অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বেবী ৰাণী মৌৰ্য

বেবী ৰাণী মৌৰ্য (: Baby Rani Maurya; জন্ম: ১৫ আগষ্ট ১৯৫৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, বৰ্তমান ২০২২ চনৰ মাৰ্চ মাহৰপৰা উত্তৰ প্ৰদেশ চৰকাৰত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

হালনাগাদ: ১১ ছেপ্তেম্বৰ ২০২৫ ২০৫ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

বেবী ৰাণী মৌৰ্য (: Baby Rani Maurya; জন্ম: ১৫ আগষ্ট ১৯৫৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, বৰ্তমান ২০২২ চনৰ মাৰ্চ মাহৰপৰা উত্তৰ প্ৰদেশ চৰকাৰত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।১

প্ৰাৰম্ভিক জীৱন

১৯৫৬ চনৰ ১৫ আগষ্টত মৌৰ্যৰ জন্ম হৈছিল জাতৱ জাতিত২ যাক ৰবিদাসিয়া বুলিও কোৱা হয়।৩৪ তেওঁৰ শিক্ষা গত অৰ্হতা হ’ল এডুকেচনত স্নাতক আৰু কলাত স্নাতকোত্তৰ ডিগ্ৰী।৪

কৰ্মজীৱন

মৌৰ্যই ১৯৯০ৰ দশকৰ আৰম্ভণিত ৰাজনীতিত সক্ৰিয় হয়। তেওঁ প্ৰথমে বিজেপিৰ এজন কৰ্মী হিচাপে ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল।৫৬ ১৯৯৫ চনত আগ্ৰাৰ মেয়ৰ পদৰ বাবে বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰি বৃহৎ ভোটেৰে বিজয়ী হৈছিল। তেওঁ আগ্ৰাৰ প্ৰথমগৰাকী মহিলা মেয়ৰ হৈছিল আৰু ২০০০ পৰ্যন্ত এই পদত আছিল।৫৭

১৯৯৭ চনত, তেওঁ বিজেপিৰ অনুশূচিত জাতি (SC) শাখাত এটা গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰে, য'ত তেতিয়াৰ সভাপতি আছিল ৰাম নাথ কোৱিন্দ (পিছত ভাৰতৰ ৰাষ্ট্ৰপতি)।৫৪ ২০০১ চনত, তেওঁ উত্তৰ প্ৰদেশ সমাজকল্যাণ বোৰ্ডৰ সদস্য হৈছিল। দলিত মহিলাসকলৰ সশক্তিকৰণৰ প্ৰচেষ্টাৰ বাবে, ২০০২ চনত তেওঁ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সদস্য হিচাপে নিয়ুক্ত হৈছিল আৰু ২০০৫ চনলৈ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।৪৫৮

বিজেপিয়ে ২০০৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত মৌৰ্যক এটমাদপুৰ আসনৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছিল, কিন্তু তেওঁ বাহুজন সমাজ পাৰ্টিৰ প্ৰাৰ্থী নাৰায়ণ সিং সুমনৰ হাতত কম ভোটৰ ব্যৱধানত পৰাস্ত হয়।৫৯ ২০১৩ ৰপৰা ২০১৫ চনলৈ তেওঁ বিজেপিয়ে দিয়া ৰাজ্যিক দায়িত্বসমূহত ব্যস্ত আছিল। জুলাই ২০১৮ চনত, তেওঁ শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্য হিচাপে নিযুক্ত হয়।৫

২১ আগষ্ট ২০১৮ তাৰিখে, মৌৰ্য ভাৰত চৰকাৰৰদ্বাৰা উত্তৰাখণ্ডৰ সপ্তমগৰাকী ৰাজ্যপাল হিচাপে নিযুক্ত হয়। ২৬ আগষ্টত উত্তৰাখণ্ডৰ ৰাজভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত তেওঁ ৰাজ্যপালৰূপে শপত গ্ৰহণ কৰে।৫১০ তেওঁ উত্তৰাখণ্ডৰ দ্বিতীয়গৰাকী মহিলা ৰাজ্যপাল হৈছিল, প্ৰথমগৰাকী আছিল ২০০৯ চনত নিযুক্ত হোৱা মাৰ্গাৰেট আল্ভা।

ছেপ্তেম্বৰ ২০২১ চনত, তেওঁ নিজৰ কাৰ্যকাল শেষ হোৱাৰ দুই বছৰ আগতে ৰাজ্যপাল পদৰপৰা পদত্যাগ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি হয়। ২০২২ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত আগ্ৰা গ্ৰাম্য আসনৰপৰা বিজয়ী হয় আৰু যোগী আদিত্যনাথৰ চৰকাৰত মন্ত্ৰী পদ লাভ কৰে।১১

তথ্যসূত্ৰ

  1. ↑ (8 September 2021). Uttarakhand governor Baby Rani Maurya resigns
  2. ↑ (7 February 2022). Why Baby Rani Maurya is the BJP's Mayawati
  3. ↑ (2 March 1976). Delhi Gazetteer. The Unit
  4. ↑ Bioprofile of Smt. Baby Rani Maurya, Hon'ble Governor, Uttarakhand. Rajbhawan Uttarakhand
  5. ↑ Lavania, Deepak. (23 August 2018). Uttarakhand governor Baby Rani Maurya a dedicated worker, strict administrator. The Times of India
  6. ↑ (23 August 2018). Baby Rani Maurya To Take Oath As Uttarakhand Governor On 26th August. Uttarakhand News Network
  7. ↑ Kumar, Yogesh. (22 August 2018). Former Agra mayor appointed Uttarakhand governor. The Times of India
  8. ↑ List of Members of the Commission since its inception. National Commission for Women
  9. ↑ 339-Etmadpur- Uttar Pradesh. Election Commission of India
  10. ↑ (26 August 2018). Baby Rani Maurya takes oath as Uttarakhand Governor. Deccan Chronicle. Asian News International
  11. ↑ Zee News. (10 March 2022). Agra Rural Assembly Election results 2022 (Agra Rural Vidhan Sabha Natija 2022): BJP's Baby Rani Maurya marks landslide victory with 1,37,310 votes

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেবী ৰাণী মৌৰ্য” প্ৰবন্ধৰ সংশোধন ৫৩৮২১১ (১১ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।