অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ

ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ (Rashtriya Vigyan Puraskar) হৈছে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন ক্ষেত্ৰৰ বিশিষ্ট গৱেষকসকলৰ অৱদানক স্বীকৃতি দিবলৈ ভাৰত চৰকাৰে প্ৰতিষ্ঠা কৰা ৰাষ্ট্ৰীয় বঁটা।

হালনাগাদ: ২৫ আগষ্ট ২০২৪ ২৮০ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ (Rashtriya Vigyan Puraskar) হৈছে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন ক্ষেত্ৰৰ বিশিষ্ট গৱেষকসকলৰ অৱদানক স্বীকৃতি দিবলৈ ভাৰত চৰকাৰে প্ৰতিষ্ঠা কৰা ৰাষ্ট্ৰীয় বঁটা।১২ এই বঁটা প্ৰতিষ্ঠাৰ বিষয়ে ২০২৪ চনৰ জানুৱাৰী মাহত ঘোষণা কৰা হয় আৰু ২০২৪ চনৰ আগষ্ট মাহত প্ৰথম বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। প্ৰতি বছৰে ২৩ আগষ্টত, ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ দিনা এই বঁটা প্ৰদান কৰা হ'ব।৩ এই বঁটাত ভাৰতৰ ৰাষ্ট্ৰপতিৰ স্বাক্ষৰিত এখন প্ৰমাণ পত্ৰ আৰু এটা পদক থাকে।

এই বঁটাসমূহ চাৰিটা ভাগত প্ৰদান কৰা হয়ঃ

  • বিজ্ঞান ৰত্ন বঁটা
  • বিজ্ঞান শ্ৰী বঁটা
  • বিজ্ঞান যুৱ - শান্তি স্বৰূপ ভাটনাগৰ বঁটা
  • বিজ্ঞান টীম বঁটা

প্ৰতিবাৰে সৰ্বাধিক ৩ জনক বিজ্ঞান ৰত্ন, সৰ্বাধিক ২৫ জনক বিজ্ঞান শ্ৰী, সৰ্বাধিক ২৫ জনক বিজ্ঞান যুৱ, আৰু সৰ্বাধিক ৩ টা গোটক বিজ্ঞান টীম প্ৰদান কৰা হয়।

ইয়াৰে বিজ্ঞান ৰত্নক দেশৰ বিজ্ঞান জগতৰ সৰ্বোচ্চ সন্মান হিচাপে গণ্য কৰা হৈছে। ইয়াক প্ৰদান কৰা হয় জীৱনজোৰা সাধনাৰ বাবে। বিজ্ঞান শ্ৰী প্ৰদান কৰা হয় বিশিষ্ট অৱদানৰ বাবে। বিজ্ঞান যুৱ - শান্তি স্বৰূপ ভাটনাগৰ প্ৰদান কৰা হয় ৪৫ বছৰতকৈ কম বয়সৰ বিশিষ্ট যুৱ বিজ্ঞানীসকলক স্বীকৃতি আৰু উৎসাহ যোগাবৰ বাবে। আৰু বিজ্ঞান টীম বঁটা তিনিজন বা তাতকৈ অধিক ব্যক্তিৰে গঠিত দলক প্ৰদান কৰা হয় যিয়ে দল হিচাপে বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰখনলৈ অসাধাৰণ অৱদান আগবঢ়াইছে।

পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, গণিত আৰু কম্পিউটাৰ বিজ্ঞান, ভূ-বিজ্ঞান, চিকিৎসা বিজ্ঞান, অভিযান্ত্ৰিক বিজ্ঞান, কৃষি বিজ্ঞান, পৰিৱেশ বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন, পাৰমাণৱিক শক্তি, মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তি, আৰু বিজ্ঞান-প্ৰযুক্তিৰ অন্যান্য বিষয়ৰ পৰা এই বঁটা প্ৰাপকসকলক বাছনি কৰা হয়। ৰাজহুৱা বা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ উচ্চ প্ৰভাৱশালীৰ গৱেষক বা উদ্ভাৱকসকল এই বঁটাৰ বাবে যোগ্য গণ্য কৰা হয়। তদুপৰি ভাৰতৰ হৈ প্ৰভাৱ পেলোৱা কৰ্মৰ বাবে ভাৰতীয় মূলৰ বিদেশত কৰ্মৰত গৱেষক-উদ্ভাৱকসকলো ইয়াৰ বাবে যোগ্য।

প্ৰথমবাৰৰ বাবে বিজ্ঞান ৰত্ন কেৱল এজনলৈ আগবঢ়োৱা হৈছে, আৰু এই ব্যক্তিজন হৈছে ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক গোবিন্দৰাজন পদ্মনাভন।

তথ্যসূত্ৰ

  1. ↑ Call for Nominations announced under Rashtriya Vigyan Puraskar 2024. www.newsonair.gov.in. Press Information Buereau, Govt. of India
  2. ↑ Rashtriya Vigyan Puraskar 2024. awards.gov.in. CASU, Ministry of Home Affairs, Government of India
  3. ↑ Government announces Rashtriya Vigyan Puraskar to recognise science, technology contributions. www.newsonair.gov.in. Akashvani, Govt. of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ” প্ৰবন্ধৰ সংশোধন ৪২৯৬৮৩ (২৫ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।