অম্বালিকা দেৱী (নেপালী ভাষা: अम्बालिकादेवी; ১৮৯৪–১৯৩৬) এগৰাকী নেপালী ভাষা লেখিকা আৰু কবি।১২ তেওঁক প্ৰথম নেপালী মহিলা ঔপন্যাসিক হিচাপে গণ্য কৰা হয়।৩ তেওঁৰ উপন্যাস ৰাজপুত ৰমণী ১৯৩২ চনত প্ৰকাশ পাইছিল।
জীৱনী
১৮৯৪ চনৰ ২০ মে'ত (৮ জেঠ ১৯৫১ বিক্ৰম সম্বত) নেপালৰ কাঠমাণ্ডুৰ মাখন টোলত এককৃষ্ণ নেপাল আৰু ৰত্ন কুমাৰীৰ ঘৰত অম্বালিকাৰ জন্ম হৈছিল। তেওঁ এক চহকী পৰিয়ালৰ সন্তান আছিল। তেওঁৰ পিতৃ ৰাণা চৰকাৰৰ এজন উচ্চপদস্থ বিষয়া (সুব্বা) আছিল। শৈশৱত তেওঁক পুতলী বুলি মতা হৈছিল।
প্ৰচলিত ৰীতি অনুসৰি ৭ বছৰ বয়সতে অম্বিকা প্ৰসাদ উপাধ্যায়ৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত তেওঁৰ নাম অম্বালিকা দেৱীলৈ সলনি কৰা হয়। ইয়াৰ পিছত তেওঁ পাটনাৰ শহুৰেকৰ ঘৰলৈ গুচি যায়। তেওঁ ঘৰতে ব্যক্তিগত শিক্ষকৰ ওচৰত শিক্ষা লাভ কৰিছিল। তেওঁ ইংৰাজী মাধ্যমতো শিক্ষা গ্ৰহণ কৰিছিল।৪
১৯৩২ চনত তেওঁৰ উপন্যাস ৰাজপুত ৰমণী প্ৰকাশ পায়।৫ ১৯৩২ চনৰ ১ মে'ত সম্পূৰ্ণ হোৱা এই কিতাপখন সেই বছৰৰে ছেপ্টেম্বৰ মাহত বাৰাণসীৰ পৰা প্ৰকাশিত হৈছিল। এয়া আছিল এগৰাকী মহিলা লেখিকাৰ দ্বাৰা নেপালী ভাষাত লিখা প্ৰথমখন উপন্যাস।
ব্যক্তিগত জীৱন আৰু মৃত্যু
১৯০১ চনত মাত্ৰ ৭ বছৰ বয়সতে তেওঁ ইতিহাসবিদ অম্বিকা প্ৰসাদ উপাধ্যায়ৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।১ তেওঁলোকৰ নিজৰ কোনো সন্তান নাছিল, সেয়েহে তেওঁলোকে অম্বিকা প্ৰসাদৰ ভায়েকৰ পুত্ৰ ৰাজেশ্বৰ প্ৰসাদক ধৰ্মপুত্ৰ হিচাপে গ্ৰহণ কৰিছিল। ১৯৩৬ চনৰ ১৫ ডিচেম্বৰত পাটজাত দেৱীৰ মৃত্যু হয়।১
ৰচনাৱলী
- ৰাজপুত ৰমণী (১৯৩২)
অধিক পঢ়ক
- Ambalika Devi. Nai Prakashan
তথ্যসূত্ৰ
- ↑ Rāṇā, Jagadīśa Śamaśera. (2011). Women Writers of Nepal: Profiles and Perspective. Rajesh Rana Publications. পৃ. 3. ISBN 978-81-8465-418-9
- ↑ यी हुन् अम्बिकाप्रसाद उपाध्याय, जसले पहिलोपटक नेपालको इतिहास लेखे. Himal Khabar
- ↑ नेपालीमा महिला उपन्यासकारको अवस्थिति. Samakalin Sahitya
- ↑ अम्बालिकादेवी Ambalika Devi. Nai Prakashan
- ↑ Śarmā, Nagendra. (1992). Secrets of Shangri-La: An Enquiry Into the Lore, Legend and Culture of Nepal. Nirala Publications. পৃ. 295. ISBN 978-0-7855-0215-9
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অম্বালিকা দেৱী” প্ৰবন্ধৰ সংশোধন ৫৯৭৪৮৪ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।