অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

গৰৈ মাছ

গৰৈ মাছ (spotted snakehead, বৈজ্ঞানিক নাম:Channa punctata) এবিধ স্নেকহেড জাতৰ মাছ। ইয়াক ভাৰতীয় উপমহাদেশ আৰু ইয়াৰ দাঁ‌তি-কাষৰীয়া অঞ্চল যেনে আফগানিস্তান, পাকিস্তান, ভাৰত, শ্ৰীলংকা, নেপাল, বাংলাদেশ, ম্যানমাৰ আৰু তিব্বতত পোৱা যায়। পিতনি, পুখুৰী আৰু ক'লা চানেকীয়া জলাশয় গৰৈ মাছৰ প্ৰাকৃতিক বাসস্থান।

হালনাগাদ: ২৭ ডিচেম্বৰ ২০২৩ ৮৭ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

গৰৈ মাছ (spotted snakehead, বৈজ্ঞানিক নাম:Channa punctata) এবিধ স্নেকহেড জাতৰ মাছ। ইয়াক ভাৰতীয় উপমহাদেশ আৰু ইয়াৰ দাঁ‌তি-কাষৰীয়া অঞ্চল যেনে আফগানিস্তান, পাকিস্তান, ভাৰত, শ্ৰীলংকা, নেপাল, বাংলাদেশ, ম্যানমাৰ আৰু তিব্বতত পোৱা যায়। পিতনি, পুখুৰী আৰু ক'লা চানেকীয়া জলাশয় গৰৈ মাছৰ প্ৰাকৃতিক বাসস্থান। খাদ্য হিচাপে ই বহুলভাৱে সমাদৃত যদিও একুৱাৰিয়াম ব্যৱসায়ত ইয়াৰ আদৰ নাই।

বিৱৰণ

একোটা গৰৈ মাছ সাধাৰণতে প্ৰায় ১৫.০ চে.মি. (৫.৯ ইঞ্চি) দীঘল হয় যদিও ৩১.০ চে.মি. দৈৰ্ঘ্যৰ মতা গৰৈ মাছো পোৱা গৈছে। এই প্ৰজাতিৰ প্ৰতি কোনো ডাঙৰ ভাবুকি নোহোৱাৰ বাবে গৰৈ মাছক IUCN ত Least Concern হিচাপে তালিকাভুক্ত কৰা হৈছে।১

গৰৈ মাছ মূলতঃ মাংসভোজী। এই প্ৰজাতিৰ প্ৰিয় খাদ্য হ’ল আন সৰু মাছ আৰু মাছৰ পলু। ইয়াৰ প্ৰাকৃতিক বাসস্থানত পোক-পৰুৱা, উদ্ভিদ আদিও খায়। ঋতু অনুসৰি ইয়াৰ খাদ্য খোৱাৰ অভ্যাস সলনি হয়। পোনা মেলাৰ সময়ত পূৰ্ণবয়স্ক মাছৰ খাদ্য গ্ৰহণৰ প্ৰৱণতা কম হয়। কমবয়সীয়া মাছে খাদ্যৰ নিৰন্তৰ খাদ্য গ্ৰহণ কৰে।২

তথ্যসূত্ৰ

  1. ↑ Chaudhry, S.; de Alwis Goonatilake, S.; Fernado, M. (2019). Channa punctata. পৃ. e.T166437A60584432
  2. ↑ AS Bhuiyan, S Afroz, T Zaman. (2006). Bhuiyan, A.S., Afroz, S. and Zaman, T., 2006. Food and feeding habit of the juvenile and adult snake head, Channa punctatus (Bloch). J. Life Earth Sci. পৃ. 53–54

সম্পৰ্কিত শ্ৰেণী

মাছ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৰৈ মাছ” প্ৰবন্ধৰ সংশোধন ৩৯৯১৮৬ (২৭ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।