অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

বৰালি মাছ

বৰালি মাছ হৈছে চিলুৰিডে পৰিয়ালৰ এবিধ সতেজ পানীৰ কেটফিছজাতীয় মাছ। এই মাছবিধ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত থলুৱাভাৱে পোৱা যায়। ইয়াক ইংৰাজীত হেলিকপ্টাৰ কেটফিছ (Helicopter Catfish) বা ৱালাগো কেটফিছ (Wallago catfish) নামেৰে জনা যায়।

হালনাগাদ: ২৫ মে’ ২০২৩ ১৯৫ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

বৰালি মাছ হৈছে চিলুৰিডে পৰিয়ালৰ এবিধ সতেজ পানীৰ কেটফিছজাতীয় মাছ। এই মাছবিধ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত থলুৱাভাৱে পোৱা যায়। ইয়াক ইংৰাজীত হেলিকপ্টাৰ কেটফিছ (Helicopter Catfish) বা ৱালাগো কেটফিছ (Wallago catfish) নামেৰে জনা যায়। বৰালি মাছক তামিলনাডুত আত্থও ভালাই, মণিপুৰত সৰেং, ওড়িশাত বালিয়া, বংগত ব'ল, চিলেটত গুৱাল বোলা হয়। মাছবিধ দুটা ভৌগোলিকভাৱে বিচ্ছিন্ন অঞ্চলৰ বৃহৎ নদী আৰু হ্ৰদত (বিল) সিঁচৰতি হৈ আছে। ইয়াৰে এটা অঞ্চল হৈছে ভাৰত উপমহাদেশ আৰু আনটো হৈছে দক্ষিণ-পূব এছিয়াৰ কিছু অংশ। প্ৰজাতিটোৰ সৰ্বোচ্চ দৈৰ্ঘ্য ২ মিটাৰ (৬ ফুট ৭ ইঞ্চি) হ’ব পাৰে।১

প্ৰাচীন কালৰে পৰা দক্ষিণ-পূব এছিয়াৰ বিভিন্ন দেশত খাদ্য হিচাপে ব্যৱহাৰ কৰা মাছৰ প্ৰজাতিসমূহৰ ভিতৰত এই বৰালি মাছ অন্যতম।২ ডাকৰ বচনত বা অন্যান্য প্ৰবচনত বৰালি মাছৰ উল্লেখ পোৱা যায়।

বিতৰণ

ভাৰতৰ কেৰালাৰ বৰালি মাছ।
ভাৰতৰ কেৰালাৰ বৰালি মাছ।ছবি: Ranjith-chemmad · CC BY-SA 4.0

বৰালি মাছ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত থলুৱাভাৱে পোৱা যায়। অৱশ্যে ভাৰতীয় উপমহাদেশত বাস কৰা গোট আৰু মূল ভূখণ্ড তথা দক্ষিণ-পূব এছিয়াৰ দ্বীপপুঞ্জত পোৱা গোটৰ মাজত যথেষ্ট ব্যৱধানৰ সৈতে বিচ্ছিন্ন যেন লাগে। এইদৰে বৰালি মাছ বিচ্ছিন্ন বিতৰণ (disjunct distribution) থকা এটা প্ৰজাতিৰ অন্যতম উদাহৰণ।১

ভাৰত উপমহাদেশত ইয়াৰ পৰিসৰ ভাৰত, পাকিস্তান, ভূটান, নেপাল আৰু বাংলাদেশৰ সকলোবোৰ প্ৰধান নদী যেনে গংগা, সিন্ধু, নৰ্মদা, গোদাৱৰী, কৃষ্ণা আৰু মহানদীৰ লগতে শ্ৰীলংকা জুৰি বিস্তৃত। উত্তৰ-পশ্চিম দিশত ইয়াৰ পৰিসৰ পাকিস্তানৰ পৰা ইৰাণ আৰু আফগানিস্তানলৈকে দেখা যায়। পূবৰ ফালে ইয়াক ম্যানমাৰৰ ইৰাৱাডী নদীৰ অৱবাহিকালৈকে পোৱা যায়।১৩৪৫৬৭

দক্ষিণ-পূব এছিয়াৰ গোটটো থাইলেণ্ড, লাওছ, কম্বোডিয়া, ভিয়েটনাম, মালয়েছিয়া আৰু ইণ্ডোনেছিয়াত পোৱা যায়।১

বৰালি মাছৰ খাদ্যৰ বহুলাংশই মাংস। ভাৰতৰ গোদাবৰী নদীৰ নমুনাৰ ওপৰত কৰা আন্ত্ৰিক পৰিমাণ বিশ্লেষণত দেখা গৈছে যে ইহঁতে খোৱা খাদ্যৰ প্ৰায় ৯০ৰ পৰা ৯৫% প্ৰাণীজ পদাৰ্থৰে গঠিত।৩

তথ্যসূত্ৰ

  1. ↑ Roberts, T.R. (2014): Wallago Bleeker, 1851 and Wallagonia Myers, 1938 (Ostariophysi, Siluridae), Distinct Genera of Tropical Asian Catfishes, with Description of †Wallago maemohensis from the Miocene of Thailand
  2. ↑ Charles Higham, A. Kijnga ed
  3. ↑ Babare R. S., Chavan S.P., Kannewad P. M. (2013): Gut Content Analysis of Wallago attu and Mystus (Sperata) seenghala, the common Catfishes from Godavari River System in Maharastra State
  4. ↑ Singh Tarun Kumar, Guru Bhikari Charan, Swain Saroj Kumar (2013): Review of the Research on the Fish Diversity in the River Mahanadi and Identifying the Probable Potential Ornamental Fishes among them with reference to Threats and Conservation Measures
  5. ↑ Suresh M. Kumbar, Swapnali B. Lad (2014): Diversity, threats and conservation of catfish fauna of the Krishna River, Sangli District, Maharashtra, India
  6. ↑ K. Sankaran Unni (1996): Ecology of River Narmada
  7. ↑ Brian W. Coad (2015): Native fish biodiversity in Afghanistan

সম্পৰ্কিত শ্ৰেণী

মাছ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰালি মাছ” প্ৰবন্ধৰ সংশোধন ৩৬৭০৮০ (২৫ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।