ছন্নো দেৱী (জন্ম: ১ জুন ১৯০১) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী। তেওঁ ভাৰতৰ পঞ্জাব ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী ৰাজনীতিবিদ আছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য ছন্নো দেৱীয়ে পঞ্জাব আৰু হাৰিয়ানা ৰাজ্যৰ বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ ১৯৬২ চনৰ ১৯ মাৰ্চৰ পৰা ১৯৬৬ চনৰ ৩১ অক্টোবৰলৈ পঞ্জাব বিধানসভাৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত প্ৰথম গৰাকী মহিলা বিধানসভাৰ অধ্যক্ষ।১ তেওঁ ৬ ডিচেম্বৰ ১৯৬৬ চনৰ পৰা ১৭ মাৰ্চ ১৯৬৭ চনলৈ হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ হিচাপে কৰ্মৰত আছিল।২৩
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯০১ চনৰ ১ জুন তাৰিখে ব্ৰিটিছ ভাৰতৰ মুলতানত ছন্নো দেৱীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ লাল সইত ৰাম খান্না এগৰাকী ব্ৰিটিছ চৰকাৰৰ অধীনৰ কৰ্মচাৰী আছিল। তেওঁ পঞ্জাবৰ জলন্ধৰত অৱস্থিত কন্যা মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষা উত্তীৰ্ণ হৈছিল। তেওঁ ছাত্ৰী অৱস্থাৰে পৰা ৰাজনীতিৰ ফালে আকৃষ্ট হৈছিল আৰু এগৰাকী ছাত্ৰনেতা হিচাপে তেওঁ ৰাজনৈতিক জীৱনৰ পাতনি মেলিছিল। তেওঁ কংগ্ৰেছ পাৰ্টিৰ সক্ৰিয় সদস্য হিচাপে জিলা কংগ্ৰেছৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। ১৯৪৭ চনত দেশ বিভাজনৰ পিছত তেওঁ ভাৰতলৈ আহে আৰু পঞ্জাবত নিগাজীকৈ থাকিবলৈ লয়। তেওঁ পঞ্জাব বিধানসভালৈ দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল আৰু পিছলৈ হাৰিয়ানা বিধানসভালৈও তেওঁ নিৰ্বাচিত হয়।৪
ৰাজনৈতিক জীৱন
ছন্নো দেৱীয়ে জিলা কংগ্ৰেছৰ সভাপতিৰ পদ লাভ কৰাৰ পিছত তেওঁ পঞ্জাব বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ টিকট লাভ কৰে। তেওঁ ১৯৫১ চনৰ পৰা ১৯৫৭ চনলৈ অমৃতচৰ বিধানসভা সমষ্টিৰ পৰা আৰু ১৯৬২ চনৰ পৰা ১৯৬৬ চনলৈ জগধ্ৰী সমষ্টিৰ পৰা পঞ্জাব বিধানসভালৈ দুবাৰকৈ নিৰ্বাচিত হৈছিল। তেওঁ ১৯৪০ চনত ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত পঞ্জাব প্ৰদেশৰ মুলতান বিধানসভা সমষ্টিৰ জয়লাভ কৰিছিল। অবিভক্ত ভাৰতৰ এই নিৰ্বাচনত তেওঁ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী বিখ্যাত নেতা ছাৰ গংগা ৰামৰ পুত্ৰক প্ৰায় ৬০০০ ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল। তেওঁ একে সমষ্টিৰ পৰা ১৯৪৬ চনত নিকটতম প্ৰতিদ্বন্দ্বীক প্ৰায় ১৯০০০ ভোটৰ ব্যৱধানত নিৰ্বাচিত হয়।৫ সেইদৰে তেওঁ ১৯৫১ চনৰ নিৰ্বাচনত বি.জে.এছ.ৰ প্ৰাৰ্থী প্ৰকাশ চান্দক প্ৰায় ৮০০০ ভোটৰ ব্যৱধানত হৰুৱাইছিল।৬ আকৌ ১৯৬২ চনৰ পঞ্জাব বিধানসভা নিৰ্বাচনত তেওঁ জে.এছ.ৰ ইন্দৰ চেইনক প্ৰায় ৫০০০ ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল।৭ তেওঁ ১৯৬২ চনৰ ১৯ মাৰ্চৰ পৰা ১৯৬৬ চনৰ ৩১ অক্টোবৰলৈ পঞ্জাব বিধানসভাৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৬৬ চনৰ ৬ ডিচেম্বৰ তাৰিখে তেওঁ হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ হিচাপে পদ গ্ৰহণ কৰে। ইয়াৰ লগতে তেওঁ হাৰিয়ানা বিধানসভাৰ উপাধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।৮ তেওঁ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত প্ৰথম গৰাকী মহিলা বিধানসভাৰ অধ্যক্ষ।৯
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ first woman deputy speakers in India. books.google.co.in
- ↑ Haryana Legislative Assembly speaker. legislativebodiesinindia.nic.in
- ↑ only woman to occupy a prominent position was Shanno Devi, the first Speaker of the Haryana Vidhan Sabha.. tribuneindia.com
- ↑ List of Successful Candidates in Punjab Assembly Election in 1962. elections.in
- ↑ 1940 & 1946 election of Multan. books.google.co.in
- ↑ Election Results in Amritsar City West, Punjab. elections.traceall.in
- ↑ Election Results in Jagadhri, Punjab. elections.traceall.in
- ↑ Haryana Review, September 2009, Vol 23 Issue 8. Haryana Review. পৃ. 12
- ↑ first woman deputy speakers in India. books.google.co.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছন্নো দেৱী” প্ৰবন্ধৰ সংশোধন ৪৩১৬২৩ (১১ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।