অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

মাগুৰ মাছ

মাগুৰ মাছ (Walking catfish, বৈজ্ঞানিক নাম: Clarias batrachus) দক্ষিণ-পূব এছিয়াৰ এবিধ থলুৱা সতেজ পানীৰ মাছ। শুকান ভূমিৰ ওপৰেৰে গমন আৰু লৰচৰ কৰাৰ ক্ষমতাৰ জৰিয়তে খাদ্য বা উপযুক্ত পৰিৱেশ বিচাৰি উলিওৱাৰ বাবে ইংৰাজীত ইয়াক Walking catfish বুলি কোৱা হয়।

হালনাগাদ: ২৭ জুলাই ২০২৫ ১২১ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

মাগুৰ মাছ (Walking catfish, বৈজ্ঞানিক নাম: Clarias batrachus) দক্ষিণ-পূব এছিয়াৰ এবিধ থলুৱা সতেজ পানীৰ মাছ। শুকান ভূমিৰ ওপৰেৰে গমন আৰু লৰচৰ কৰাৰ ক্ষমতাৰ জৰিয়তে খাদ্য বা উপযুক্ত পৰিৱেশ বিচাৰি উলিওৱাৰ বাবে ইংৰাজীত ইয়াক Walking catfish বুলি কোৱা হয়। ই প্ৰায়বোৰ দ্বিপদ বা চতুষ্পদী প্ৰাণীৰ দৰে প্ৰকৃততে খোজ কাঢ়িব নোৱাৰে যদিও ইয়াৰ ফান ব্যৱহাৰ কৰি ভূমি অতিক্ৰম কৰিবলৈ সাপৰ দৰে গতিৰে চলাচল কৰে।১ এই মাছে সাধাৰণতে পুখুৰী, জলাশয়, বা ধীৰ গতিৰ নদীত আৰু প্ৰায়ে স্থবিৰ পানীত বাস কৰে। ইয়াৰ লগতে ই বানপানীত ডুব যোৱা ধাননি পথাৰ বা শুকাই যাব পৰা অস্থায়ী পুখুৰীতো বাস কৰে। এনে অৱস্থাত মাছবোৰে অন্য জলজ পৰিৱেশলৈ যাব পাৰে। এই প্ৰজাতিটোক বৰ্গবিন্যাসৰ ক্ষেত্ৰত যথেষ্ট বিভ্ৰান্তিৰ সৃষ্টি হৈছে আৰু ইয়াক অন্যান্য ঘনিষ্ঠ আত্মীয়ৰ সৈতে সঘনাই একে বুলি ভুল কৰা হৈছে।২

তথ্যসূত্ৰ

  1. ↑ (2008-07-18). Catfish 'walk' down street. Metro.co.uk
  2. ↑ Ng, Heok Hee, and Maurice Kottelat (2008). The identity of Clarias batrachus (Linnaeus, 1758), with the designation of a neotype (Teleostei: Clariidae). Zoological Journal of the Linnean Society 153: 725–732

সম্পৰ্কিত শ্ৰেণী

মাছ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাগুৰ মাছ” প্ৰবন্ধৰ সংশোধন ৫২৭৯৭০ (২৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।