অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বিজ্ঞান ৰত্ন বঁটা

বিজ্ঞান ৰত্ন বঁটা (Vigyan Ratna Award) হৈছে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত অসাধাৰণ কৃতিত্বৰ বাবে ভাৰত চৰকাৰে আগবঢ়োৱা সৰ্বোচ্চ সন্মান। ২০২৩ চনত স্থাপিত আৰু ২০২৪ চনত প্ৰথমবাৰৰ বাবে প্ৰদান কৰা এই বঁটা বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ স্বীকৃতি হিচাপে ব্যক্তি বিশেষক…

হালনাগাদ: ২৫ আগষ্ট ২০২৪ ১৫০ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

বিজ্ঞান ৰত্ন বঁটা (Vigyan Ratna Award) হৈছে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত অসাধাৰণ কৃতিত্বৰ বাবে ভাৰত চৰকাৰে আগবঢ়োৱা সৰ্বোচ্চ সন্মান।১ ২০২৩ চনত স্থাপিত আৰু ২০২৪ চনত প্ৰথমবাৰৰ বাবে প্ৰদান কৰা এই বঁটা বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ স্বীকৃতি হিচাপে ব্যক্তি বিশেষক প্ৰদান কৰা হয়।২ এই বঁটা ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰৰ অন্তৰ্গত, য'ত আন তিনিটা বঁটাও অন্তৰ্ভুক্ত কৰা হৈছে— বিজ্ঞান শ্ৰী, বিজ্ঞান যুৱ- শান্তি স্বৰূপ ভাটনগৰ, আৰু বিজ্ঞান দল।৩

বিজ্ঞান ৰত্ন বঁটাৰ বাবে প্ৰতি বছৰে সৰ্বাধিক তিনিজন ব্যক্তিক বাছনি কৰা হয়। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ১৪ জানুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ মনোনয়ন গ্ৰহণ কৰা হয়। ১১ মে’, ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসত বঁটা প্ৰাপকৰ নাম ঘোষণা কৰা হয় আৰু ২৩ আগষ্ট, ৰাষ্ট্ৰীয় মহাকাশ দিৱসত বঁটা প্ৰদান কৰা হয়।১৪

প্ৰাৰম্ভিক বৰ্ষত, বিখ্যাত জৈৱ ৰসায়নবিদ গোবিন্দৰাজন পদ্মনাভনক বিজ্ঞান ৰত্ন বঁটা প্ৰদান কৰা হয়। এই স্বীকৃতিয়ে জৈৱ বিজ্ঞানৰ ক্ষেত্ৰখনত তেওঁৰ জীৱনজোৰা কৃতিত্বক উজলাই তুলিলে।৫ গোবিন্দৰাজন পদ্মনাভন ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ এগৰাকী প্ৰাক্তন সঞ্চালক।

তথ্যসূত্ৰ

  1. ↑ Koshy, Jacob. (19 September 2023). Science and tech awards to get Padma-style makeover into Rashtriya Vigyan Puraskar. দ্য হিন্দু
  2. ↑ Mohan, Vishwa. (21 September 2023). Government announces new set of national awards for sciences, 56 awards to be given in 4 categories. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ Rohini Krishnamurthy. Government discontinues science, health awards; to establish ‘Vigyan Ratna’ on lines of Nobel Prize. Down To Earth
  4. ↑ Ray, Kalyan. (21 September 2023). Govt junks the cash prize for Bhatnagar awardees, announces new science awards. Deccan Herald
  5. ↑ Marar, Anjali. (7 August 2024). Ex-IISc head Padmanabhan, Chandrayaan-3 team among first Rashtriya Vigyan Puraskar awardees. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজ্ঞান ৰত্ন বঁটা” প্ৰবন্ধৰ সংশোধন ৪২৯৬৮৭ (২৫ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।