কাৱৈ মাছ (climbing perch, বৈজ্ঞানিক নাম: Anabas testudineus) হৈছে Anabantidae পৰিয়ালৰ এবিধ উভচৰ সতেজ পানীৰ মাছ। এই মাছবিধ পশ্চিমে পাকিস্তান, ভাৰত, বাংলাদেশ আৰু শ্ৰীলংকাৰ পৰা আৰম্ভ কৰি পূবে দক্ষিণ চীন আৰু জাপানলৈকে, দক্ষিণে ৱালেছ দক্ষিণ-পূব এছিয়ালৈকে পোৱা যায়। সম্ভৱতঃ Anabas testudineus নিকট সম্পৰ্কীয় কিছুমান প্ৰজাতিৰ এটা গোট যাৰ বৈজ্ঞানিক নামটো প্ৰকৃততে কেইবাটাও ভিন্ন প্ৰজাতিৰ ওপৰত প্ৰয়োগ কৰা হৈছে। অধিক অধ্যয়ন কৰিলে এই মাছক পৃথক পৃথক প্ৰজাতিত ভাগ কৰি নতুন নাম দিব পাৰি। ১
কাৱৈ মাছে বিভিন্ন পৰিৱেশত নিজকে খাপ খুৱাই ল’ব পাৰে আৰু ইয়াৰ মুঠ দৈৰ্ঘ্য ২৫ চে.মি. লৈকে (৯.৮ ইঞ্চি) বৃদ্ধি পাব পাৰে। নিজৰ থলুৱা পৰিসৰৰ বাহিৰত ই এটা আগ্ৰাসী প্ৰজাতি আৰু ই ৬–১০ ঘণ্টা পানী অবিহনে জীয়াই থাকিব পাৰে।২ আৰু কাণেৰে বগুৱাবাই স্থলভাগত চলাচল কৰিব পাৰে। মাছ ধৰা নাৱত উঠি ই নতুন ভূখণ্ডলৈ গমন কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে। পূব ইণ্ডোনেছিয়া আৰু পাপুৱা নিউগিনিত কাৱৈ মাছে বসতি স্থাপন কৰিছে আৰু ই উত্তৰ অষ্ট্ৰেলিয়াৰ ফালেও আগবাঢ়িছে বুলি ধাৰণা কৰা হৈছে। ২০০৫ চনৰ শেষৰ ফালে পাপুৱা নিউগিনিৰ পৰা প্ৰায় তিনিৰ পৰা চাৰি মাইল দক্ষিণে কুইন্সলেণ্ডৰ উত্তৰত থকা টৰেছ জলদ্বীপৰ ছাইবাই দ্বীপ আৰু অষ্ট্ৰেলিয়াৰ আন এটা সৰু দ্বীপত এই মাছ আৱিষ্কাৰ কৰা হয়। ৩
দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ কিছুমান বিশেষ অঞ্চলত খাদ্য হিচাপে কাৱৈ মাছ গুৰুত্বপূৰ্ণ। ইয়াৰ পানীৰ বাহিৰত দীৰ্ঘ সময়ৰ বাবে জীয়াই থকাৰ ক্ষমতাই মাছটোক আৰ্দ্ৰ কৰি ৰাখিলে ইয়াৰ বজাৰযোগ্যতা বৃদ্ধি কৰে।
তথ্যসূত্ৰ
- ↑ Ahmad, A.B.; Hadiaty, R.K.; de Alwis Goonatilake, S. (2019). Anabas testudineus. পৃ. e.T166543A174787197
- ↑ Hughes, G. M.; B. N. Singh. (1970). Respiration in an Air-Breathing Fish, the Climbing Perch Anabas Testudineus Bloch. Journal of Experimental Biology. পৃ. 265–280
- ↑ Jonathan Pearlman, Aggressive 'walking' fish is heading south towards Australia, scientists warn, The Telegraph, Tuesday 02 June 2015 from telegraph.co.uk, accessed June 2, 2015
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাৱৈ মাছ” প্ৰবন্ধৰ সংশোধন ৩৪৮০৯১ (৯ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।