খালিদাহ আদিবাহ বিন্টি আমিন (ইংৰাজী ভাষা: Khalidah Adibah binti Amin; জন্ম ১৯ ফেব্ৰুৱাৰী ১৯৩৬), যি পেছাদাৰীভাৱে আদিবাহ আমিন নামেৰে পৰিচিত, এগৰাকী মালয়েছিয়ান লেখিকা, স্তম্ভলেখক, শিক্ষয়িত্ৰী, অনুবাদক আৰু অভিনেত্ৰী।১
জীৱনী
আদিবাহ আমিনৰ জন্ম জোহৰ বাহৰুত হৈছে। তেওঁ স্বাধীনতা সংগ্ৰামী তান শ্ৰী জাইনন চুলেমানৰ কন্যা আছিল। তেওঁ ১৯৫৭ চনত মালয় বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৫৮ চনৰ পৰা ১৯৬১ চনলৈ তেওঁ কুৱালালামপুৰৰ মালয় গাৰ্লছ কলেজত মালয় আৰু ইংৰাজী ভাষাৰ শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ জালান কোলাম আয়েৰ স্কুলৰ প্ৰথমগৰাকী প্ৰধান শিক্ষয়িত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে।
তেওঁ ১৯৭১ চনৰ পৰা ১৯৮৪ চনলৈ 'নিউ ষ্ট্ৰেইটছ টাইমছ' আৰু ১৯৯০-ৰ দশকত 'দ্য ষ্টাৰ' নামৰ বাতৰি কাকতত সাংবাদিক হিচাপে কাম কৰিছিল। ১৯৭০ আৰু ৮০-ৰ দশকত তেওঁ 'নিউ ষ্ট্ৰেইটছ টাইমছ'ত শ্ৰী ডালিমা ছদ্মনামত এটা স্তম্ভ লিখিছিল, যিটো পঢ়ুৱৈৰ মাজত অতি জনপ্ৰিয় আছিল। এই স্তম্ভসমূহ ২০০৯ চনত কিতাপ আকাৰে পুনৰ প্ৰকাশ কৰা হয়।২
সাহিত্যিক কেৰিয়াৰ
আমিনে মালয় ভাষাত তিনিখন উপন্যাস লিখিছে: বাংচাৱান টুলেন (১৯৫০), চেৰোজা মাছিহ ডি কোলাম (১৯৭২) আৰু টেম্পাট জাটূহ লাগি ডি কেনাং (১৯৮৫)। ইয়াৰ উপৰিও তেওঁ ২০০ তকৈও অধিক অনাতাঁৰ নাটক আৰু চুটিগল্প লিখিছে।২ ২০০৬ চনত তেওঁৰ ইংৰাজী উপন্যাস দিচ এণ্ড অৱ দ্য ৰেইনবো প্ৰকাশ পায়।৩
তেওঁ শাহনন আহমেদৰ নো হাৰভেষ্ট বাট এ থৰ্ণ আৰু কেৰিচ মাচৰ জাংগল অৱ হোপ নামৰ গ্ৰন্থ দুখন মালয় ভাষাৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিছিল। অভিনেত্ৰী হিচাপে তেওঁ তিনিখন চলচ্চিত্ৰত অভিনয় কৰিছে: আডিক মাঞ্জা (১৯৮০), হাটি বুকান ক্ৰিষ্টাল (১৯৮৯) আৰু মাট সোম (১৯৯০)।
২০০৮ চনত আমিন ষ্ট্ৰোকত আক্ৰান্ত হয়। তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে বৰ্তমান তেওঁ কাম কৰিবলৈ অপৰাগ। ২০২৪ চনৰ ৭ জুনত তেওঁক ৰাষ্ট্ৰীয় সাংবাদিকতাৰ বৰেণ্য ব্যক্তি হিচাপে সন্মানিত কৰা হয়।
বঁটা আৰু সন্মান
- শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী — মালয়েছিয়া চলচ্চিত্ৰ মহোৎসৱ (১৯৮০), আডিক মাঞ্জা ছবিৰ বাবে।
- এছ ই এ ৰাইট এৱাৰ্ড — থাইলেণ্ড (১৯৮৩)
- ৰাষ্ট্ৰীয় অনুবাদক বঁটা (২০১২)
- ৰাষ্ট্ৰীয় সাংবাদিকতা বৰেণ্য সন্মান — মালয়েছিয়ান প্ৰেছ ইনষ্টিটিউট (২০২৩)
তথ্যসূত্ৰ
- ↑ From Zero to Hero. This End of the Rainbow
- ↑ As I was Passing by Adibah Amin. Taylor's Library
- ↑ Amin, Adibah. (2006). This End of the Rainbow: A Novel. Phoenix Press. ISBN 978-983-42627-6-1
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আদিবাহ আমিন” প্ৰবন্ধৰ সংশোধন ৫৮৫৩৩৮ (৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।