নিশা মিলেট ( Nisha Millet; জন্ম: ২০ মাৰ্চ ১৯৮২) ভাৰতৰ কৰ্ণাটকৰ বেংগালুৰুৰ এগৰাকী সাঁতোৰবিদ। অৰ্জুন বঁটা বিজয়ী তেওঁ ২০০০ চনৰ ছিডনী অলিম্পিকৰ সাঁতোৰ দলত ভাৰতৰ বাবে একমাত্ৰ মহিলা আছিল।
কৰ্মজীৱন
৫ বছৰ বয়সত মিলেটৰ পানীত প্ৰায় ডুব যোৱাৰ অভিজ্ঞতা হৈছিল, তাৰ পিছত দেউতাকে তাইৰ ভয়ক অতিক্ৰম কৰি সাঁতুৰিব শিকিবলৈ জোৰ দিছিল। ১৯৯১ চনত চেন্নাইৰ শ্বেনয়নগৰ ক্লাবত পিতৃ অব্ৰিৰ নিৰ্দেশনাত মিলেটে সাঁতুৰিবলৈ শিকিছিল। ১৯৯২ চনলৈকে মিলেটে ৫০ মিটাৰ ফ্ৰীষ্টাইলত প্ৰথমবাৰৰ বাবে চেন্নাইত ৰাজ্যিক পৰ্যায়ৰ পদক লাভ কৰিছিল।
তেওঁৰ সাঁতোৰৰ প্ৰশিক্ষণ আৰু কেৰিয়াৰক আগুৱাই নিবলৈ তেওঁৰ পিতৃ-মাতৃ বেংগালুৰুলৈ গুচি যায়।১ তেওঁ বেংগালুৰুৰ ছফিয়া হাইস্কুলত পঢ়িছিল।১
১৯৯৪ চনত ছাব জুনিয়ৰ হৈ থকাৰ সময়তে মিলেটে ছিনিয়ৰ নেশ্যনেল লেভেলত ফ্ৰীষ্টাইলৰ পাঁচোটা স্বৰ্ণ পদক লাভ কৰি ভাৰতৰ শীৰ্ষ সাঁতোৰবিদসকলক পৰাস্ত কৰে। সেই বছৰতে হংকঙত অনুষ্ঠিত এছিয়ান এজ গ্ৰুপ চেম্পিয়নশ্বিপতো প্ৰথম আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰে।
১৯৯৮ চনৰ এছিয়ান গেমছ (থাইলেণ্ড), বিশ্ব চেম্পিয়নশ্বিপ (পাৰ্থ ১৯৯৯, ইণ্ডিয়ানাপলিছ ২০০৪)ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল মিলেটে আৰু আফ্ৰিকান এছিয়ান গেমছ আৰু এছ এ এফ গেমছ দুয়োটাতে দেশৰ হৈ পদক লাভ কৰিছিল। ১৯৯৯ চনত ৰাষ্ট্ৰীয় গেমছত ১৪টা সোণৰ পদক লাভ কৰা একমাত্ৰ ভাৰতীয় খেলুৱৈ আছিল। কেৰিয়াৰৰ শিখৰত ২০০০ চনৰ ছিডনী অলিম্পিকত ২০০ মিটাৰ ফ্ৰীষ্টাইলত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল মিলেটে, য’ত তেওঁ নিজৰ হিট জয় কৰিছিল, কিন্তু ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাছিল। অলিম্পিকৰ বাবে B Qualification টাইমিং পূৰণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা। ২০০২ চনত পিঠিৰ অস্ত্ৰোপচাৰ কৰাৰ পিছত ২০০৪ চনৰ অলিম্পিকৰ অৰ্হতাৰ পৰা সংকীৰ্ণভাৱে বাদ পৰাৰ লগতে পিতৃ-মাতৃৰ ওপৰত থকা গধুৰ আৰ্থিক বোজাৰ বাবে প্ৰতিযোগিতামূলক সাঁতোৰৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লয়।
তেওঁৰ সফলতাৰ এক বৃহৎ অংশ বাসৱনগুড়ী জলজ কেন্দ্ৰত প্ৰদীপ কুমাৰক কৃতিত্ব দিয়ে।
২০০ মিটাৰ আৰু ৪০০ মিটাৰ ফ্ৰীষ্টাইলত ১৫ বছৰ ধৰি ৰাষ্ট্ৰীয় অভিলেখ/শ্ৰেষ্ঠ ভাৰতীয় প্ৰদৰ্শন অৰ্জন কৰি ২০১৫ চনত শেষ হৈছিল।
বাংগালুৰু পলিটিকেল একচন কমিটি (B.PAC)ৰ সদস্যও।২
বঁটা
- ৰাষ্ট্ৰীয় খেলৰ শ্ৰেষ্ঠ ক্ৰীড়াবিদৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটা - ১৯৯৭ আৰু ১৯৯৯।
- মণিপুৰ ৰাষ্ট্ৰীয় খেলত ক্ৰীড়াত সৰ্বোচ্চ স্বৰ্ণ পদক (১৪) - ১৯৯৯
- ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া ব্যক্তিক দিয়া অৰ্জুন বঁটা - ২০০০
- ৰাজ্যসভা বঁটা - ২০০১
- কৰ্ণাটক ৰাজ্যিক একলব্য বঁটা - ২০০২
- আফ্ৰিকান-এছিয়ান খেল, মহিলাৰ বেকষ্ট্ৰ'ক ৰূপৰ পদক - ২০০৩
তথ্যসূত্ৰ
- ↑ Brijnath, Rohit. (30 November 1996). Indian sportspersons have a hard road to glory. India Today
- ↑ (5 February 2022). The Click In The Ballot. Outlook India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিশা মিলেট” প্ৰবন্ধৰ সংশোধন ৬৩৭২৮৭ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।