অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

জাপানীজ ৰাইচ ফিছ

জাপানীজ ৰাইচ ফিছ হৈছে অৰিজিয়াছ প্ৰজাতিৰ এবিধ মাছ। ইয়াক মেদকা বুলিও কোৱা হয়। সৰু মাছবিধৰ দৈৰ্ঘ্য প্ৰায় ৩.৬ চেণ্টিমিটাৰলৈকে (১.৪ ইঞ্চি) হ’ব পাৰে। ই জাপানৰ থলুৱা প্ৰজাতিৰ মাছ। ই ধাননি পথাৰ, জলাশয়, পুখুৰী, ধীৰ গতিৰ নৈ আৰু জোৱাৰ-ভাটাৰ জলাশয়ত বাস কৰে। ইয়াক লৱণ আৰু মিঠা পানী উভয়তে পোৱা যায়।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ২৭৩ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

জাপানীজ ৰাইচ ফিছ হৈছে অৰিজিয়াছ প্ৰজাতিৰ এবিধ মাছ। ইয়াক মেদকা বুলিও কোৱা হয়।১ সৰু মাছবিধৰ দৈৰ্ঘ্য প্ৰায় ৩.৬ চেণ্টিমিটাৰলৈকে (১.৪ ইঞ্চি) হ’ব পাৰে। ই জাপানৰ থলুৱা প্ৰজাতিৰ মাছ। ই ধাননি পথাৰ, জলাশয়, পুখুৰী, ধীৰ গতিৰ নৈ আৰু জোৱাৰ-ভাটাৰ জলাশয়ত বাস কৰে।২ ইয়াক লৱণ আৰু মিঠা পানী উভয়তে পোৱা যায়। ইয়াৰ টিকি থাকিব পৰা গুণ আৰু দৃষ্টিনন্দন ৰঙৰ বাবে ই একুৰিয়ামৰ মাছ হিচাপে জনপ্ৰিয় হৈ পৰিছিল। ইয়াৰ ৰং বনৰীয়া প্ৰজাতিৰ ক্ষেত্ৰত ক্ৰীমযুক্ত-বগাৰ পৰা হালধীয়ালৈকে, আৰু একুৰিয়ামত প্ৰজনন কৰা মাছৰ ক্ষেত্ৰত বগা, ক্ৰীমযুক্ত-হালধীয়া বা কমলা ৰঙৰ হ’ব পাৰে। ইয়াৰ গ্ল'ফিছৰ দৰেই উজ্জ্বল হালধীয়া, ৰঙা বা সেউজীয়া ট্ৰেন্সজেনিক প্ৰজাতিও বিকশিত কৰা হৈছে। কিন্তু ইউৰোপীয় ইউনিয়নত ইয়াৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে।৩ জাপানত ১৭ শতিকাৰ পৰাই মেদকা এবিধ জনপ্ৰিয় পোহনীয়া মাছ।৪ নিষেচনৰ পিছত মাইকী মাছবোৰে নিজৰ কণীবোৰ পায়ুপথৰ ফানৰ আগফালে সংলগ্ন কৰি কিছু সময়ৰ বাবে কঢ়িয়াই লৈ ফুৰে আৰু তাৰ পিছত গছ বা তেনেধৰণৰ আধাৰত জমা কৰে।৩

পৰিৱেশ বিজ্ঞান

মেদকা সৰু পুখুৰী, অগভীৰ নদী, ধাননি পথাৰ আদিত বাস কৰে।৫ পানীৰ উষ্ণতাৰ বিস্তৃত পৰিসৰত ইহঁতে জীয়াই থাকিব পাৰে (৩-৪২° চেলছিয়াচ বা ৩৭-১০৮° ফাৰেনহাইট)। অৱশ্যে ইহঁতে পানীৰ উষ্ণতা ১৫-২৮° চেলছিয়াচ হোৱাটো পছন্দ কৰে।৬ এই মাছবিধে মহৰ পোৱালি আৰু সৰু প্লাংকটন খায়, সেয়েহে ইহঁতক মানুহৰ বাবে উপকাৰী জীৱ হিচাপে জনা যায়। প্ৰতিবাৰ প্ৰসৱত ইহঁতে ১০–২০টা কণী উৎপন্ন কৰে, আৰু পৰীক্ষাগাৰৰ পৰিস্থিতিত ইহঁতে প্ৰতিদিনে কণী উৎপাদন কৰিব পাৰে। ইহঁত ঋতু অনুসৰি প্ৰজনন কৰা প্ৰাণী আৰু সাধাৰণতে বসন্ত আৰু গ্ৰীষ্মৰ মাজৰ সময়ছোৱাত কণী পাৰে।৭ ইহঁতে জলজ ঘাঁহৰ আশে-পাশে কণী পাৰিবলৈ পছন্দ কৰে আৰু সেয়ে প্ৰায়ে ধাননি পথাৰত বাস কৰিবলৈ ভাল পায়।৫ সাধাৰণতে কণীৰ পৰা পোৱালি জগিবলৈ ৪ৰ পৰা ১০ দিনৰ প্ৰয়োজন হয়।৮ ইহঁতৰ বৃক্কৰ কাৰ্য্যক্ষমতা উন্নত আৰু ইয়াৰ ফলত ইহঁতে ঈষৎ নিমখীয়া পানী আৰু লৱণযুক্ত পানী উভয়তে থাকিব পাৰে।৯ বন্য অৱস্থাত এই প্ৰজাতিটোৰ গড় আয়ুস ২ বছৰ বুলি অনুমান কৰা হৈছে যদিও পৰীক্ষাগাৰৰ পৰিস্থিতিত ইহঁতে ৩–৫ বছৰ জীয়াই থাকিব পাৰে। ইহঁ‌ত জুম বান্ধি থাকে আৰু ইহঁ‌তে আন মেদকাৰ মুখবোৰ চিনাক্ত কৰিব পাৰে।১০

শ্ৰেণীবিভাজন আৰু পৰিসৰ

এই মাছবিধ পূব আৰু দক্ষিণ-পূব এছিয়াৰ মূল ভূখণ্ডৰ বহু অংশৰ থলুৱা প্ৰজাতি আছিল। কিন্তু শেহতীয়া দশকবোৰত এই জনসংখ্যাৰ অধিকাংশই ৰূপতাত্ত্বিক আৰু জিনীয় প্ৰমাণৰ ভিত্তিত পৃথক প্ৰজাতি হিচাপে বিভক্ত হৈছে।২১১ ইয়াৰ ফলত মাছবিধৰ থলুৱা পৰিসৰ জাপানৰ ভিতৰতে সীমিত হৈ পৰে। ইয়াৰ ভিতৰত আছে পূব আৰু দক্ষিণ হনছু, শ্বিককু, কিউছু, আৰু দক্ষিণৰ সৰু দ্বীপসমূহ।১১ চীন, লাওছ আৰু পূব কোৰিয়াৰ কিছুমান জনসংখ্যাকে ধৰি কিছুমান বিশেষ জনসংখ্যাৰ শ্ৰেণীবিভাজনৰ অৱস্থান এতিয়াও অস্পষ্ট আৰু ইয়াৰ বাবে অধিক অধ্যয়নৰ প্ৰয়োজন।২১১

বিজ্ঞানত ব্যৱহাৰ

নিৰ্বাচিত প্ৰজননৰ জৰিয়তে উৎপাদন কৰা এটা কমলা একুৰিয়ামৰ মেদকা (হিমেদকা), ওপৰৰ পৰা ফটো তোলা। উজ্জ্বল ৰঙৰ ট্ৰেন্সজেনিক একুৰিয়াম ভেৰিয়েন্টৰ সৈতে বিভ্ৰান্ত নহ’ব।
নিৰ্বাচিত প্ৰজননৰ জৰিয়তে উৎপাদন কৰা এটা কমলা একুৰিয়ামৰ মেদকা (হিমেদকা), ওপৰৰ পৰা ফটো তোলা। উজ্জ্বল ৰঙৰ ট্ৰেন্সজেনিক একুৰিয়াম ভেৰিয়েন্টৰ সৈতে বিভ্ৰান্ত নহ’ব।ছবি: Tam Tam さん https://www.flickr.com/photos/strollers/ · CC BY-SA 2.0

এই মাছবিধ হৈছে এক আৰ্হি জীৱ (Model organism) আৰু ইয়াক জৈৱিক গৱেষণাৰ বহু ক্ষেত্ৰত ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়। বিশেষকৈ ভেষজ বিজ্ঞানত ইয়াৰ ব্যাপক ব্যৱহাৰ হয়।২১২

তথ্যসূত্ৰ

  1. ↑ Froese, Rainer; Pauly, Daniel (eds.) (2019)
  2. ↑ Parenti, L.R. (2008). A phylogenetic analysis and taxonomic revision of ricefishes, Oryzias and relatives (Beloniformes, Adrianichthyidae). Zoological Journal of the Linnean Society. পৃ. 494–610
  3. ↑ Oryzias latipes. SeriouslyFish
  4. ↑ Hellweg, M. (August 2013). The Ricefish: An Odd and Interesting Group. TFH Magazine
  5. ↑ 牧人; 知尚, 頼経; 翔平, 鈴木. (2012). 屋外池における野生メダカ Oryzias latipes の繁殖行動. 日本水産学会誌. পৃ. 922–933
  6. ↑ Shima; Mitani, Hiroshi. (2004-07-01). Medaka as a research organism: past, present and future. Mechanisms of Development. পৃ. 599–604
  7. ↑ Hirshfield. (1980). An Experimental Analysis of Reproductive Effort and Cost in the Japanese Medaka, Oryzias Latipes. Ecology. পৃ. 282–292
  8. ↑ Iwamatsu. (2004-07-01). Stages of normal development in the medaka Oryzias latipes. Mechanisms of Development. পৃ. 605–618
  9. ↑ Sakamoto; Kozaka, Tomohiro; Takahashi, Akiyoshi. (2001-02-15). Medaka (Oryzias latipes) as a model for hypoosmoregulation of euryhaline fishes. Aquaculture. পৃ. 347–354
  10. ↑ Wang; Takeuchi, Hideaki. (2017-07-11). Individual recognition and the 'face inversion effect' in medaka fish (Oryzias latipes). eLife. পৃ. e24728
  11. ↑ Asai, T.; Senou, H.; Hosoya, K. (2011). Oryzias sakaizumii, a new ricefish from northern Japan (Teleostei: Adrianichthyidae). Ichthyol. Explor. Freshwaters. পৃ. 289–299
  12. ↑ Major topic "Oryzias": free full-text articles in National Library of Medicine

সম্পৰ্কিত শ্ৰেণী

মাছ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাপানীজ ৰাইচ ফিছ” প্ৰবন্ধৰ সংশোধন ৬২৪২৩৮ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।