লেখিকা
২৭৫ প্ৰবন্ধ
-
ইৰিনা ছিলিক
ইৰিনা ছিলিক (ইউক্ৰেইনীয়: Ірина Цілик; জন্ম ১৮ নৱেম্বৰ ১৯৮২) ইউক্ৰেইনীয় চলচ্চিত্ৰ নিৰ্মাতা আৰু লেখিকা, ইউৰোপীয় চলচ্চিত্ৰ একাডেমী, ইউক্ৰেইনীয়ৰ সদস্য পেন ইণ্টাৰনেশ্যনেল। ২০২০ চনত "The Earth Is Blue as an Orange" ছবিখনৰ বাবে “পৰিচালনা বঁটা: বিশ্ব চিনেমা তথ্যচিত্ৰ”ৰ বিজয়ী ছাণ্ডেন্স চলচ্চিত্ৰ মহোৎসৱ।
-
উটাকো হানাজোনো
উটাকো হানাজোনো (Utako Hanazono; জানুৱাৰী ১৯০৫ – ১৯৮২) আছিল এগৰাকী জাপানী লেখিকা, আধুনিক নৃত্যশিল্পী, গেইছা আৰু তেওঁৰ পিছৰ বছৰবোৰত টামাই হানাজোনো নামৰ জাপানীজ পৰম্পৰাগত নৃত্যৰ মাষ্টাৰ।
-
উন চিঅ’ চান
উন চিঅ’ চান মাকাউৰ এগৰাকী চীনা কবি আৰু লেখিকা। তেওঁৰ কবিতাৰ ছয়খন সংকলন প্ৰকাশ পাইছে। তেওঁৰ সাহিত্যিক কৰ্মৰাজিয়ে চীনৰ উদ্বোধনী 'নিউ ষ্টাৰ–পিপলছ লিটাৰেচাৰ প্ৰাইজ ফৰ পয়েট্ৰি' আৰু 'হেনৰী লুচ ফাউণ্ডেচন চাইনীজ পয়েট্ৰি ফেল’শ্বিপ'সহ কেইবাটাও সন্মান লাভ কৰিছে।
-
উমা ভট্ট
উমা ভট্ট (জন্ম ১৯৫২) এগৰাকী ভাৰতীয় শিক্ষাবিদ, লেখিকা আৰু মহিলাকেন্দ্ৰিক আলোচনী উত্তৰাৰ প্ৰতিষ্ঠাতা-সম্পাদক। তেওঁ নিজৰ গৃহৰাজ্য উত্তৰাখণ্ডৰ ৰাজনৈতিক আৰু সামাজিক বিষয়ত সক্ৰিয়ভাৱে জড়িত।
-
উষা যাদৱ (লেখিকা)
উষা যাদৱ এগৰাকী ভাৰতীয় শিক্ষাবিদ, সমসাময়িক হিন্দী সাহিত্যৰ লেখিকা আৰু পদ্মশ্ৰী বঁটা প্ৰাপক। তেওঁ আগ্ৰাৰ কেন্দ্ৰীয় হিন্দী প্ৰতিষ্ঠান, ড° ভীমৰাও আম্বেদকাৰ বিশ্ববিদ্যালয় আৰু কানহাইয়ালাল মাণিকলাল মুন্সী হিন্দী প্ৰতিষ্ঠানৰ অনুষদ সদস্য আছিল।
-
উষা শেৰচন
উষা শেৰচন (জন্ম: ২২ আগষ্ট ১৯৫৫) এগৰাকী নেপালী কবি, গীতিকাৰ আৰু লেখিকা। তেওঁ তিনিখন কবিতা সংকলন, এখন চুটি গল্প সংকলন আৰু এখন উপন্যাস প্ৰকাশ কৰিছে। লগতে তেওঁ পাঁচটা সংগীত এলবামৰ বাবে গীত ৰচনা কৰিছে। তেওঁৰ কবিতা আৰু গল্পসমূহত সামাজিক বিষয় আৰু নাৰীবাদী চিন্তাধাৰাৰ প্ৰতিফলন দেখা যায়।
-
উৰ্বশী বৈদ
উৰ্বশী বৈদ ( ইংৰাজী: Urvashi Vaid; ৮ অক্টোবৰ, ১৯৫৮ – ১৪ মে', ২০২২) এগৰাকী ভাৰতীয়-আমেৰিকান উকীল আৰু লেখিকা। তেওঁ লিংগ আৰু যৌনতা আইন বিশেষজ্ঞ হিচাপে সামাজিক ন্যায়ৰ নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত পৰামৰ্শদাতা আছিল।
-
এইচ. এছ. মুক্তায়াক্কা
এইচ. এছ. মুক্তায়াক্কা (ইংৰাজী: H. S. Mukthayakka) কন্নড় ভাষাৰ এগৰাকী লেখিকা। তেওঁ কন্নড় সাহিত্যত আধুনিক মহিলা কবিতাৰ এগৰাকী অগ্ৰণী শিল্পী। তেওঁ প্ৰয়াত কবি শান্তৰসৰ কন্যা।
-
এঞ্জেলা বিয়াঞ্চিনি
এঞ্জেলা বিয়াঞ্চিনি ( ২১ এপ্ৰিল ১৯২১ – ২৭ অক্টোবৰ ২০১৮) ইহুদী বংশৰ এজন ইটালীয় কল্পকাহিনী লেখক আৰু সাহিত্য সমালোচক আছিল। ইটালীত ডাঙৰ-দীঘল হোৱা এঞ্জেলাই মুছলিনীৰ মুকলিকৈ ইহুদী বিৰোধী বৰ্ণ আইন প্ৰণয়ন হোৱাৰ পিছত ১৯৪১ চনত আমেৰিকালৈ প্ৰব্ৰজন কৰে।
-
এডি এল বালো
এডি লুচিয়া বালো (Addie L. Ballou; ২৯ এপ্ৰিল, ১৮৩৮ – ১০ আগষ্ট, ১৯১৬)এগৰাকী আমেৰিকান ভোটাধিকাৰী, কবি, শিল্পী, লেখক আৰু প্ৰবক্তা আছিল। বালোৱে আধ্যাত্মিকতাবাদী আন্দোলনত লেখক আৰু প্ৰবক্তা হিচাপে সক্ৰিয় অংশগ্ৰহণ কৰিছিল। তেওঁৰ সংস্কাৰ আৰু দানশীলতাৰ আগ্ৰহৰ ভিতৰত আছিল কাৰাগাৰ, দুৰ্ভগীয়া আৰু পতিত মহিলা।
-
এন এইচ ডিনি
নূৰহায়তী শ্ৰীহাৰ্দিনী ছিতি নুকাটিন কফিন (ইংৰাজী: Nurhayati Srihardini Siti Nukatin Coffin; জন্ম: ২৯ ফেব্ৰুৱাৰী ১৯৩৬ – ৪ ডিচেম্বৰ ২০১৮), তেওঁৰ ছদ্মনাম এন এইচ ডিনি হিচাপেই অধিক পৰিচিত, এগৰাকী ইণ্ডোনেছিয়ান ঔপন্যাসিক আৰু নাৰীবাদী আছিল।
-
এনাবেল নীলছন
আয়োনা এনাবেল নীলছন (ইংৰাজী: Iona Annabelle Neilson; পূৰ্বে ৰথচাইল্ড; ৩১ মাৰ্চ ১৯৬৯ – ১২ জুলাই ২০১৮) আছিল এগৰাকী ব্ৰিটিছ ছচিয়েলিট, ফেশ্বন মডেল, লেখিকা আৰু টেলিভিছন ব্যক্তিত্ব। ফেশ্বন ডিজাইনাৰ আলেকজেণ্ডাৰ মেককুইনৰ অনুপ্ৰেৰণা হিচাপে তেওঁ প্ৰথমে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছিল।
-
এমিলিয়া ক্লাৰ্ক
এমিলিয়া ক্লাৰ্ক (Emilia Clarke; জন্ম: ২৩ অক্টোবৰ ১৯৮৬) এগৰাকী ইংৰাজ অভিনেত্ৰী। এইচবিঅ’ৰ ফেণ্টাচী ধাৰাবাহিক গেম অফ থ্ৰোনছ (২০১১–২০১৯)-ত ডেনৰিছ টাৰ্গেৰিয়ান চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ অধিক পৰিচিত। এই চৰিত্ৰটোৰ বাবে তেওঁ চাৰিবাৰকৈ প্ৰাইমটাইম এমি বঁটাৰ মনোনয়ন লাভ কৰিছিল।
-
এমিলী গিলম’ৰ অল্ডেন
এমিলী গিলম’ৰ অল্ডেন (ইংৰাজী: Emily Gillmore Alden; ছদ্মনাম: ই. জি. এ.; ২১ জানুৱাৰী, ১৮৩৪ – ৬ জুন, ১৯১৪) এগৰাকী আমেৰিকান লেখিকা আৰু শিক্ষাবিদ আছিল। চল্লিছ বছৰ ধৰি অল্ডেন মণ্টিচেলো চেমিনাৰীৰ অনুষদৰ সদস্য আছিল আৰু প্ৰায় পঞ্চাশ বছৰ ধৰি তেওঁ বিদ্যালয়খনৰ কবি আছিল।
-
এম্বাৰ টেম্বলিন
এম্বাৰ ৰ'জ টেম্বলিন (জন্ম ১৪ মে', ১৯৮৩) এজনী আমেৰিকান অভিনেত্ৰী আৰু লেখিকা। তেওঁ ১১ বছৰ বয়সত ছপ অপেৰা জেনেৰেল হস্পিটেলত এমিলি কুৱাৰ্টাৰমেইন চৰিত্ৰত অভিনয় কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিতি লাভ কৰে।
-
এলিছ কলাৰ
এলিছ কলাৰ (১৩ ছেপ্টেম্বৰ, ১৯২৫ – ২১ জুলাই, ২০২০) আছিল এগৰাকী আমেৰিকান লেখিকা আৰু শিক্ষাবিদ।
-
এলিছন কাফেৰ
এলিছন কাফেৰ এগৰাকী আমেৰিকান একাডেমিক যিয়ে নাৰীবাদী, কুইয়াৰ, আৰু অক্ষমতা তত্ত্বৰ বিশেষজ্ঞ। ২০১৯ চনৰ হিচাপত তেওঁ অষ্টিনৰ টেক্সাছ বিশ্ববিদ্যালয়ৰ নাৰীবাদী অধ্যয়নৰ সহযোগী অধ্যাপিকা। তেওঁ ফেমিনিষ্ট, কুইয়াৰ, ক্ৰিপ নামৰ কিতাপখনৰ লেখিকা।
-
এলিছন ব্ৰী
এলিছন ব্ৰী শ্বাৰমাৰহৰ্ণ ( ইংৰাজী: Alison Brie Schermerhorn; জন্ম: ২৯ ডিচেম্বৰ, ১৯৮২) এগৰাকী আমেৰিকান অভিনেত্ৰী, লেখিকা আৰু প্ৰযোজক। তেওঁ ড্ৰামা ছিৰিজ মেড মেন (২০০৭–২০১৫)ত ত্ৰুডি কেম্পবেলৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে জনপ্ৰিয়তা লাভ কৰিছিল, আৰু ছিটকাম কমিউনিটি (২০০৯–২০১৫)ত এনি এডিছনৰ চৰিত্ৰত অভিনয় কৰি…
-
এলিজাবেথ হোমছ (লেখিকা)
এলিজাবেথ হোমছ (জন্ম ১৯৮০), কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত অৱস্থিত এগৰাকী আমেৰিকান লেখিকা আৰু সাংবাদিক। ব্ৰিটিছ ৰয়েল ষ্টাইল আৰু ফেশ্বন বাৰ্তাৰ কভাৰেজৰ বাবে তেওঁ পৰিচিত, তেওঁৰ বেষ্টচেলাৰ প্ৰথম কিতাপ এইচ আৰ এইচ: ছ' মেনি থ'টছ অন ৰয়েল ষ্টাইল ২০২০ চনৰ নৱেম্বৰ মাহত প্ৰকাশ পায়, তেওঁৰ লেখা দ্য নিউয়ৰ্ক টাইমছ,…
-
এলিদা আমিগো ই মন্তান্যা
এলিদা আমিগো ই মন্তান্যা (ইংৰাজী: Elida Amigó i Montanya; ৫ ছেপ্তেম্বৰ ১৯৩৫ – ৯ ছেপ্তেম্বৰ ২০২০) এণ্ডোৰাৰ এগৰাকী ইতিহাসবিদ, আৰ্কাইভিষ্ট, কৰ্মী আৰু ভোটাধিকাৰী আছিল। তেওঁ ১৯৭০ চনত এণ্ডোৰান মহিলাসকলক ভোটাধিকাৰ লাভ কৰিবলৈ সহায় কৰা নাৰীবাদী আন্দোলনৰ নেত্ৰী আছিল।
-
এলিন ব্ৰিয়েম
এলিন ৰানভেইগ ব্ৰিয়েম (১৯ অক্টোবৰ ১৮৫৬ – ৪ ডিচেম্বৰ ১৯৩৭) আইচলেণ্ডৰ এগৰাকী শিক্ষয়িত্ৰী আৰু লেখিকা আছিল, যিয়ে ১৮৮৯ চনত আইচলেণ্ডৰ আটাইতকৈ জনপ্ৰিয় কিতাপসমূহৰ ভিতৰত এখন Kvennafræðarinn (দ্য ৱুমেন্ছ ইনষ্ট্ৰাক্টৰ) প্ৰকাশ কৰিছিল।
-
এষ্টাৰ ইজেৱেৰে
এষ্টাৰ ইজেৱেৰে (Esther Ijewere) কানাডাত থকা নাইজেৰিয়ান সংবাদ মাধ্যম আৰু যোগাযোগ বিশেষজ্ঞ, লেখিকা, মহিলা আৰু শিশুৰ অধিকাৰৰ সমৰ্থক। ইয়াৰ উপৰিও তেওঁ দ্য গাৰ্ডিয়ানৰ স্তম্ভলেখক আৰু বিভিন্ন পটভূমিৰ মহিলাসকলক সবলীকৰণ আৰু উদযাপনৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ সংস্থা উইমেন অৱ ৰুবিজৰ চিইঅ’ হিচাপেও কাম কৰে।
-
কমলা লক্ষ্মণ
কমলা লক্ষ্মণ শিশু গ্ৰন্থৰ এগৰাকী ভাৰতীয় লেখিকা আৰু কাৰ্টুনিষ্ট আৰ কে লক্ষ্মণৰ পত্নী আছিল।
-
কল্পনা শ্বাহ
কল্পনা শ্বাহ (জন্ম ৩০ নৱেম্বৰ ১৯৪৮) এগৰাকী ভাৰতীয় শাৰী পৰিধান বিশেষজ্ঞ, শৈলী বিশেষজ্ঞ, লেখিকা আৰু উদ্যমী। তেওঁ ভাৰতৰ মুম্বাইৰ অল্টামাউণ্ট ৰোডত বাস কৰে। ১৯৮৫ চনৰপৰা তেওঁ শাৰী পৰিধানৰ কলা চৰ্চা কৰি আহিছে।
-
কুইণ্টা ব্ৰানছন
কুইণ্টা ব্ৰানছন (জন্ম: ২১ ডিচেম্বৰ ১৯৮৯) এগৰাকী আমেৰিকান অভিনেত্ৰী, কৌতুক অভিনেতা, লেখিকা আৰু প্ৰযোজক। তেওঁ এবিচি কমেডী ধাৰাবাহিক এৰট এলিমেণ্টৰী (২০২১–বৰ্তমান)-ৰ স্ৰষ্টা, কাৰ্যবাহী প্ৰযোজক আৰু সহ-লেখিকা। এই ধাৰাবাহিকখনত তেওঁ দ্বিতীয় শ্ৰেণীৰ শিক্ষয়িত্ৰী জেনিন টিগছৰ চৰিত্ৰত অভিনয় কৰিছে।
-
কুট্টি ৰেৱতী
এছ ৰেৱতী (ছদ্মনাম: কুট্টি ৰেৱতী; জন্ম ১৯৭৪) হৈছে এগৰাকী ভাৰতীয় গীতিকাৰ, কবি, সক্ৰিয়তাবাদী আৰু চিকিৎসক। তেওঁ তিনিখন কবিতাৰ কিতাপ প্ৰকাশ কৰিছে আৰু মহিলা লেখকৰ বাবে প্ৰকাশিত সাহিত্যিক ত্ৰৈমাসিক পত্ৰিকা পানিক্কুদমৰ সম্পাদক, যি প্ৰথম তামিল নাৰীবাদী পত্ৰিকাও।
-
কুমুদিনী বসু
কুমুদিনী বসু (জন্ম:১৮৭৩ আৰু মৃত্যু:১৯৪২চন ) আছিল ব্ৰিটিছ শাসনকালৰ ভাৰতৰ এগৰাকী বঙালী লেখিকা, সমাজ সংস্কাৰক, স্বাধীনতা সংগ্ৰামী আৰু মহিলা অধিকাৰ কৰ্মী।
-
কুলি কোহলী
ডাঃ কুলি কোহলী (ইংৰাজী: Dr. Kuli Kohli; জন্ম: ১৯৭০) এগৰাকী পঞ্জাবী বংশোদ্ভৱ ভাৰতীয়-ব্ৰিটিছ বিশেষভাৱে সক্ষম লেখিকা, কবি, সামাজিক সক্ৰিয় কৰ্মী আৰু উলভাৰহেম্পটন পৌৰ নিগমৰ কৰ্মচাৰী। তেওঁ নিজৰ সাহিত্যিক কৰ্মৰাজিৰ বাবে পৰিচিত আৰু কেইবাটাও লাইভ অনুষ্ঠান পৰিৱেশন কৰিছে।
-
কৃষ্ণা নেহৰু
কৃষ্ণা নেহৰু হুথিছিং (২ নৱেম্বৰ ১৯০৭ – ৯ নৱেম্বৰ ১৯৬৭) এগৰাকী ভাৰতীয় লেখক, জৱাহৰলাল নেহৰু আৰু বিজয়লক্ষ্মী পণ্ডিতৰ কনিষ্ঠা ভগ্নী আৰু নেহৰু-গান্ধী পৰিয়ালৰ অংশ।
-
কৃষ্ণা বসু
কৃষ্ণা বসু (Krishna Bose, ২৬ ডিচেম্বৰ ১৯৩০ – ২২ ফেব্ৰুৱাৰী ২০২০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, শিক্ষাবিদ, লেখক আৰু সমাজকৰ্মী আছিল। পশ্চিম বংগৰ যাদৱপুৰ সমষ্টিৰ পৰা সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে তেওঁ সংসদলৈ নিৰ্বাচিত হৈছিল।