অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

উৰ্মিলা মাটোণ্ডকাৰ

উৰ্মিলা মাটোণ্ডকাৰ ( Urmila Matondkar; জন্ম: ৪ ফেব্ৰুৱাৰী ১৯৭৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ। মূলতঃ হিন্দী ছবিৰ কামৰ বাবে পৰিচিত মাটোণ্ডকাৰে তেলেগু, মালয়ালম, মাৰাঠী আৰু তামিল ছবিৰ উপৰিও ফিল্মফেয়াৰ আৰু নন্দী বঁটাকে ধৰি বহু বঁটা-বাহন লাভ কৰিছে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৩৮০ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

উৰ্মিলা মাটোণ্ডকাৰ ( Urmila Matondkar; জন্ম: ৪ ফেব্ৰুৱাৰী ১৯৭৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ।১ মূলতঃ হিন্দী ছবিৰ কামৰ বাবে পৰিচিত মাটোণ্ডকাৰে তেলেগু, মালয়ালম, মাৰাঠী আৰু তামিল ছবিৰ উপৰিও ফিল্মফেয়াৰ আৰু নন্দী বঁটাকে ধৰি বহু বঁটা-বাহন লাভ কৰিছে। পৰ্দাত এক স্বকীয় ব্যক্তিত্ব প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা অভিনেত্ৰীগৰাকী তেওঁৰ নৃত্য দক্ষতাৰ বাবেও পৰিচিত।২৩

১৯৭৭ চনৰ ছবি কৰ্মত শিশুশিল্পী ৰূপে অভিষেক ঘটাৰ পিছত৪ মাটোণ্ডকাৰে মাছুম (১৯৮৩) ছবিৰে ব্যাপক স্বীকৃতি লাভ কৰে। তাৰ পিছত তেওঁ আন কেইখনমান ছবিত অভিনয় কৰে। তেওঁ প্ৰথম মুখ্য চৰিত্ৰ অভিনয় কৰে মালয়ালম ছবি চানকিয়ানত (১৯৮৯)। হিন্দী ছবিত তেওঁৰ প্ৰথম মুখ্য চৰিত্ৰ নৰসিংহত (১৯৯১)। দুয়োখনেই ব্যৱসায়িকভাৱে সফল হয়।

সাময়িক বিপৰ্যয়ৰ পিছত মাটোণ্ডকাৰে ৰোমাঞ্চ ছবি ৰংগিলা (১৯৯৫), ড্ৰামা ছবি জুদাই (১৯৯৭), অপৰাধমূলক ছবি সত্য (১৯৯৮), ৰোমান্টিক কমেডী খুবছুৰত (১৯৯৯), আৰু থ্ৰিলাৰ জংগল (২০০০) আদিৰ জৰিয়তে নিজকে এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰে। .তেওঁ এন্থাম (১৯৯২), গায়ম (১৯৯৩),ইণ্ডিয়ান (১৯৯৬) আৰু অনাগানাগা ওকা ৰোজুত (১৯৯৭) অভিনয় কৰি তেলুগু ভাষা আৰু তামিল ভাষা চলচ্চিত্ৰতো সফলতা লাভ কৰে।৫৬ মাটোণ্ডকাৰে কেইবাখনো চাইকো-থ্ৰিলাৰ আৰু হৰৰ ছবিত ভিন্নমুখী চৰিত্ৰ অভিনয় কৰি সমালোচকৰ স্বীকৃতি পাইছে। তেনেকুৱা ছবি কেইখনমান হ’ল- কৌন (১৯৯৯), প্যাৰ তুনে ক্যা কিয়া (২০০১), ভুত (২০০৩) আৰু এক হাচিনা থী (২০০৪); য’ত তেওঁ ক্ৰমে চিৰিয়েল কিলাৰ, আবেগিক প্ৰেমিকা, ভুতগ্ৰস্থ মহিলা আৰু প্ৰতিশোধ পৰায়ণ ব্যক্তিৰ চৰিত্ৰ ৰূপায়ণ কৰিছে। এই বছৰবোৰত তেওঁ আৰ্ট-হাউছ চিনেমাৰ স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ তেহজীব (২০০৩),পিঞ্জৰ (২০০৩), মেইনে গান্ধীকো নেঁহি মাৰা আদি ছবিতো অভিনয় কৰে।৭

চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও তেওঁ বহুতো মানৱীয় কামৰ সৈতে জড়িত। মহিলা আৰু শিশুৱে সন্মুখীন হোৱা সমস্যাৰ বিষয়েও তেওঁ সৰব। কনচাৰ্ট আৰু ষ্টেজ শ্ব’ত অংশগ্ৰহণ কৰাৰ উপৰিও ঝলক দিখলা যা (২০০৭) আৰু ডি.আই.ডি. ছুপাৰ মমছকে (২০২২)ক ধৰি বিভিন্ন নৃত্য ৰিয়েলিটি শ্ব'ৰ বিচাৰক হিচাপে দায়িত্ব লৈছে।

প্ৰাৰম্ভিক জীৱন

১৯৭৪ চনৰ ৪ ফেব্ৰুৱাৰীত৮ বৰ্তমানৰ মুম্বাইৰ এটা হিন্দু মহাৰাষ্ট্ৰীয় পৰিয়ালত মাটোণ্ডকাৰৰ জন্ম হৈছিল। দেউতাক আৰু মাকৰ নাম ক্ৰমে শ্ৰীকান্ত আৰু সুনীতা মাটোণ্ডকাৰ। তেওঁ মুম্বাইৰ ডি জি ৰূপৰেল কলেজত অধ্যয়ন কৰে। ২০১৬ চনৰ ৩ মাৰ্চত কাশ্মীৰৰ ব্যৱসায়ী আৰু মডেল মহচিন আখতাৰ মীৰৰ সৈতে তেওঁৰ বিবাহ হয়।৯

ৰাজনৈতিক জীৱন

মাটোণ্ডকাৰে ২০১৯ চনৰ ২৭ মাৰ্চত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে।১০ ২০১৯ চনৰ লোকসভা নিৰ্বাচনত মুম্বাই উত্তৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাস্ত হৈছিল। ২০১৯ চনৰ ১০ ছেপ্টেম্বৰত ক্ষুদ্ৰ আভ্যন্তৰীণ ৰাজনীতিৰ অভিযোগ তুলি তেওঁ দলৰ পৰা পদত্যাগ কৰে।[84] ২০২০ চনৰ ১ ডিচেম্বৰত উদ্ধৱ থাকৰেৰ উপস্থিতিত শিৱসেনাত যোগদান কৰে।১১ শিৱসেনাই দলটোক প্ৰতিনিধিত্ব কৰিবলৈ মাৰাঠী, হিন্দীৰ লগতে ইংৰাজী ভাষাতো দখল থকা আৰু ৰাষ্ট্ৰীয়ভাৱে স্বীকৃতিপ্ৰাপ্ত মুখ আৰু কণ্ঠই দললৈ অহাতো বিচাৰছিল।১২

বঁটা

  • ২০০৪: সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা (ভুত)

তথ্যসূত্ৰ

  1. ↑ (4 February 2009). Urmila Matondkar goes underwater for her birthday. Thaindian.com
  2. ↑ (4 February 2022). From Rangeela to Pinjar, Urmila Matondkar's effortless evolution on screen. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  3. ↑ (4 February 2022). On Urmila Matondkar's birthday, here's a look at some of her best dance numbers. Firstpost
  4. ↑ Biswas, Jaya. (4 July 2017). When big stars wowed us on small screen - Times of India. The Times of India
  5. ↑ Srinivasan, V S. (16 January 1998). Rangeela Re!. Rediff.com
  6. ↑ Kulkarni, Ronjita. (2008). Bollywood's top 5, 2003: Urmila Matondkar. Rediff.com
  7. ↑ (26 May 2003). Urmila Matondkar not to rest on her laurels. দ্য হিন্দু
  8. ↑ (21 May 2001). The real Urmila
  9. ↑ (3 March 2016). CONGRATULATIONS: 'Rangeela' girl Urmila Matondkar gets MARRIED!. abplive.in
  10. ↑ PTI. (27 March 2019). Actor Urmila Matondkar meets Rahul Gandhi, joins Congress. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  11. ↑ (10 September 2019). Urmila Matondkar quits Congress citing infighting and betrayal · Mumbai News - Times of India. The Times of India
  12. ↑ Chitnis, Purva; Sanyal, Anindita. (1 December 2020). Actor Urmila Matondkar, Who Quit Congress Last Year, Joins Shiv Sena. NDTV.com

সম্পৰ্কিত শ্ৰেণী

ফিল্মফেয়াৰ বঁটা বিজয়ীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীমাৰাঠী চলচ্চিত্ৰৰ অভিনেত্ৰীমালয়ালম চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উৰ্মিলা মাটোণ্ডকাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৬০ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।