অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

চন্দা মাছ

চন্দা মাছ বা দীঘলীয়া কাঁচচন্দা (বৈজ্ঞানিক নাম: Chanda nama; ইংৰাজী: Elongate glassy perchlet) হ’ল এছিয়াৰ গ্লাছফিচ পৰিয়াল এম্বেচিডিৰ অন্তৰ্গত এক প্ৰকাৰৰ মিঠা পানীৰ মাছ। চন্দা গণৰ ই একমাত্ৰ প্ৰজাতি। এই মাছবিধ পাকিস্তানৰ পৰা ম্যানমাৰলৈকে দক্ষিণ এছিয়াৰ ইণ্ডো-মালয়ান অঞ্চলৰ থলুৱা মাছ।

হালনাগাদ: ৭ ছেপ্তেম্বৰ ২০২৬ ১৬৯ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

চন্দা মাছ বা দীঘলীয়া কাঁচচন্দা (বৈজ্ঞানিক নাম: Chanda nama; ইংৰাজী ভাষা: Elongate glassy perchlet) হ’ল এছিয়াৰ গ্লাছফিচ পৰিয়াল এম্বেচিডিৰ অন্তৰ্গত এক প্ৰকাৰৰ মিঠা পানীৰ মাছ। চন্দা গণৰ ই একমাত্ৰ প্ৰজাতি। এই মাছবিধ পাকিস্তানৰ পৰা ম্যানমাৰলৈকে দক্ষিণ এছিয়াৰ ইণ্ডো-মালয়ান অঞ্চলৰ থলুৱা মাছ।

, ভাৰত]]

এই মাছবিধৰ সৰ্বাধিক মুঠ দৈৰ্ঘ্য প্ৰায় ১১ চেণ্টিমিটাৰ পৰ্যন্ত হ’ব পাৰে। এই প্ৰজাতিটোৱে খাৱৈ, পুখুৰী, জান-জুৰি আৰু প্লাবিত ধানখেতি পথাৰৰ দৰে মিঠা তথা লুণীয়া উভয় পানীতে বাস কৰে। বিশেষকৈ বাৰিষা কালত এই মাছ অতি প্ৰচুৰ পৰিমাণে পোৱা যায়। চন্দা মাছে মহৰ পলু আৰু কেঁচু খাই জীৱন ধাৰণ কৰে। ইয়াৰ উপৰিও ইহঁতে অন্য মাছৰ বাকলিও খায়।১ মহ নিয়ন্ত্ৰণ তথা মেলেৰিয়া আৰু পৰজীৱী প্ৰতিৰোধৰ ক্ষেত্ৰত এই মাছবিধৰ সম্ভাৱ্য ব্যৱহাৰ থাকিব পাৰে। স্থানীয় বজাৰসমূহত ইয়াক খাদ্য হিচাপে ধৰি বিক্ৰী কৰা হয়।

পূৰ্বতে এম্বেচিডি পৰিয়ালৰে আন কেবাটাও প্ৰজাতিক চন্দা গণৰ অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰ ভিতৰত একুৱেৰিয়াম ব্যৱসায়ত বহু পৰিচিত ইণ্ডিয়ান গ্লাছফিচ আৰু এসময়ত এই গণৰ টাইপ প্ৰজাতি হিচাপে গণ্য কৰা হাইড্ৰাফিন গ্লাছী পাৰ্চলেট অন্যতম।

স্থানীয়ভাৱে ইয়াক চন্দা, চন্নী, চান্দা আদি বিভিন্ন নামেৰে জনা যায়। আন্তৰ্জাতিকভাৱে ইয়াক ইলোংগেটেড গ্লাছফিচ বুলিও কোৱা হয়।

তথ্যসূত্ৰ

  1. ↑ Archis R. Grubh; Kirk O. Winemiller. (2004). Ontogeny of Scale Feeding in the Asian Glassfish, Chanda nama (Ambassidae). Copeia. পৃ. 903–907

সম্পৰ্কিত শ্ৰেণী

মাছ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দা মাছ” প্ৰবন্ধৰ সংশোধন ৬৩৪৫৬৩ (৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।