অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইউনিচ ডি চুজা

ইউনিচ ডি চুজা (ইংৰাজী: Eunice de Souza; ১ আগষ্ট ১৯৪০ – ২৯ জুলাই ২০১৭) এগৰাকী ভাৰতীয় ইংৰাজী ভাষাৰ কবি, সাহিত্য সমালোচক আৰু ঔপন্যাসিক আছিল। তেওঁৰ উল্লেখযোগ্য কাব্যগ্ৰন্থসমূহৰ ভিতৰত আছে ৱমেন ইন ডাচ পেইণ্টিং (১৯৮৮), ৱেইজ অৱ বিলংগিং (১৯৯০), নাইন ইণ্ডিয়ান ৱমেন পয়েটছ (১৯৯৭), দিজ মাই ৱৰ্ডছ (২০১২), আৰু…

হালনাগাদ: ৩০ মাৰ্চ ২০২৬ ৩০৭ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ইউনিচ ডি চুজা (ইংৰাজী ভাষা: Eunice de Souza; ১ আগষ্ট ১৯৪০ – ২৯ জুলাই ২০১৭) এগৰাকী ভাৰতীয় ইংৰাজী ভাষা ভাষাৰ কবি, সাহিত্য সমালোচক আৰু ঔপন্যাসিক আছিল। তেওঁৰ উল্লেখযোগ্য কাব্যগ্ৰন্থসমূহৰ ভিতৰত আছে ৱমেন ইন ডাচ পেইণ্টিং (১৯৮৮), ৱেইজ অৱ বিলংগিং (১৯৯০), নাইন ইণ্ডিয়ান ৱমেন পয়েটছ (১৯৯৭), দিজ মাই ৱৰ্ডছ (২০১২), আৰু লাৰ্ণ ফ্ৰম দ্য আলমণ্ড লিফ (২০১৬)। তেওঁ দুখন উপন্যাস— ডেঞ্জাৰলক (২০০১) আৰু দেৱ এণ্ড চিমৰাণ (২০০৩) প্ৰকাশ কৰিছিল। ইয়াৰ উপৰি তেওঁ কবিতা, লোককথা আৰু সাহিত্য সমালোচনাৰ কেইবাখনো সংকলনৰ সম্পাদনা কৰিছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

ইউনিচ ডি চুজা পুনাৰ এটা গোৱান কেথলিক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল আৰু তাতেই ডাঙৰ-দীঘল হৈছিল।১ তেওঁ উইচকনচিনৰ মাৰ্কেট বিশ্ববিদ্যালয়ৰপৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী২ আৰু মুম্বাই বিশ্ববিদ্যালয়ৰপৰা পিএইচডি ডিগ্ৰী লাভ কৰিছিল।

তেওঁ মুম্বাইৰ চেইণ্ট জেভিয়াৰ কলেজত ইংৰাজী অধ্যাপনা কৰিছিল আৰু অৱসৰ গ্ৰহণলৈকে বিভাগীয় মুৰব্বী আছিল। কলেজখনত আয়োজিত বিখ্যাত সাহিত্য মহোৎসৱ 'ইথাকা'ৰ সৈতেও তেওঁ জড়িত আছিল। তেওঁ অভিনেত্ৰী আৰু পৰিচালক হিচাপে নাট্যজগতৰ সৈতেও জড়িত আছিল। ২০০১ চনত তেওঁৰ প্ৰথম উপন্যাস ডেঞ্জাৰলক প্ৰকাশ পোৱাৰ লগে লগে তেওঁৰ ঔপন্যাসিক জীৱনৰ আৰম্ভণি হয়। তেওঁ চাৰিখন শিশু গ্ৰন্থও লিখিছিল।

কবিতা আৰু কল্পকাহিনীৰ উপৰি ডি চুজা বহুতো সংকলন সম্পাদনা কৰিছিল আৰু মুম্বাই মিৰৰ কাকতত এখন সাপ্তাহিক স্তম্ভ লিখিছিল। তেওঁৰ কবিতা আমেৰিকা যুক্তৰাষ্ট্ৰৰপৰা প্ৰকাশিত এনথ’লজী অৱ কনটেম্পৰাৰী ইণ্ডিয়ান পয়েট্ৰিতো অন্তৰ্ভুক্ত কৰা হৈছে।৩

২০১৭ চনৰ ২৯ জুলাইত ৭৬ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।৪

কৰ্মৰাজি

কবিতা

  • ফিক্স (১৯৭৯)
  • ৱমেন ইন ডাচ পেইণ্টিং (১৯৮৮)
  • ৱেইজ অৱ বিলংগিং (১৯৯০)
  • চিলেক্টেড এণ্ড নিউ পয়েমছ (১৯৯৪)
  • এ নেকলেচ অৱ স্কালছ (২০০৯)
  • লাৰ্ণ ফ্ৰম দ্য আলমণ্ড লিফ (২০১৬)

উপন্যাস

  • ডেঞ্জাৰলক (২০০১)
  • দেৱ এণ্ড চিমৰাণ: এ নোভেল (২০০৩)

সাক্ষাৎকাৰ

  • কনভাৰচেচনছ উইথ ইণ্ডিয়ান পয়েটছ (২০০১)

সম্পাদিত গ্ৰন্থ

  • নাইন ইণ্ডিয়ান ৱমেন পয়েটছ: এন এনথ'লজী (২০০১)
  • ১০১ ফ'কটেইলছ ফ্ৰম ইণ্ডিয়া (২০০৪)
  • পৰ্দা: এন এনথ'লজী (২০০৪)
  • ৱমেনছ ভইচেছ: চিলেকচনছ ফ্ৰম নাইনটিনথ এণ্ড আৰ্লি টুৱেণ্টিথ চেঞ্চুৰী ইণ্ডিয়ান ৰাইটিং ইন ইংলিছ (২০০৪)
  • আৰ্লি ইণ্ডিয়ান পয়েট্ৰি ইন ইংলিছ: এন এনথ'লজী ১৮২৯-১৯৪৭ (২০০৫)
  • দ্য সত্যনাথন ফেমিলী এলবাম (২০০৫)
  • দিজ মাই ৱৰ্ডছ: দ্য পেংগুইন বুক অৱ ইণ্ডিয়ান পয়েট্ৰি (২০১২)

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ EUNICE DE SOUZA. arlindo-correia.com
  2. ↑ The Wondering Minstrels (Poet)
  3. ↑ Anthology of Contemporary Indian Poetry. BigBridge.Org
  4. ↑ (29 July 2020). Remembering Aunty Nonie

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকভাৰতীয় মহিলা কবিলেখিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইউনিচ ডি চুজা” প্ৰবন্ধৰ সংশোধন ৫৯৭৭৭৭ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।