অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিমলাক্কা

অৰুণোদয় বিমলা (Arunodaya Vimala; জন্ম: ১৯৬৪)-ৰ জনপ্ৰিয় নাম হৈছে 'বিমলাক্কা' (Vimalakka। তেখেত তেলুগু ভাষাৰ এগৰাকী বেলাদ গায়িকা আৰু সক্ৰিয় সমাজকৰ্মী। তেখেতৰ গোটটোক 'অৰুণদয়া সংস্কৃতিকা সমখ্যা' (ACF) বুলি কোৱা হয়। তেলঙ্গানা ৰাজ্য গঠন কৰাৰ সময়ত তেখেতে যুটীয়া কাৰ্যবাহী সমিতি এখনৰ নেতৃত্ব দিছিল।

হালনাগাদ: ২৮ ফেব্ৰুৱাৰী ২০২১ ২২৯ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

অৰুণোদয় বিমলা (Arunodaya Vimala; জন্ম: ১৯৬৪)-ৰ জনপ্ৰিয় নাম হৈছে 'বিমলাক্কা' (Vimalakka। তেখেত তেলুগু ভাষাৰ এগৰাকী বেলাদ গায়িকা আৰু সক্ৰিয় সমাজকৰ্মী। তেখেতৰ গোটটোক 'অৰুণদয়া সংস্কৃতিকা সমখ্যা' (ACF) বুলি কোৱা হয়।১ তেলংগানা ৰাজ্য গঠন কৰাৰ সময়ত তেখেতে যুটীয়া কাৰ্যবাহী সমিতি এখনৰ নেতৃত্ব দিছিল।

প্ৰাৰম্ভিক জীৱন

নালগোণ্ডা জিলাৰ আলেৰ গাঁৱত বিমলাক্কাৰ জন্ম হৈছিল। পিতৃ-মাতৃ আছিল বান্দ্ৰু নৰসিময়া আৰু নৰছামা। বান্দ্ৰু নৰসিময়াই তেলঙ্গানা বিদ্ৰোহৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু বিদ্ৰোহী হিচাপে চিহ্নিত হৈছিল। বিমলাক্কা কূৰ্মা সম্প্ৰদায়ৰ অন্তৰ্গত। ঘৰৰ পাঁচোটি সন্তানৰ ভিতৰত তেখেতে আছিল কনিষ্ঠ। ভংগীৰৰ পৰা তেখেতে স্নাতক ডিগ্ৰী অৰ্জন কৰে।

জীৱন

পিতৃৰ বিদ্ৰোহাত্মক চেতনাৰ দ্বাৰা বিমালাক্কা যথেষ্ট পৰিমাণে প্ৰভাৱান্বিত হৈছিল। ৰাম সাট্টায়াৰ দ্বাৰা উৎসাহ লাভ কৰি তেখেতে কম বয়সতেই গীত পৰিৱেশন কৰিবলৈ আৰম্ভ কৰে। ৰাম সাট্টায়াও আছিল এগৰাকী সমাজকৰ্মী।

১৯৯৫ চনৰ পৰাই টেলেংগান ৰাজ্য-গঠনৰ হকে বিমালাক্কাই যুঁজ কৰি আহিছে।২ বৰ্তমান তেখেতে টেলেংগানৰ বিভিন্ন জিলাসমূহ পৰিভ্ৰমণ কৰিছে আৰু ঠায়ে-ঠায়ে লোকসংগীতৰ অনুষ্ঠান পৰিৱেশন কৰিছে। সেইসমূহৰ ভিতৰত তেলঙ্গানা ধুম-ধাম আৰু বাথুকামা উৎসৱো অন্তৰ্ভুক্ত।৩

বিমালাক্কাইকুৰা দেৱেন্দৰৰ লগত বৈবাহিক জীৱন আৰম্ভ কৰে। দেৱেন্দৰ আছিল জনশক্তি (চিপিআইম) দলৰ নেতা। আনহাতে বিমলাক্কা হৈছে অৰুণোদয় সাংস্কৃতিক সংঘৰ সভাপতি। যিটো সংঘই টেলেংগান ৰাজ্য গঠন হোৱাত শক্তিশালী ভূমিকা পালন কৰে। তেওঁলোকে ঠায়ে ঠায়ে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। এইসমূহ অনুষ্ঠানৰ সমন্বয়ক আছিল সংঘৰ উপ-সভাপতি মোহন বৈৰাগী।

নতুন ৰাজ্য হিচাপে তেলঙ্গানাক গঠন কৰাৰ আন্দোলনত জড়িত হৈ বিমালাক্কাই কেইবাটাও গোচৰৰ সমুখীন হৈছিল।৪ মোহন বৈৰাগী, সন্তোষ, ভেংকট, মল্লু আৰু অন্যসকলৰলগত তেখেতে চাৰিটা মাহ কাৰাগাৰত কটাইছিল। বৰ্তমান তেখেত তেলঙ্গানা সংযুক্ত ফ্ৰণ্টৰ অধ্যক্ষ হিচাপে 'সামাজিকা তেলঙ্গানা'ৰ হকে কাম কৰি আছে।

তথ্যসূত্ৰ

  1. ↑ Oct 27, TNN ·; 2010; Ist, 20:54. Gaddar unveils TPF flag · Hyderabad News - Times of India. The Times of India
  2. ↑ Namasthe Telangana e Paper · e Paper ntnews. epaper.ntnews.com
  3. ↑ (4 February 2010). Name panel for creation of Telangana, says MLC. The Hindu
  4. ↑ www.veethi.com/india-people/vimalakka-profile-13

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদসমাজকৰ্মীভাৰতীয় কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিমলাক্কা” প্ৰবন্ধৰ সংশোধন ২৬৫২৩৩ (২৮ ফেব্ৰুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।