মাৰাঠী চলচ্চিত্ৰৰ অভিনেত্ৰী
৩১ প্ৰবন্ধ
-
নন্দিতা দাস
নন্দিতা দাস (Nandita Das, জন্ম ৭ নৱেম্বৰ ১৯৬৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু চলচ্চিত্ৰ পৰিচালক। তেওঁ দহটা ভিন্ন ভাষাত ৪০ খনতকৈও অধিক ফিচাৰ ফিল্মত অভিনয় কৰিছে।
-
উৰ্মিলা মাটোণ্ডকাৰ
উৰ্মিলা মাটোণ্ডকাৰ ( Urmila Matondkar; জন্ম: ৪ ফেব্ৰুৱাৰী ১৯৭৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ। মূলতঃ হিন্দী ছবিৰ কামৰ বাবে পৰিচিত মাটোণ্ডকাৰে তেলেগু, মালয়ালম, মাৰাঠী আৰু তামিল ছবিৰ উপৰিও ফিল্মফেয়াৰ আৰু নন্দী বঁটাকে ধৰি বহু বঁটা-বাহন লাভ কৰিছে।
-
ললিতা পাৱাৰ
ললিতা পাৱাৰ (Lalita Pawar; ১৮ এপ্ৰিল ১৯১৬ – ২৪ ফেব্ৰুৱাৰী ১৯৯৮) এগৰাকী প্ৰতিভাধৰ ভাৰতীয় অভিনেত্ৰী আছিল। পিছলৈ বিখ্যাত চৰিত্ৰাভিনেত্ৰী হিচাপে পৰিগণিত হোৱা পাৱাৰে সাতশতকৈও অধিক হিন্দী, মাৰাঠী আৰু গুজৰাটী চলচ্চিত্ৰত অভিনয় কৰিছে।
-
সুহাসিনী মুলে
সুহাসিনী মুলে (Suhasini Muley; জন্ম: ২০ নৱেম্বৰ ১৯৫০) অসমীয়া, হিন্দী আৰু মাৰাঠী ছবিৰ লগতে টেলিভিছনৰ অভিনেত্ৰী। তেওঁ পাঁচটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। জাহ্নু বৰুৱাৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ অপৰূপা মূল নাৰী চৰিত্ৰটো মুলেই ৰূপায়ণ কৰিছিল।
-
উষা কিৰণ
উষা কিৰণ (Usha Kiran; ২২ এপ্ৰিল ১৯২৯-৯ মাৰ্চ ২০০০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। চাৰি দশক জোৰা অভিনয় জীৱনত তেওঁ ৩০০খনৰো অধিক হিন্দী, গুজৰাটী আৰু মাৰাঠী ভাষাৰ ছবিত অভিনয় কৰিছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য দাগ (১৯৫২),পাতিলা (১৯৫৩),বাদবান (১৯৫৪),বাৱৰ্চী (১৯৭২)চুপকে চুপকে (১৯৭৫), আৰু মিলি (১৯৭৫)।
-
ছায়া কদম
ছায়া কদম'(Chhaya Kadam) এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁ প্ৰধানকৈ মাৰাঠী আৰু হিন্দী ছবিত অভিনয় কৰে। নাগৰাজ মঞ্জুলেৰ ছবি ফাণ্ড্ৰি (২০১৩), ছাইৰাট (২০১৬)কেপ্ৰমুখ্য কৰি ঝুণ্ড (২০২২), ৰেডু (২০১৮), নুড (Nude) (২০১৮) আৰু একাধিক মাৰাঠী ছবিত তেওঁ অভিনয় কৰিছে।নুড ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ…
-
মুন মুন সেন
মুন মুন সেন, মুনমুন সেন ( Moon Moon Sen, জন্ম: শ্ৰীমতী সেন; ২৮ মাৰ্চ ১৯৫৪), এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী, বাংলা, মালায়ালম, কানাড়া, তেলেগু, তামিল, আৰু মাৰাঠী ছবিত কৰা অভিনয়-কৰ্মৰ বাবে পৰিচিত। তেওঁ ৬০খন ছবি আৰু ৪০খন টেলিভিছন ধাৰাবাহিকত অভিনয় কৰিছে।
-
অম্ৰুতা সুভাষ
অম্ৰুতা (Amruta Subhash ) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মাৰাঠী আৰু হিন্দী চলচ্চিত্ৰ, টেলিভিছন, আৰু থিয়েটাৰত কাম কৰে। তেওঁ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক।[4] অম্ৰুতাই কেইবাটাও বঁটা লাভ কৰিছে, তাৰ ভিতৰত আছে- এটা শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা,[5] দুটা…
-
তন্বী আজমী
তন্বী আজমী (Baljinder Kaur) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। “অকেলে হম অকেলে তুম” (১৯৯৫), “বাজীৰাও মস্তানী” (২০১৫), “থাপ্পড়” (২০২০) আৰু “ত্ৰিভংগা” (২০২১) ছবিৰ বাবে তেওঁ পৰিচিত।
-
পল্লৱী যোশী
পল্লৱী যোশী (Pallavi Joshi; জন্ম: ৪ এপ্ৰিল ১৯৬৯) এগৰাকী ভাৰতীয় অভিনয় শিল্পী, লেখক আৰু চলচ্চিত্ৰ প্ৰযোজক, যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰ আৰু টেলিভিছনত কাম কৰে।
-
শুভা খোটে
শুভা বালসাৱৰ (Shubha Balsavar Khote; জন্ম: খোটে, ৩০ আগষ্ট ১৯৩৭) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। কেইবাখনো হিন্দী আৰু কিছু সংখ্যক মাৰাঠী ভাষাৰ ছবিত কাম কৰিছে। তেওঁ সাঁতোৰ আৰু চাইক্লিঙৰ প্ৰাক্তন মহিলা ৰাষ্ট্ৰীয় চেম্পিয়ন।
-
সুলভা দেশপাণ্ডে
সুলভা দেশপাণ্ডে ( Sulabha Deshpande; ১৯৩৭ – ৪ জুন ২০১১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নাট পৰিচালক আছিল। মুম্বাইৰ মাৰাঠী আৰু হিন্দী থিয়েটাৰৰ উপৰিও ৭৩খনতকৈও অধিক মূলসুঁতিৰ বলীউডৰ ছবিত অভিনয় কৰিছে।
-
অলকা কুবাল
অলকা কুবাল (Alka Kubal; জন্ম: ২৩ ছেপ্টেম্বৰ ১৯৬৩) ভাৰতৰ মুম্বাইৰ এগৰাকী মাৰাঠী চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ ১০০ খনতকৈও অধিক মাৰাঠী আৰু কিছু সংখ্যক হিন্দী ছবিত কাম কৰিছে। তেওঁৰ ছবি মাহেৰচী সাদীয়ে তেওঁক মহাৰাষ্ট্ৰত ঘৰুৱা নাম কৰি তুলিছিল।
-
অশ্বিনী ভাৱে
অশ্বিনী ভাৱে (Ashwini Bhave; জন্ম: ৭ মেʼ ১৯৬৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰযোজক। তেওঁ মাৰাঠী, হিন্দী, আৰু কন্নড় চলচ্চিত্ৰৰ লগতে হিন্দী টেলিভিছনত তেওঁৰ কামৰ বাবে পৰিচিত।
-
উত্তৰা বাওকৰ
উত্তৰা বাওকৰ (Uttara Baokar; ৫ আগষ্ট ১৯৪৪ – ১২ এপ্ৰিল ২০২৩) এগৰাকী ভাৰতীয় মঞ্চ, চলচ্চিত্ৰ, আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ কেইবাখনো উল্লেখযোগ্য নাটকত অভিনয় কৰিছিল।
-
কায়াডু লোহাৰ
কায়াডু লোহাৰ (Kayadu Lohar; জন্ম: ১১ এপ্ৰিল ২০০০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ কন্নড় ছবি মুগিলপেট (২০২১)ত অভিনয়েৰে ছবিজগতত আত্মপ্ৰকাশ কৰে।
-
জয়ন্তী (অভিনেত্ৰী)
কমলা কুমাৰী (Kamala Kumari; ৬ জানুৱাৰী ১৯৪৫ – ২৬ জুলাই ২০২১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল, যাক মঞ্চনাম জয়ন্তী বুলি জনা যায়। তেওঁ মূলতঃ কানাড়ী আৰু তেলুগু চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত। ১৯৬০, ১৯৭০ আৰু ১৯৮০ দশকৰ আগডোখৰলৈ চলচ্চিত্ৰত বিভিন্ন শৈলীত তেওঁৰ যোগদানৰ বাবে বিশেষভাবে খ্যাতি অৰ্জন কৰিছিল।
-
পৰ্ণ পেথে
পৰ্ণ পেথে (Parna Pethe) বহু মাৰাঠী ছবি আৰু পৰীক্ষামূলক নাটকত অভিনয় এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী।
-
ভাৰতী আচৰেকৰ
ভাৰতী আচৰেকৰ ( Bharati Achrekar; ১৫ অক্টোবৰ ১৯৫৭) এগৰাকী মাৰাঠী আৰু হিন্দী থিয়েটাৰ, চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ বহুকেইখন চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও দূৰদৰ্শন ধাৰাবাহিক ‘ৱাগলে কি দুনিয়াৰ মিচেছ ৱাগলে’ চৰিত্ৰটোত ৰূপায়ণ কৰি প্ৰখ্যাত হৈছিল।
-
লক্ষ্মী ছায়া
লক্ষ্মী ছায়া ( Laxmi Chhaya; ৭ জানুৱাৰী ১৯৪৮ – ৯ মে' ২০০৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী আৰু শিক্ষয়িত্ৰী, তেওঁ ৰূপায়ণ কৰা বিশিষ্ট চৰিত্ৰ আৰু হিন্দী ছবিত অভিনয়ৰ বাবে পৰিচিত আছিল। শিশু অভিনেতা হিচাপে বহুতো ছবিত অভিনয় কৰাৰ পিছত ছায়াই হৰৰ ছবি গুমনামত (১৯৬৫) দেখা দিছিল।
-
সুলোচনা লাটকৰ
সুলোচনা লাটকৰ (জন্ম: ৰংগু দিৱান ; Sulochana Latkar; ৩০ জুলাই ১৯২৮ – ৪ জুন ২০২৩), মাৰাঠী আৰু হিন্দী চলচ্চিত্ৰৰ এগৰাকী অভিনেত্ৰী আছিল, যাক পৰ্দাৰ নাম সুলোচনা নামেৰে অধিক পৰিচিত। তেওঁ মাৰাঠী ভাষাত ৫০খন ছবি আৰু হিন্দী ভাষাত প্ৰায় ২৫০খন ছবিত অভিনয় কৰিছিল।
-
ৰাজশ্ৰী দেশপাণ্ডে
ৰাজশ্ৰী দেশপাণ্ডে (ইংৰাজী: Rajshri Deshpande) এগৰাকী ভাৰতীয় অভিনেত্ৰী। পান নলিনৰ নাট্যধৰ্মী চলচ্চিত্ৰ এংগ্ৰী ইণ্ডিয়ান গডেছেছত আগবঢ়োৱা অভিনয়ৰ বাবে তেওঁ আন্তৰ্জাতিক স্বীকৃতি লাভ কৰিছিল।
-
অশ্বিনী একবোতে
অশ্বিনী একবোতে (২২ মাৰ্চ ১৯৭২ – ২২ অক্টোবৰ ২০১৬) এগৰাকী ভাৰতীয় থিয়েটাৰ আৰু পৰ্দা অভিনেত্ৰী আৰু এগৰাকী শাস্ত্ৰীয় নৃত্যশিল্পী। মাৰাঠী থিয়েটাৰত অভিনয় জীৱন আৰম্ভ কৰিছিল।
-
গ্ৰেচী সিং
গ্ৰেচী সিং (ইংৰাজী: Gracy Singh; জন্ম: ২০ জুলাই ১৯৮০) সিং এজন প্ৰশিক্ষিত ভাৰতনট্যম আৰু ওডিছি নৃত্যশিল্পীও।
-
জয়শ্ৰী গড়কৰ
জয়শ্ৰী গড়কৰ (ইংৰাজী: Jayshree Gadkar; জন্ম: ২১ ফেব্ৰুৱাৰী ১৯৪২ – ২৯ আগষ্ট ২০০৮) আছিল এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মাৰাঠী আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁক মাৰাঠী চলচ্চিত্ৰৰ অন্যতম শ্ৰেষ্ঠ তাৰকা হিচাপে গণ্য কৰা হয়।
-
তেজশ্ৰী প্ৰধান
তেজশ্ৰী প্ৰধান (জন্ম: ২ জুন ১৯৮৮) হৈছে এগৰাকী ভাৰতীয় দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেত্ৰী, যিয়ে একাধিক মাৰাঠী চলচ্চিত্ৰ আৰু ধাৰাবাহিকত অভিনয় কৰিছে। তেওঁ বিশেষকৈ আগ্নাবাই সাসুবাই (২০১৯), হোনাৰ সুন মি হ্যা ঘৰচি (২০১৩) আৰু ভীন দোঘানতলি হি তুটেনা (২০২৫) ধাৰাবাহিকত অভিনয় কৰা ‘শুভ্ৰা’, ‘জানহভি’ আৰু…
-
নিহাৰিকা ৰায়জাদা
নিহাৰিকা ৰায়জাদা (ইংৰাজী: Niharica Raizada; জন্ম: ১৮ এপ্ৰিল ১৯৯০) এগৰাকী লাক্সেমবাৰ্গীয় অভিনেত্ৰী। তেওঁ ২০১০ চনৰ মিছ ইণ্ডিয়া ইউকে খিতাপ জয় কৰিছিল আৰু ২০১০ চনৰ মিছ ইণ্ডিয়া ৱৰ্ল্ডৱাইডত ৰানাৰ্ছ-আপ হৈছিল। তেওঁ প্ৰাক্তন বলিউড সংগীতজ্ঞ অ' পি নায়াৰৰ নাতিনী।
-
পাখী হেগড়ে
পাখী হেগড়ে (ইংৰাজী: Pakkhi Hegde; জন্ম: ৭ জুন ১৯৭০) মুম্বাইৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ হিন্দী ধাৰাবাহিকৰ লগতে, ভোজপুৰী, তুলু মাৰাঠী, হিন্দী, পঞ্জাবী আৰু তেলুগু চলচ্চিত্ৰত অভিনয় কৰে।
-
প্ৰিয়ংকা বোস
প্ৰিয়ংকা বোস (ইংৰাজী: Priyanka Bose; জন্ম: ১৯৮০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। মঞ্চ আৰু চলচ্চিত্ৰত সক্ৰিয় প্ৰিয়ংকাক বিশেষকৈ ইটালীৰ কথাছবি গংগোৰত কৰা অভিনয়ৰ বাবে জনা যায়।
-
সায়লী সঞ্জীৱ
সায়লী সঞ্জীৱ (ইংৰাজী: Sayali Sanjeev; জন্ম: ৩১ জানুৱাৰী ১৯৯৩), যাৰ পূৰ্বৰ নাম আছিল সায়লী চান্দসৰকাৰ। তেওঁ মুম্বাইৰ এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী, যিয়ে মাৰাঠী চলচ্চিত্ৰ আৰু ধাৰাবাহিকত কাম কৰে।