অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অলকা কুবাল

অলকা কুবাল (Alka Kubal; জন্ম: ২৩ ছেপ্টেম্বৰ ১৯৬৩) ভাৰতৰ মুম্বাইৰ এগৰাকী মাৰাঠী চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ ১০০ খনতকৈও অধিক মাৰাঠী আৰু কিছু সংখ্যক হিন্দী ছবিত কাম কৰিছে। তেওঁৰ ছবি মাহেৰচী সাদীয়ে তেওঁক মহাৰাষ্ট্ৰত ঘৰুৱা নাম কৰি তুলিছিল।

হালনাগাদ: ২ এপ্ৰিল ২০২৫ ১১৮ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

অলকা কুবাল (Alka Kubal; জন্ম: ২৩ ছেপ্টেম্বৰ ১৯৬৩)১ ভাৰতৰ মুম্বাইৰ এগৰাকী মাৰাঠী চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ ১০০ খনতকৈও অধিক মাৰাঠী আৰু কিছু সংখ্যক হিন্দী ছবিত কাম কৰিছে। তেওঁৰ ছবি মাহেৰচী সাদীয়ে তেওঁক মহাৰাষ্ট্ৰত ঘৰুৱা নাম কৰি তুলিছিল। মূলসুঁতিৰ আৰু স্বতন্ত্ৰ দুয়ো ধৰণৰ ছবিতে তেওঁ প্ৰায়ে শক্তিশালী আৰু জটিল নাৰী চৰিত্ৰত অভিনয় কৰিছে। কুবালে দুবাৰকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে মহাৰাষ্ট্ৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে আৰু তিনিবাৰকৈ ফিল্মফেয়াৰ মাৰাঠী বঁটাৰ বাবে মনোনীত হয়।২

কুবালে আশী আৰু নব্বৈৰ দশকৰ আটাইতকৈ জনপ্ৰিয় মাৰাঠী অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। স্ত্ৰীধন (১৯৮৪), লেক চলালী সসৰলা (১৯৮৪), তুঝ্যাৱাচুন কৰ্মেনা (১৯৮৬), শুভা বোল নাৰ্যা (১৯৯০), মাহেৰচি সাদী (১৯৯১), ছুনা য়তি ঘৰ (১৯৯৫), কমল মাঝ্যা বাইকোচি (১৯৯৭), নৱছাচ পোৰ (১৯৯৮), আৰু দেৱকী (২০০১) আদি ছবিৰ তেওঁ অভিনয় কৰিছে।৩৪৫

তথ্যসূত্ৰ

  1. ↑ (12 June 2016). Documenting the dying tradition of travelling cinema in India. The Economic Times
  2. ↑ (22 September 2022). Actress Alka Kubal Athalye Reminded of Her Debut Film Chakra With Smita Patil. News18
  3. ↑ DhuralaPhotos - Marathi-Movies-The Times of India Photogallery. The Times of India
  4. ↑ (29 August 2023). 'सुभेदार' चित्रपटात अलका कुबल यांनी साकारली आहे प्रभावशाली भूमिका, जाणून घ्या... Loksatta
  5. ↑ (17 July 2024). Mangla Movie (2024): Cast, Trailer, OTT, Songs, Release Date · मंगला · Mangala · Exclusive 2024 - Rang Marathi. Rang Marathi

সম্পৰ্কিত শ্ৰেণী

মাৰাঠী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অলকা কুবাল” প্ৰবন্ধৰ সংশোধন ৫০১৬১৭ (২ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।