অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অদিতি স্বামী

অদিতি স্বামী ( Aditi Swami) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় ধনুৰ্বিদ। ২০২৩ চনৰ বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত কম্পাউণ্ড মহিলাৰ ফাইনেলত সোণৰ পদক লাভ কৰি তেওঁ ছিনিয়ৰ পৰ্যায়ত ভাৰতৰ প্ৰথম ব্যক্তিগত বিশ্ব চেম্পিয়ন হৈছিল।

হালনাগাদ: ১ মাৰ্চ ২০২৫ ১৫১ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

অদিতি স্বামী ( Aditi Swami) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় ধনুৰ্বিদ।১ ২০২৩ চনৰ বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত কম্পাউণ্ড মহিলাৰ ফাইনেলত সোণৰ পদক লাভ কৰি তেওঁ ছিনিয়ৰ পৰ্যায়ত ভাৰতৰ প্ৰথম ব্যক্তিগত বিশ্ব চেম্পিয়ন হৈছিল।২৩

আৰম্ভণি জীৱন

অদিতিৰ পিতৃ গোপিচণ্ড, এজন গণিতৰ শিক্ষক, তেওঁৰ কন্যাৰ প্ৰশিক্ষণৰ সহায়ৰ বাবে ওচৰৰ গাঁৱৰ পৰা সতৰালৈ গুচি যায়।৪ ১২ বছৰ বয়সত তেওঁ অদিতিক চহৰৰ শ্বাহু ষ্টেডিয়ামলৈ লৈ গৈছিল ক্ৰীড়াৰ লগত পৰিচয় কৰাই দিবলৈ। তাই ল’ৰা-ছোৱালীয়ে ফুটবল খেলা আৰু এথলেটিকছৰ প্ৰশিক্ষণ লোৱা দেখিছিল যদিও অদিতিই ধনুৰ্বিদ বাছি লৈছিল যিটো এটা চুকত সৰু গোট এটাই অনুশীলন কৰি আছিল। পিছলৈ তেওঁ প্ৰশিক্ষক প্ৰবীণ সাৱন্তৰ অধীনত চুপাৰিৰ পথাৰত প্ৰশিক্ষণ লয়।৪

কৰ্মজীৱন

অদিতি স্বামী ১৭ বছৰ বয়সত বিশ্বকাপ যুগত (২০০৬ চনৰ পিছৰ) ২০২৩ চনত কম্পাউণ্ড মহিলাৰ ফাইনেলত জয়লাভ কৰি ধনুৰ্বিদ্যাৰ আটাইতকৈ কম বয়সীয়া বিশ্ব চেম্পিয়ন হয়।৫ তেওঁ মহিলা দলৰ কম্পাউণ্ড ইভেণ্টত ভাৰতৰ প্ৰথমবাৰৰ বাবে বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপৰ বিজয়ী দলৰ অংশও আছিল, জ্যোতি সুৰেখা ভেনাম আৰু পৰ্ণীত কৌৰীৰ সৈতে।৬৭

২০২৩ চনৰ বিশ্ব আৰ্চাৰী যুৱ চেম্পিয়নশ্বিপত দুটাকৈ স্বৰ্ণ পদক লাভ কৰিছিল। ২০২৩ চনত এছিয়ান গেমছ ২০২২ত সোণৰ পদক বিজয়ী ভাৰতীয় দলৰ অংশও আছিল।

পুৰস্কাৰ

২০২৪ চনৰ ৯ জানুৱাৰীত ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা অৰ্জুন বঁটা লাভ কৰে।৮

তথ্যসূত্ৰ

  1. ↑ (2023-09-12). Only 17 years old, but Aditi Swami's humble home overflows with medals. The Times of India
  2. ↑ Sportstar, Team. (2023-08-05). World Archery Championships 2023: Aditi, Ojas win gold; Jyothi takes bronze in compound individual event. Sportstar
  3. ↑ (2023-08-05). Archery: Aditi Swami becomes India's first senior world champ. ESPN
  4. ↑ (2023-08-06). Aditi Swami, youngest World champ at 17, trained at archery academy on sugarcane field in Satara. The Indian Express
  5. ↑ (2023-08-05). Aditi Gopichand Swami becomes youngest modern world champion · World Archery. www.worldarchery.sport
  6. ↑ (2023-08-04). Archery: India compound team wins historic Worlds gold. ESPN
  7. ↑ (2023-08-05). Archery: Aditi Swami becomes India's first senior world champ. ESPN
  8. ↑ Full list of Arjuna Awards Winners 2023. India Today

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মানঅৰ্জুন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অদিতি স্বামী” প্ৰবন্ধৰ সংশোধন ৪৮৪৮১৮ (১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।