অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

পুঠি মাছ

পুঠি মাছ (swamp barb, chola barb, বৈজ্ঞানিক নাম:Puntius chola) চাইপ্ৰিনিডে পৰিয়ালৰ এবিধ বিষুৱীয় অঞ্চলত পোৱা সতেজ পানীৰ মাছ। এচিয়াৰ নদী, বিল, পুখুৰী আদিত মূলতে উদ্ভুত এই মাছবিধ পাকিস্তান, ভাৰত, নেপাল, বাংলাদেশ, শ্ৰীলংকা, ভূটান আৰু ম্যানমাৰত পোৱা যায়।

হালনাগাদ: ৩০ আগষ্ট ২০২৬ ৯৭ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

পুঠি মাছ (swamp barb, chola barb, বৈজ্ঞানিক নাম:Puntius chola) চাইপ্ৰিনিডে পৰিয়ালৰ এবিধ বিষুৱীয় অঞ্চলত পোৱা সতেজ পানীৰ মাছ। এচিয়াৰ নদী, বিল, পুখুৰী আদিত মূলতে উদ্ভুত এই মাছবিধ পাকিস্তান, ভাৰত, নেপাল, বাংলাদেশ, শ্ৰীলংকা, ভূটান আৰু ম্যানমাৰত পোৱা যায়। পুঠি মাছ একোটাৰ দৈৰ্ঘ্য ৬ ইঞ্চি (১৫ চেণ্টিমিটাৰ) পৰ্যন্ত আৰু ওজন ৬০ গ্ৰাম (২.১ আউন্স) পৰ্যন্ত হ’ব পাৰে। মাছটোৰ শৰীৰ মজলীয়া চাপযুক্ত আৰু পিছফালৰ অংশটো ঠেক তথা ৰূপালী ৰঙৰ। শৰীৰৰ পৃষ্ঠ উজ্জ্বল ছাইবৰণীয়াৰ পৰা সেউজীয়া ছাইবৰণীয়া। তলৰ অংশটো বগা ৰঙৰ।১

প্ৰজনন

পুঠি মাছে মুকলি পানীত কণী পাৰে আৰু প্ৰাপ্তবয়স্ক মাছে কণীবোৰ পহৰা নিদিয়ে।

প্ৰজননৰ সময়ত মাছবোৰৰ গাত ৰঙা ৰেখা দেখা যায়।১

তথ্যসূত্ৰ

  1. ↑ ৰাহুল আলী. (14 May 2022). সঠিক পদ্ধতিৰে পুখুৰীত লোকেল পুঠি মাছ পালন. asomiya.krishijagran.com

সম্পৰ্কিত শ্ৰেণী

মাছ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুঠি মাছ” প্ৰবন্ধৰ সংশোধন ৬৩৩৫৩৭ (৩০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।