সায়লী সঞ্জীৱ (ইংৰাজী ভাষা: Sayali Sanjeev; জন্ম: ৩১ জানুৱাৰী ১৯৯৩), যাৰ পূৰ্বৰ নাম আছিল সায়লী চান্দসৰকাৰ।১ তেওঁ মুম্বাইৰ এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী, যিয়ে মাৰাঠী চলচ্চিত্ৰ আৰু ধাৰাবাহিকত কাম কৰে। তেওঁ মাৰাঠী চলচ্চিত্ৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাকে ধৰি কেইবাটাও সন্মান লাভ কৰিছে।২ তেওঁ মাৰাঠী ভাষা ছবি পলিচ লাইনৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁ আটপদী নাইটছ (২০১৯), বাস্তা (২০২০), ঝিম্মা (২০২১), গোষ্ট এক পৈঠানিচি (২০২২), হৰ হৰ মহাদেৱ (২০২২), ঝিম্মা ২ (২০২৩) আৰু ওলে আলে (২০২৪)ৰ দৰে বহুতো সফল ছবিত অভিনয় কৰিছে।৩
কেৰিয়াৰ
সায়লী সঞ্জীৱে ২০১৬ চনত জী মাৰাঠীৰ ধাৰাবাহিক কাহে দিয়া পৰদেশৰ জৰিয়তে নিজৰ টেলিভিছন কেৰিয়াৰ আৰু একে বছৰতে পলিচ লাইন ছবিৰ জৰিয়তে চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০১৯ চনত আটপদী নাইটছ ছবিখনৰ জৰিয়তে তেওঁ বিশেষ সফলতা লাভ কৰে আৰু ইয়াৰ বাবে তেওঁ পঞ্চম ফিল্মফেয়াৰ এৱাৰ্ডছ মাৰাঠীত শ্ৰেষ্ঠ অভিনেত্ৰীৰ প্ৰথমটো মনোনয়ন লাভ কৰে।৪৫ ২০১৯ চনতে তেওঁ ৰাজশ্ৰী মাৰাঠীৰ ৫টা খণ্ডৰ ৱেব ধাৰাবাহিক ইউ টাৰ্ণৰ জৰিয়তে অ’টিটি (OTT) জগতত আত্মপ্ৰকাশ কৰে।
২০২১ চনত তেওঁ তানাজী ঘাড়গেৰ পৰিচালনাত নিৰ্মিত ছবি বাস্তাত অভিনয় কৰে, যাৰ বাবে তেওঁ ষষ্ঠ ফিল্মফেয়াৰ এৱাৰ্ডছ মাৰাঠীত একেৰাহে দ্বিতীয়বাৰৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ মনোনয়ন লাভ কৰে।৬ একে বছৰতে তেওঁ শুভমংগল অনলাইনৰ জৰিয়তে টেলিভিছনলৈ পুনৰ ঘূৰি আহে।৭ বছৰটোৰ শেষৰফালে তেওঁৰ সমালোচকৰদ্বাৰা প্ৰশংসিত আৰু ব্যাৱসায়িকভাৱে সফল ছবি ঝিম্মা মুক্তি পায়, যিখন ২০২১ চনৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী মাৰাঠী ছবি আছিল।৮
২০২২ চনত তেওঁ শান্তনু ৰোডেৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি গোষ্ট এক পৈঠানিচিত অভিনয় কৰে। এই ছবিখনত তেওঁ এগৰাকী সৰল মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু ছবিখনত তেওঁৰ সংগ্ৰামৰ কাহিনী বৰ্ণনা কৰা হৈছে। এই ছবিখনৰ বাবে তেওঁ সপ্তম ফিল্মফেয়াৰ এৱাৰ্ডছ মাৰাঠীত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে আৰু মহাৰাষ্ট্ৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ মনোনয়ন লাভ কৰে।৯১০ সেই একে বছৰতে মুক্তি পোৱা তেওঁৰ আন এখন ছবি হৰ হৰ মহাদেৱ এখন ঐতিহাসিক একচন ড্ৰামা আছিল। এই ছবিখনে বক্স অফিচত ২৫ কোটিতকৈও অধিক টকা উপাৰ্জন কৰি এক ডাঙৰ ব্যাৱসায়িক সফলতা লাভ কৰে আৰু এইখন তেওঁৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হয়।১১১২ তদুপৰি এইখন ২০২২ চনৰ তৃতীয় সৰ্বাধিক উপাৰ্জনকাৰী মাৰাঠী ছবি আছিল।১৩
২০২৩ চনত তেওঁৰ চাৰি বছৰ ধৰি পলমকৈ থকা ছবি সাতৰচা ছালমান আৰু পৰৱৰ্তী সময়ত উৰ্মি মুক্তি পায়। তেওঁ হেমন্ত ধোমেৰ সৈতে তৃতীয়বাৰৰ বাবে ঝিম্মা ২ ছবিত কাম কৰে, যিখনে সমালোচকৰ প্ৰশংসা লাভ কৰাৰ লগতে বক্স অফিচতো সফলতা লাভ কৰে। ২০২৪ চনত তেওঁ সিদ্ধাৰ্থ চাণ্ডেকাৰৰ বিপৰীতে ওলে আলে ছবিত অভিনয় কৰে, যিখন সমালোচক আৰু দৰ্শক উভয়ৰেদ্বাৰা সমাদৃত হয়।
অন্যান্য কাম
মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাই (MNS) তেওঁক তেওঁলোকৰ চলচ্চিত্ৰ শ্ৰমিক গোটৰ উপ-সভানেত্ৰী হিচাপে নিযুক্তি দিছে।১৪
তথ্যসূত্ৰ
- ↑ Who is CSK Batsman Ruturaj Gaikwad Rumored Girlfriend Marathi Actress Sayali Sanjeev, See Photos
- ↑ CSK star Ruturaj Gaikwad breaks silence over relationship with actress Sayali Sanjeev. DNA India
- ↑ Sayali Sanjeev: Movies, Photos, Videos, News, Biography & Birthday · eTimes. The Times of India
- ↑ Marathi Filmfare Awards: Nominations - Times of India. The Times of India
- ↑ सायली संजीवच्या मनमोहक अदांवर चाहते घायाळ. Loksatta
- ↑ (19 January 2021). sayalee sanjiv upcoming movie Basta will be releasing soon · सायली संजीव घेऊन आलीय लग्नाचा रंगतदार 'बस्ता' · Lokmat.com. LOKMAT
- ↑ Shubh Mangal online. loksatta.com. Loksatta
- ↑ Taran Adarsh. (17 December 2021). Despite stiff competition from #Hindi + #Hollywood films, #Marathi film #Jhimma continues to spell magic at the #BO.. The week-wise performance is simply superb.. Week 1: ₹ 2.98 cr, Week 2: ₹ 2.85 cr, Week 3: ₹ 2.61 cr, Week 4: ₹ 2.04 cr, Total: ₹ 10.48 cr. Twitter
- ↑ (22 November 2019). सायली संजीव सांगतेय 'गोष्ट एका पैठणीची'. Maharashtra Times
- ↑ Web Series: सायली संजीव, ओमप्रकाश शिंदे घेणार प्रेमाचा 'यू टर्न'. Loksatta
- ↑ Kadam, Ganesh Pandurang. Har Har Mahadev: বক্সঅফিসवर 'हर हर महादेव'ची गर्जना; अवघ्या चार दिवसांत…. Hindustan Times Marathi
- ↑ Bhosale, Divya. Box Office Report: Ram Setu, Thank God or Har Har Mahadev, which film proved to be a hit?. Asianet News
- ↑ Team, BoxOfficeBusiness. (2022-11-02). Har Har Mahadev Day 8 Box Office Collection
- ↑ मनसेच्या चित्रपट कर्मचारी सेनेच्या उपाध्यक्षपदी सायली संजीव. Maharashtra Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সায়লী সঞ্জীৱ” প্ৰবন্ধৰ সংশোধন ৬০২৭৩৫ (২৬ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।