ভজন লাল শৰ্মা (Bhajan Lal Sharma; জন্ম: ১৫ ডিচেম্বৰ, ১৯৬৭) হৈছে ৰাজস্থানৰ এগৰাকী ৰাজনীতিবিদ তথা ৰাজস্থানৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী।১ তেওঁ ৰাজস্থান বিধানসভাৰ সদস্য হিচাপে সাংগানেৰ বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে।২ তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সাধাৰণ সম্পাদক হিচাপেও চাৰিবাৰকৈ কাৰ্যনিৰ্বাহ কৰিছে।৩
প্ৰাথমিক জীৱন আৰু শিক্ষা
ৰাজস্থানৰ ভৰতপুৰ জিলাৰ নাদবাই অঞ্চলৰ অন্তৰ্গত আটাৰী গাঁৱত ভজন লাল শৰ্মাৰ জন্ম হৈছিল।৪ তেখেতৰ পিতৃ কিষাণ স্বৰূপ শৰ্মা আৰু মাতৃ গোমতী দেৱী।৫ নিৰ্বাচনী শপতনামাত উল্লেখ কৰা শৈক্ষিক অৰ্হতা অনুসৰি তেওঁ ৰাজস্থান বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত এম এ ডিগ্ৰী লাভ কৰিছে।৬
ৰাজনৈতিক জীৱন
শৰ্মাই স্কুলীয়া দিনৰে পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ছাত্ৰ শাখা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জৰিয়তে ৰাজনৈতিক জীৱনৰ আৰম্ভণি কৰিছিল। পিছলৈ তেওঁ তাতেই জিলা সহ আহ্বায়ক আৰু সহ-জিলা প্ৰমুখ হৈ পৰে। পিছলৈ ভাৰতীয় জনতা যুৱ মৰ্চাত যোগদান কৰি ২৭ বছৰ বয়সত জন্ম গাঁৱৰ সৰ্পঞ্চ হয়।৬
তেওঁ একেৰাহে চতুৰ্থবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টী, ৰাজস্থানৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।৭
২০০৩ চনত ভাৰতপুৰৰ নদবাই বিধানসভা সমষ্টিৰ পৰা ৰাজস্থান সমাজিক ন্যায় মঞ্চৰ টিকটত শৰ্মাই বিধানসভা নিৰ্বাচনত বিফলভাৱে প্ৰতিদ্বন্দ্বিতা কৰি ৫,৯০০ ভোটৰ অলপ বেছি ভোট আৰু ৬.২৮% ভোটৰ অংশীদাৰিত্ব লাভ কৰি পঞ্চম স্থান দখল কৰে।৮
২০২৩ চনৰ ৰাজস্থান বিধানসভা নিৰ্বাচনৰ পিছত তেওঁ সংগনেৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়।৯
২০২৩ চনৰ ১২ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে ভাৰতীয় জনতা পাৰ্টিয়ে দুজন উপ মুখ্যমন্ত্ৰী দিয়া কুমাৰী আৰু প্ৰেম চান্দ বৈৰৱাৰ সৈতে ৰাজস্থানৰ চতুৰ্দশ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে।১০
ৰাজস্থানৰ মুখ্যমন্ত্ৰী
২০২৩ চনৰ ১২ ডিচেম্বৰত ভাৰতীয় জনতা পাৰ্টীয়ে দুজন উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰী আৰু প্ৰেম চান্দ বৈৰৱাৰ সৈতে ৰাজস্থানৰ চতুৰ্দশ মুখ্যমন্ত্ৰী হিচাপে তেওঁক নিযুক্তি দিয়ে।১১১২
ব্যক্তিগত জীৱন
তেওঁ বিবাহিত আৰু তেওঁৰ দুজন পুত্ৰ আছে। ডাঙৰ পুত্ৰ অভিষেক শৰ্মা পঢ়া-শুনা কৰি এটা ব্যক্তিগত চাকৰি কৰি আছে। তেওঁৰ কনিষ্ঠ পুত্ৰ কুনাল শৰ্মা এগৰাকী এমবিবিএছ ডাক্তৰ।
তথ্যসূত্ৰ
- ↑ (12 December 2023). First-time MLA Bhajan Lal Sharma to be new Chief Minister of Rajasthan. The Hindu
- ↑ Bhajan Lal again becomes State General Secretary in BJP. news18.com
- ↑ Election Commission of India. results.eci.gov.in
- ↑ Mukherjee, Deep. (2023-12-12). Meet BJP’s new Rajasthan CM Bhajan Lal Sharma: Debutant MLA, party man close to RSS. indianexpress.com
- ↑ Bhattacharya, Manish. (2023-12-12). राजस्थान के नए मुख्यमंत्री भजन लाल शर्मा के परिवार में कौन-कौन है? बेटे करते हैं ये काम. indiatv.in
- ↑ Mukherjee, Deep. Meet BJP’s new Rajasthan CM Bhajan Lal Sharma: Debutant MLA, party man close to RSS. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ (12 December 2023). Low-profile Bhajan Lal Sharma is known for command on organisational matters. The Hindu
- ↑ (2023-12-12). Who is Bhajan Lal Sharma, BJP's pick for Rajasthan chief minister? Check wealth, education details. Hindustan Times
- ↑ Bureau, The Hindu. (2023-12-12). Bhajan Lal Sharma to be Chief Minister of Rajasthan. The Hindu
- ↑ Kumar, Devesh. (2023-12-12). Rajasthan news: Vasundhara Raje suggested Bhajanlal Sharma's name for CM post. mint
- ↑ (12 December 2023). Bhajan Lal Sharma is next Rajasthan Chief Minister, Vasundhara Raje proposes name. India Today
- ↑ (12 December 2023). Bhajanlal Sharma To Be Rajasthan CM: 1st-time MLA, Upper Caste Leader, All About BJP's Surprise Pick. News 18
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভজন লাল শৰ্মা” প্ৰবন্ধৰ সংশোধন ৩৯৭৬৪৫ (১৫ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।