পাভ মাছ (Pabo catfish, বৈজ্ঞানিক নামকৰণ পদ্ধতি: Ompok pabo) siluridae পৰিয়ালৰ এবিধ সতেজ পানীৰ মাছ।১ এই মাছবিধ উত্তৰ-পূব ভাৰত, পাকিস্তান, বাংলাদেশ আৰু ম্যানমাৰত পোৱা যায়। ই মূলতঃ নদী, পুখুৰী, হ্ৰদ আদিত বাস কৰে। একোটা পাভ মাছ ২৫ ছে:মি: পৰ্যন্ত দীঘল হ'ব পাৰে। মাছবিধক আই ইউ চি এন ৰঙা তালিকাৰ সংকট আসন্ন প্ৰজাতি হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে।১
ব্যৱহাৰ
অসমত পাভ মাছ এক বহুলভাৱে প্ৰচলিত খাদ্য। বিহুগীত আদি লোকসাহিত্যতো মাছবিধৰ উল্লেখ পোৱা যায়:
দীঘলী বজাৰৰ পাভ মাছ আনিলো
খৰিচা দিয়ে ৰান্ধো
খাবৰে পৰত তোলৈ মনত পৰে
ভাতৰ পাতত বহি কান্দো।২
তথ্যসূত্ৰ
- ↑ Ompok pabo (Hamilton, 1822) Pabo catfish. Fishbase.se
- ↑ ধ্ৰুৱজ্যোতি শৰ্মা. অসমীয়া সমাজ-সংস্কৃতিত মাছ. as.vikaspedia.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাভ মাছ” প্ৰবন্ধৰ সংশোধন ৩৩২৪৩১ (৪ ছেপ্তেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।