অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জয়ন্তী (অভিনেত্ৰী)

কমলা কুমাৰী (Kamala Kumari; ৬ জানুৱাৰী ১৯৪৫ – ২৬ জুলাই ২০২১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল, যাক মঞ্চনাম জয়ন্তী বুলি জনা যায়। তেওঁ মূলতঃ কানাড়ী আৰু তেলুগু চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত। ১৯৬০, ১৯৭০ আৰু ১৯৮০ দশকৰ আগডোখৰলৈ চলচ্চিত্ৰত বিভিন্ন শৈলীত তেওঁৰ যোগদানৰ বাবে বিশেষভাবে খ্যাতি অৰ্জন কৰিছিল।

হালনাগাদ: ১ মাৰ্চ ২০২৫ ১২৪ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

কমলা কুমাৰী (Kamala Kumari; ৬ জানুৱাৰী ১৯৪৫ – ২৬ জুলাই ২০২১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল, যাক মঞ্চনাম জয়ন্তী বুলি জনা যায়। তেওঁ মূলতঃ কানাড়ী আৰু তেলুগু চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত। ১ ২ ১৯৬০, ১৯৭০ আৰু ১৯৮০ দশকৰ আগডোখৰলৈ চলচ্চিত্ৰত বিভিন্ন শৈলীত তেওঁৰ যোগদানৰ বাবে বিশেষভাবে খ্যাতি অৰ্জন কৰিছিল। কানাড়া, তেলেগু, তামিল, মালয়ালম, হিন্দী আৰু মাৰাঠীকে ধৰি বিভিন্ন ভাষাৰ ৫০০ৰো অধিক ছবিত অভিনয় কৰিছে।

জয়ন্তীয়ে চাৰিবাৰ শ্ৰেষ্ঠ অভিনেত্ৰী আৰু দুবাৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ মুঠ সাতটা কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ৩ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰপতি পদক আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে দুটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। বিভিন্ন সংবাদ মাধ্যমে তেওঁক কানাড়া চিনেমাৰ "সৰ্বাধিক সাহসী আৰু সুন্দৰী" অভিনেত্ৰী হিচাপে উল্লেখ কৰিছে, যিটো উপাধিৰ বাবে তেওঁ যথেষ্ট প্ৰচাৰ লাভ কৰিছে। ৪ কানাড়া চলচ্চিত্ৰ জগতে তেওঁক "অভিনয় শৰাধে", (অভিনয়ত দেৱী শাৰদা) উপাধিৰে সন্মান জনায়।

তথ্যসূত্ৰ

  1. ↑ (26 July 2021). 'Goddess of acting' Jayanthi dies at 76. Scroll.in
  2. ↑ Kannada actor Abhinaya Sharade Jayanthi passes away at 76. The New Indian Express
  3. ↑ Ganesh, Deepa. (15 April 2011). Bold and beautiful. দ্য হিন্দু
  4. ↑ Bharadwaj, K. v Aditya. (26 July 2021). Veteran multilingual actor Jayanthi passes away at 76. দ্য হিন্দু

সম্পৰ্কিত শ্ৰেণী

কানাড়া চলচ্চিত্ৰৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীমালায়লম চলচ্চিত্ৰৰ অভিনেত্ৰীতেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰীমাৰাঠী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়ন্তী (অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৪৮৪৬৬৪ (১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।