অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ইলীহ মাছ

ইলীহ, ইলীহি বা ইলিছ (Ilish; বৈজ্ঞানিক নাম: Tenualosa ilisha) হৈছে বাংলাদেশৰ জাতীয় মাছ। এই মাছ বঙালী সকলৰ মাজত অতি জনপ্ৰিয়। ইলীহ এবিধ সামূদ্ৰিক মাছ, কিন্তু কণী পাৰিবলৈ নদীত প্ৰৱেশ কৰে। তদুপৰি খাদ্য হিচাপে ইলীহ ভাৰতৰ বিভিন্ন ৰাজ্য যেনে, পশ্চিমবংগ, উৰিষ্যা, ত্ৰিপুৰা আৰু অসমত অত্যন্ত জনপ্ৰিয় মাছ।

হালনাগাদ: ৩১ মাৰ্চ ২০২৪ ৫৮৪ শব্দ · ৩ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ইলীহ, ইলীহি বা ইলিছ (Ilish; বৈজ্ঞানিক নাম: Tenualosa ilisha) হৈছে বাংলাদেশৰ জাতীয় মাছ। এই মাছ বঙালী সকলৰ মাজত অতি জনপ্ৰিয়। ইলীহ এবিধ সামূদ্ৰিক মাছ, কিন্তু কণী পাৰিবলৈ নদীত প্ৰৱেশ কৰে। তদুপৰি খাদ্য হিচাপে ইলীহ ভাৰতৰ বিভিন্ন ৰাজ্য যেনে, পশ্চিমবংগ, ওড়িশা, ত্ৰিপুৰা আৰু অসমত অত্যন্ত জনপ্ৰিয় মাছ। বঙালী ভাষা আৰু অসমীয়া ভাষাত ইলিছ শব্দটো পোৱা যায়। অসমীয়া ভাষাত "ইলিছ" শব্দটো বঙালী নাইবা আন কোনো অসমীয়া-বঙালী ভাষাগোষ্ঠীৰ ভাষাৰ পৰা তুলি অনা হৈছে। ইয়াৰ থলুৱা অসমীয়া নাম "ইলীহ" বা "ইলীহি।" বেলেগ বেলেগ ভাষাত ইলীহৰ নাম বেলেগ বেলেগ, যেনে তেলুগু ভাষাত পোলাছা (పులస, Pulasa বা Polasa), আৰু পাকিস্তানৰ সিন্ধী ভাষাত পাল্লু মাচ্ছি (پلو مڇي, Pallu Machhi), ওড়িয়া ভাষাত ইলিছি (ଇଲିଶି, Ilishii), গুজৰাটত ইলীহ মাছক মোদেন (মাইকী) বা পালভা (মতা) নামে পৰিচিত।

ইলীহ অৰ্থনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ গ্ৰীষ্মমণ্ডলীয় মাছ। বংগোপসাগৰৰ ব-দ্বীপাঞ্চল, পদ্মা-মেঘনা-যমুনা নদীৰ মোহনাৰ হাওৰৰ পৰা প্ৰতি বছৰে প্ৰচুৰ পৰিমাণে ইলীহ মাছ ধৰা হয়। ই এবিধ সামুদ্ৰিক মাছ কিন্তু ই ডাঙৰ নদীত কণী পাৰে। কণী ফুটি পোৱালি ওলাই ডাঙৰ হলে আলু সাগৰলৈ ঘূৰি যায়। এই মাছৰ বহুতো সৰু সৰু কাঁইট আছে বাবে অতি সাৱধানে খোৱা উচিত।১

যদিও ইলীহ সাগৰীয় মাছ আৰু বেছিভাগ সময় সাগৰতে থাকে কিন্তু বংশবিস্তাৰৰ বাবে প্ৰায় ১২০০ কিমি পৰ্যন্ত দূৰত্ব অতিক্ৰম কৰি ভাৰতীয় উপমহাদেশৰ নদীত পোৱালি জগায়। ইলীহ প্ৰধানত পদ্মা (গংগাৰ কিছু অংশ), মেঘনা (ব্ৰহ্মপুত্ৰৰ কিছু অংশ) আৰু গোদাবৰী নদীত প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰে ভিতৰত পদ্মাৰ ইলীহৰ সোৱাদ আটাইতকৈ ভাল বুলি গণ্য কৰা হয়। ভাৰতৰ ৰূপনাৰায়ণ নদী, গংগা নদী, গোদাবৰী নদী ইলীহ আৰু ইয়াৰ কণীৰ বাবে বিখ্যাত। ইলীহ মাছ সাগৰৰ পৰাও ধৰা হয় কিন্তু ই নদীৰ ইলীহৰ সমান সুস্বাদু নহয়। দক্ষিণ পাকিস্তানৰ প্ৰদেশতো এই মাছ পোৱা যায়। তাত এই মাছ পাল্লা নামে পৰিচিত। এই মাছ অলপ গভীৰ পানীত থাকি ভাল পায়। বৰ্তমান সিন্ধু নদীৰ গভীৰতা কমি যোৱাৰ বাবে এই মাছ কমকৈ পোৱা যায়।২

শ্ৰেণীবিভাজন

ইলীহৰ বৈজ্ঞানিক নামকৰণ পদ্ধতি Tenualosa ilisha। ইয়াক ইংৰাজীত Hilsa বোলে। ই Clupeidae পৰিয়ালৰ (family) অন্তৰ্গত। ইলীহ বাংলাদেশ আৰু পশ্চিমবংগৰ স্থানীয় (Native) মাছ।

বংগোপসাগৰত নাও এখনত ইলীহ মাছ
বংগোপসাগৰত নাও এখনত ইলীহ মাছছবি: Faizul Latif Chowdhury at Bangla Wikipedia · CC BY-SA 3.0

বাসস্থান

বাংলাদেশত ইলীহ মাছৰ প্ৰাচুৰ্য্য
বাংলাদেশত ইলীহ মাছৰ প্ৰাচুৰ্য্যছবি: MS Sakib · CC BY-SA 4.0

ইলীহ সাগৰীয় মাছ। সাধাৰণতে ডাঙৰ নদী আৰু মোহনাত সংযুক্ত খালত বৰ্ষাকালত ইয়াক পোৱা যায়। এই সময়ত ইলীহ মাছ কণী পাৰিবলৈ সাগৰৰ ৰা নদীলৈ আহে। ইয়াক মিনপালনত ব্যৱহাৰ কৰিব নোৱাৰি। জালুৱৈ সকলে মাছ ধৰা নাৱেৰে নদীত গৈ জাল পেলাই এই মাছ ধৰে। তাৰ পিছত এই মাছ উপকূলৰ ঘাটত অনা হয়। তাৰ পৰা বৰফ দি দেশৰ দুৰৱৰ্তী বিভিন্ন স্থানত প্ৰেৰণ কৰা হয়। বাংলাদেশৰ চান্দপুৰ জিলাৰ তিনি নদীৰ মিলন স্থলত ইলীহ মাছ বেছি পোৱা যায়। ভাৰত আৰু বাংলাদেশে ইলীহ মাছ ৰপ্তানি কৰি প্ৰচুৰ বৈদেশিক মুদ্ৰা অৰ্জন কৰে।৩

খাদ্য উপাদান আৰু ৰন্ধনপ্ৰণালী

, ইলীহ মাছ ভজা, আৰু শুকটি, বঙালী সকলৰ পহিলা বহাগৰ জনপ্ৰিয় খাদ্য]]

ইলীহ এবিধ চৰ্বিযুক্ত মাছ আৰু ইয়াত প্ৰচুৰ পৰিমাণে অমেগা ৩ ফেটি এচিড পোৱা যায়। সাম্প্ৰতিক গৱেষণাত পোৱা গৈছে যে, এই এচিড এন্দুৰৰ কলেষ্ট্ৰল আৰু ইনচুলিনৰ মাত্ৰ কমাই দিয়াত সহায় কৰে।

ভাপত দিয়া ইলীহ আৰু সৰিয়হৰ তৰকাৰী, এবিধ বঙালী জনপ্ৰিয় খাদ্য প্ৰকৰণ
ভাপত দিয়া ইলীহ আৰু সৰিয়হৰ তৰকাৰী, এবিধ বঙালী জনপ্ৰিয় খাদ্য প্ৰকৰণছবি: Mohammed Tawsif Salam · CC BY-SA 3.0

সৰিয়হৰ সৈতে ইলীহ, ভাপত দিয়া ইলীহ, ইলীহৰ কালঠি, কুৰকুৰীয়া কৈ ভজা, আৰু জোল অতি জনপ্ৰিয়। কচুৰ পাত আৰু ইলীহৰা কাঁইট, মাথা ইত্যাদিৰে তৈয়াৰ কৰা ঘণ্ট এক প্ৰকাৰৰ বিশেষ খাদ্য। কণী থকা মাছ আৰু সুগন্ধি ছালেৰে ভাতুৰী বা ইলীহ মাছৰ পোলাও বনোৱা হয়। ইয়াক প্ৰধানকৈ বৰ্ষাকালত বেছিকৈ খোৱা হয়।

ইলীহ মাছৰ প্ৰায় ৫০ ধৰণৰ ৰন্ধন প্ৰণালী আছে বুলি কোৱা হয়। ইলীহৰ কণীও অতি জনপ্ৰিয়। এই মাছ ৰান্ধোতে অতি কম পৰিমাণৰ তেলৰ দৰকাৰ হয়। উত্তৰ আমেৰিকাত ইলীহ সকলো সময়ত পোৱা নাযায় বাবে, তাৰ অধিবাসী সকলে চাদ মাছক ইলীহৰ বিকল্পত ব্যৱহাৰ কৰে। চাদ মাছৰ ৰং আৰু সোৱাদ প্ৰায় ইলীহৰ নিচিনা।৪

বিভিন্ন সংস্কৃতিত ইলীহ

বঙালী হিন্দু সকলে বিভিন্ন পূজাৰ শুভ দিনত যোৰা ইলীহ কিনে। সৰস্বতী পূজা আৰু লক্ষ্মী পূজাত যোৰা ইলীহ কিনা খুব শুভ বুলি গণ্য কৰা হয়। বহুতে লক্ষ্মী দেৱীক ইলীহ মাছ উছৰ্গা কৰে। অনেকৰ মতে ইলীহ মাছ উছৰ্গা নকৰিলে পূজা সম্পূৰ্ণ নহয় বুলি বিশ্বাস কৰে।

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ Banglapedia. Bangladesh. Asia Pacific Cultural Centre for UNESCO
  2. ↑ Elish.com/
  3. ↑ আৰ্কাইভ কপি
  4. ↑ en.bdfish.org/?s=Tenualosa+ilisha/

সম্পৰ্কিত শ্ৰেণী

মাছ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইলীহ মাছ” প্ৰবন্ধৰ সংশোধন ৪১৬০৯৫ (৩১ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।