অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

বাহু মাছ

বাহু মাছ বা ভকুৱা মাছ (Catla catla), হৈছে দক্ষিণ এচিয়াত পোৱা কাৰ্প পৰিয়াল চাইপ্ৰিনিডিয়াৰ অন্তৰ্গত এবিধ অৰ্থনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ নিৰ্মল পানীৰ মাছ। ইয়াক সাধাৰণতে দক্ষিণ ভাৰত, নেপাল, বাংলাদেশ, পাকিস্থান, আৰু ম্যানমাৰৰ নদী আৰু হ্ৰদসমূহত পোৱা যায়।

হালনাগাদ: ৫ এপ্ৰিল ২০২৪ ২০১ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

বাহু মাছ বা ভকুৱা মাছ (Catla catla), হৈছে দক্ষিণ এচিয়াত পোৱা কাৰ্প পৰিয়াল চাইপ্ৰিনিডিয়াৰ অন্তৰ্গত এবিধ অৰ্থনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ নিৰ্মল পানীৰ মাছ। ইয়াক সাধাৰণতে দক্ষিণ ভাৰত, নেপাল, বাংলাদেশ, পাকিস্তান, আৰু ম্যানমাৰৰ নদী আৰু হ্ৰদসমূহত পোৱা যায়। অসমত ইয়াক ভকুৱা বা বাওঢেকেৰা বুলি কয় আৰু বৰাক উপত্যকাত ইয়াক বাউস বুলিও কোৱা হয়। ভাৰতৰ তিনিবিধ প্ৰধান কাৰ্প পৰিয়ালৰ মাছ হৈছে ৰৌ মাছ, বাহু মাছ, আৰু মিৰিকা মাছ। বাহু মাছৰ মূৰটো বহল আৰু ডাঙৰ, মুখৰ তলৰ কোঁৱাৰিটো ডাঙৰ আৰু মুখখন ওপৰমুৱাহৈ থাকে। ইয়াৰ বাকলিবোৰ ডাঙৰ আৰু পিঠিৰ বাকলিৰ বৰণ সামান্য ধুসৰ আৰু পেটৰ বাকলিবোৰ বগা বৰণৰ। বাহু মাছ পানীৰ উপৰিভাগত আৰু মধ্যাংশত আহাৰ গ্ৰহণ কৰে। বয়স্ক বাহু মাছে কেৱল প্ৰাণীপ্লৱক খায় কিন্তু কমবয়সীয়াবোৰে প্ৰাণীপ্লৱক আৰু উদ্ভিদপ্লৱক দুয়োবিধকে খায়।

বৰ্গীকৰণ

বাহু মাছ হৈছে Catla (কেটলা) গণৰ একমাত্ৰ সদস্য আৰু ইয়াক Catla catla হিচাপে তালিকাভুক্ত কৰা হৈছে।

মীন-পালন

ই দক্ষিণ এচিয়াৰ মীন-পালনত ব্যৱহাৰ কৰা এটা অতি গুৰুত্বপূৰ্ণ নিৰ্মল পানীৰ মাছৰ প্ৰজাতি।১ ইয়াক ৰৌ আৰু মিৰিকাৰ সৈতে সংমিশ্ৰিতভাৱে পালন কৰা হয়। খাদ্য হিচাপে ইয়াক ঘৰুৱাভাৱে ব্যৱহাৰ কৰাৰ লগতে বিক্ৰীও কৰা হয়।

অন্য কাৰ্পতকৈ ভাৰতীয় কাৰ্পবোৰ অধিক সুস্বাদু বুলি বিবেচিত হৈছে আৰু সেইবাবে ইহঁতৰ চাহিদা তথা দামো বেছি। ১৯৯০ চনৰ পৰা ইহঁতৰ বাৰ্ষিক উৎপাদন প্ৰায় ২,৫০,০০০ টনৰ পৰা ৫,৫০,০০০ টনলৈ বৃদ্ধি হৈছে। ভাৰত আৰু বাংলাদেশতেই ইহঁতৰ সৰ্বাধিক উৎপাদন কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ Development of freshwater fish farming and poverty alleviation - A case study from Bangladesh

সম্পৰ্কিত শ্ৰেণী

মাছ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাহু মাছ” প্ৰবন্ধৰ সংশোধন ৪১৬৯৮০ (৫ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।