ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মান
৭৩ প্ৰবন্ধ
-
মৌমা দাস
মৌমা দাস ( Mouma Das; জন্ম: ২৪ ফেব্ৰুৱাৰী ১৯৮৪) এগৰাকী ভাৰতীয় টেবুল টেনিছ খেলুৱৈ। পশ্চিম বংগৰ কলকাতাত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা মৌমা দাসে ২০০০ চনৰ আৰম্ভণিৰ পৰাই আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে।
-
য়ানুং জামোহ লেগো
য়ানুং জামোহ লেগো ( Yanung Jamoh Lego; জন্ম: ৯ জুলাই ১৯৬৩) ভাৰতৰ অৰুণাচল প্ৰদেশৰ এজন বনৌষধি বিশেষজ্ঞ। তেওঁ ডায়েবেটিছ, কেন্সাৰ আৰু উচ্চ ৰক্তচাপৰ দৰে জীৱন সংকটজনক অৱস্থাৰ পৰা ১০,০০০ৰো অধিক লোকক সুস্থ কৰাৰ বাবে পৰিচিত।
-
যোগেশ দেউৰী
ড° যোগেশ দেউৰী ( Dr. Jogesh Deuri) ভাৰতৰ অসমৰ এজন বিশিষ্ট এৰী তথা ৰেচম বিশেষজ্ঞ, গৱেষক আৰু প্ৰশাসক। তেওঁ অসমৰ এৰী, মুগা, পাট আৰু অন্যান্য থলুৱা ৰেচম পৰম্পৰাৰ বিকাশ আৰু প্ৰসাৰৰ অৱদানৰ বাবে পৰিচিত।
-
লতা দেশাই
লতা দেশাই (ডাঃ লতাবেন অনিলভাই দেশাই নামেৰেও পৰিচিত) (জন্ম ৮ আগষ্ট ১৯৪১) ভাৰতীয় গুজৰাট ৰাজ্যৰ এগৰাকী চিকিৎসক যিয়ে ১৯৮০ চনত স্বামী ডাঃ অনিল দেশাই আৰু কেইজনমান বন্ধুৰ সৈতে দক্ষিণ গুজৰাটৰ জনজাতীয় অঞ্চলত স্বাস্থ্য আৰু উন্নয়নমূলক কাম-কাজৰ বাবে নিবেদিত স্বেচ্ছাসেৱী সংস্থা ছ'চাইটি ফৰ এডুকেচন ৱেলফেয়াৰ…
-
ললিত কুমাৰ মংগোত্ৰ
ললিত কুমাৰ মংগোত্ৰ ( ইংৰাজী: Lalit Kumar Mangotra; জন্ম: ১৪ এপ্ৰিল ১৯৪৪) এজন ভাৰতীয় ডগৰিভাষী লেখক আৰু পদাৰ্থ বিজ্ঞানৰ প্ৰাক্তন অধ্যাপক। তেখেতে চুটিগল্প, নাটক, কবিতা, ৰচনা, সাহিত্য সমালোচনাকে ধৰি বিভিন্ন সাহিত্যৰ ৰচনা প্ৰকাশ কৰিছে।
-
লাইলা তয়বজী
লাইলা তয়বজী ( Laila Tyabji; জন্ম: ২ মে' ১৯৪৭) এগৰাকী ভাৰতীয় সমাজকৰ্মী, ডিজাইনাৰ, লেখিকা আৰু শিল্পকৰ্মী। ভাৰতত পৰম্পৰাগত শিল্পকৰ্মৰ পুনৰুজ্জীৱনৰ বাবে কাম কৰা দিল্লীস্থিত বেচৰকাৰী সংস্থা দস্তকাৰ ৰ অন্যতম প্ৰতিষ্ঠাপক। ২০১২ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী ভাৰতীয় অসামৰিক বঁটাৰে সন্মানিত কৰে।
-
লীলা ওমচেৰী
লীলা ওমচেৰী (Leela Omchery; জন্ম:৩১ মে' ১৯২৯ – মৃত্যু:১ নৱেম্বৰ ২০২৩) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় গায়িকা, সংগীত বিজ্ঞানী আৰু লেখিকা। শাস্ত্ৰীয় সংগীতৰ প্ৰতি অৱদানৰ বাবে পৰিচিত তেখেতে ভাৰতীয় শাস্ত্ৰীয় নৃত্য আৰু সংগীতৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰিছিল।
-
শাওলি মিত্ৰ
শাওলি মিত্ৰ (Shaoli Mitra) এগৰাকী ভাৰতীয় বঙালী থিয়েটাৰ আৰু চলচ্চিত্ৰ অভিনেত্ৰী, পৰিচালক, নাট্যকাৰ আছিল। ঋত্বিক ঘটকৰ জুক্তি টাক্কো আৰ গাপ্পোত বংগাবালাৰ চৰিত্ৰত অভিনয় কৰিছিল। তেখেত সোম্ভু মিত্ৰ আৰু তৃপ্তি মিত্ৰৰ কন্যা, যিসকল নাট্য ব্যক্তিত্বও আছিল।
-
শীতল মহাজন ৰানে
শীতল মহাজন ৰানে ( Shital Mahajan Rane) এগৰাকী ভাৰতীয় চৰম ক্ৰীড়াবিদ, স্কাইডাইভাৰ আৰু এই ক্ৰীড়াৰ আঠটা বিশ্ব অভিলেখৰ অধিকাৰী। ১০,০০০ ফুটৰ পৰা এন্টাৰ্কটিকাৰ ওপৰেৰে ত্বৰান্বিতভাৱে মুক্তভাৱে পতন কৰা জাম্প কৰা প্ৰথমগৰাকী মহিলা, উত্তৰ আৰু দক্ষিণ মেৰু দুয়োটাৰে ওপৰেৰে জঁপিয়াই পৰা আটাইতকৈ কম বয়সীয়া…
-
সুনী তাৰাপোৰেবালা
সুনী তাৰাপোৰেবালা (Sooni Taraporevala; জন্ম: ১৯৫৭) এগৰাকী ভাৰতীয় চিত্ৰনাট্যকাৰ, ফটোগ্ৰাফাৰ আৰু চলচ্চিত্ৰ নিৰ্মাতা যি মিচিচিপি মছলা, দ্য নেমচেক আৰু অস্কাৰৰ বাবে মনোনীত ছালাম বম্বে! , এই সকলোবোৰ পৰিচালিত মীৰা নায়াৰৰ চিত্ৰনাট্যকাৰ।
-
সুব্বাৰমন বিজয়লক্ষ্মী
সুব্বাৰমন বিজয়লক্ষ্মী ( Subbaraman Vijayalakshmi); জন্ম: ২৫ মাৰ্চ ১৯৭৯) এগৰাকী ভাৰতীয় দবা খেলুৱৈ যিয়ে আন্তৰ্জাতিক মাষ্টাৰ (IM) আৰু মহিলা গ্ৰেণ্ডমাষ্টাৰ (WGM) ৰ FIDE খিতাপ দখল কৰে, তেওঁৰ দেশৰ এই খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী মহিলা খেলুৱৈ।
-
সৰ্বোত্তম যুদ্ধ সেৱা পদক
সৰ্বোত্তম যুদ্ধ সেৱা পদক (Ultimate War Service Medal) হৈছে ভাৰত চৰকাৰৰ সৰ্বোচ্চ যুদ্ধকালীন বিশিষ্ট সেৱাৰ পদক। যুদ্ধ, সংঘাত বা শত্ৰুতাৰ সময়ত কৰা পাৰদৰ্শিতা তথা বীৰত্ত্বৰ বাবে এই সৰ্বোচ্চ বিশিষ্ট বঁটাটো প্ৰদান কৰা হয়।।
-
ৰেণু বালা চানু
য়ুমনাম ৰেণু বালা চানু ( Yumnam Renu Bala Chanu; জন্ম: ২ অক্টোবৰ ১৯৮৬) এগৰাকী ভাৰতীয় ভাৰোত্তোলক, মণিপুৰৰ ইম্ফলৰ ওচৰত অৱস্থিত ক্যামগেই মায়াই লেইকাই গাঁৱৰ। ২০০৬ চনৰ কমনৱেলথ গেমছত মহিলা ৫৮ কেজি শাখাত সোণৰ পদক লাভ কৰে।