অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

দেবলিনা হেমব্ৰাম

দেবলিনা হেমব্ৰাম (ইংৰাজী: Deblina Hembram) পশ্চিম বংগৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য। ২০০৬-১১ চনত বাওঁ মঞ্চ মন্ত্ৰালয়ত জনজাতি পৰিক্ৰমা মন্ত্ৰী আছিল।

হালনাগাদ: ৬ জুলাই ২০২৫ ১৮৮ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

দেবলিনা হেমব্ৰাম (ইংৰাজী: Deblina Hembram) পশ্চিম বংগৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য। ২০০৬-১১ চনত বাওঁ মঞ্চ মন্ত্ৰালয়ত জনজাতি পৰিক্ৰমা মন্ত্ৰী আছিল।

ব্যক্তিগত জীৱন

দেবলিনা হেমব্ৰামৰ বিবাহ সুকলাল হেমব্ৰামৰ সৈতে হৈছিল। ১৯৮৮ চনত পশ্চিম বংগ মাধ্যমিক শিক্ষা ব'ৰ্ডৰ অধীনৰ বডী হাইস্কুলৰ পৰা তেওঁ দশম শ্ৰেণী সম্পূৰ্ণ কৰিছিল।১২

ৰাজনৈতিক জীৱন

দেবলিনা হেমব্ৰাম অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টি ৰাণীবন্ধ বিধানসভা সমষ্টিৰ পৰা তিনিবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে।[3][4][5] ইয়াৰ পৰাই তেওঁ ১৯৯৬, ২০০৬ আৰু ২০১১ চনৰ পশ্চিম বংগ বিধানসভা নিৰ্বাচনত জয়লাভ কৰিছে।৩৪৫ ৰাণীবন্ধত প্ৰথমবাৰৰ নিৰ্বাচনত তেওঁ কংগ্ৰেছ দলৰ নেতা অনিল হান্সদাৰ সৈতে মুখামুখি হৈছিল আৰু ৩২,৪০৯ টা ভোটৰ ব্যৱধানত এক বৃহৎ জয়লাভ কৰিছিল।৩ ২০০৬ চনৰ নিৰ্বাচনত তেওঁ জে কে পি(এন)ৰ আদিত্য কিস্কুক ১০,৮৯০ ভোটত পৰাস্ত কৰে।৩৪ ২০১১ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ ফাল্গুনি হেমব্ৰামক ৬,৮৫৯ টা ভোটত পৰাস্ত কৰে।৫

২০১২ চনৰ ১১ ডিচেম্বৰত শাসকীয় দলৰ চিট ফাণ্ড ৰেকেট কেলেংকাৰীৰ বিৰুদ্ধে মাত মতাৰ বাবে পশ্চিম বংগ ৰাজ্যিক বিধানসভাৰ ভিতৰত তৃণমূল কংগ্ৰেছৰ বিধায়কসকলে দেবলিনা হেমব্ৰামক আক্ৰমণ কৰে।৬৭৮ তৃণমূল কংগ্ৰেছৰ পুৰুষ বিধায়কসকলে তেওঁক মজিয়াত বাগৰাই পেলাই প্ৰহাৰ কৰিছিল আৰু তাৰ পিছত লগে লগে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।৯ ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে দিয়া দেবলিনা হেমব্ৰামৰ ভাষণ (তেওঁৰ মাতৃভাষা সান্তালীত) ইণ্টাৰনেটৰ চাঞ্চল্যৰ বিষয় হৈ পৰিছিল।১০১১১২ ২০১৯ চনৰ সংসদ নিৰ্বাচনত ঝাৰগ্ৰাম লোকসভা সমষ্টিৰ পৰা চি পি আই (এম)ৰ প্ৰাৰ্থী আছিল।১১১৩১২১৪ নিৰ্বাচনত তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ কুনাৰ হেমব্ৰামৰ হাতত পৰাস্ত হয়।১৫

সাংগঠনিক নেতৃত্ব

সৰ্বভাৰতীয় কিষাণ সভাৰ ৩৩ সংখ্যক সন্মিলনত তেওঁ সৰ্বভাৰতীয় কিষাণ পৰিষদলৈ নিৰ্বাচিত হয়।১৬ সৰ্বভাৰতীয় গণতান্ত্ৰিক মহিলা সন্থাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি পদতো কৰ্মৰত।১৭

তথ্যসূত্ৰ

  1. ↑ Deblina Hembram(Communist Party of India (Marxist)(CPI(M))):Constituency- RANIBANDH (ST)(BANKURA) - Affidavit Information of Candidate. myneta.info
  2. ↑ DEBLINA HEMBRAM: Bio, Political life, Family & Top stories. The Times of India
  3. ↑ (1966). STATISTICAL REPORT ON GENERAL ELECTION, 1996 TO THE LEGISLATIVE ASSEMBLY OF WEST BENGAL. ELECTION COMMISSION OF INDIA. পৃ. 366
  4. ↑ (2006). STATISTICAL REPORT ON GENERAL ELECTION, 2001 TO THE LEGISLATIVE ASSEMBLY OF WEST BENGAL. ELECTION COMMISSION OF INDIA. পৃ. 561
  5. ↑ STATISTICAL REPORT ON GENERAL ELECTION, 2011 TO THE LEGISLATIVE ASSEMBLY OF WEST BENGAL. ELECTION COMMISSION OF INDIA
  6. ↑ (2012-12-11). Three members injured in Bengal assembly scuffle. Deccan Herald
  7. ↑ ABP Ananda. (December 11, 2012). Debolina Hembram on assembly hackled
  8. ↑ (2019-04-11). Elections 2019: LF Blames TMC-BJP 'Nervousness' For Recent Attacks. NewsClick
  9. ↑ TMC-Left free-for-all in Assembly sends four MLAs to hospital - Indian Express. archive.indianexpress.com
  10. ↑ CPI(M)'s Jhargram Candidate Does Not Have Email Account, But is a YouTube Star. News18
  11. ↑ (2019-04-28). Meet Deblina Hembram, an unlikely YouTube star fighting polls from Jhargram. Business Standard India. Press Trust of India
  12. ↑ (2019-04-28). CPI(M) candidate from Jhargram, an unlikely YouTube star fighting to reclaim Left bastion. The Indian Express
  13. ↑ দেবলীনাতেই ভৰসা বামেদেৰ. anandabazar.com
  14. ↑ পান্তাভাত'ই পাওয়াৰ লাঞ্চ, সিপিএমেও ব্যতিক্ৰমী দেবলীনা হেমব্ৰম!. Ei Samay
  15. ↑ Jhargram Lok Sabha Elections Result 2019: Winning Political Party, Candidate, Vote Share. Zee News
  16. ↑ 33rd Conference: Proceedings – All India Kisan Sabha
  17. ↑ (2017-07-20). About Us. Aidwa

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদমহিলা ৰাজনীতিবিদচাঁওতালি ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেবলিনা হেমব্ৰাম” প্ৰবন্ধৰ সংশোধন ৫২২৪৬৯ (৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।