজিমুমিন এণ্ড এছ’চিয়েটছ প্ৰতিষ্ঠা কৰে।

মহিলা আৰু পৰিয়াল পৰিক্ৰমা মন্ত্ৰী

২০১৪ চনৰ ১৩ ফেব্ৰুৱাৰীত হাজিমুমিনে আনুষ্ঠানিকভাৱে পুণ্টলেণ্ডৰ ৰাজ্যিক ৰাজধানী গাৰোৱেত কাৰ্যভাৰ গ্ৰহণ কৰে। প্ৰাক্তন মন্ত্ৰী হালিমো হাজী হাছানে নতুন মন্ত্ৰীগৰাকীৰ হাতত মন্ত্ৰ্যালয়ৰ পূৰ্বৰ দলটোৱে শেহতীয়া উন্নয়ন আৰু বাকী থকা আঁচনিসমূহ সন্নিবিষ্ট কৰা নথি-পত্ৰ প্ৰদান কৰে। হাজিমুমিনে পূৰ্বৰ মন্ত্ৰীক ধন্যবাদ জনাই মহিলাৰ অধিকাৰ সুৰক্ষিত আৰু শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Anisa Hajimumin
  2. ↑ (13 February 2014). Somalia: Puntland's new Minister for Women Affairs officially takes over office

সম্পৰ্কিত শ্ৰেণী

ছোমালিয়াৰ ব্যক্তিৰাজনৈতিক ক্ষেত্ৰত নাৰীসমাজকৰ্মীলেখিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনিছা হাজিমুমিন” প্ৰবন্ধৰ সংশোধন ৪৯৭৬৪০ (২৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।