প্ৰভা ঠাকুৰ (ইংৰাজী: Prabha Thakur; জন্ম: ১০ ছেপ্টেম্বৰ ১৯৫১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, কংগ্ৰেছী নেতা, হিন্দী কবি আৰু সমাজকৰ্মী।১ ২০০৪ চনৰপৰা ২০১৪ চনলৈকে ৰাজস্থানৰ পৰা একেৰাহে দুটা কাৰ্যকালৰ বাবে ৰাজ্যসভাৰ সাংসদ হোৱাৰ লগতে ১৯৯৮-৯৯ চনত আজমেৰৰপৰা নিৰ্বাচিত হৈ লোকসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ঠাকুৰ সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভাপতিও আছিল।২ প্ৰভা ঠাকুৰে কেইখনমান হিন্দী আৰু ৰাজস্থানী চলচ্চিত্ৰৰ প্ৰযোজনা, পৰিচালনা কৰাৰ লগতে কণ্ঠশিল্পী হিচাপেও কাম কৰিছে।৩
প্ৰাৰম্ভিক জীৱন
১৯৫১ চনৰ ১০ ছেপ্টেম্বৰত আজমেৰৰ কিশনগড়ৰ ছোটা উদয়পুৰ নামৰ এখন গাঁৱত প্ৰভা ঠাকুৰৰ জন্ম হৈছিল। তেওঁৰ পিতৃ দেৱী সিং বাৰ্হাথ এজন ৰাজস্থানৰ প্ৰশাসনিক বিষয়া আছিল আৰু মাতৃৰ নাম আছিল সুশিলা দেৱী।৪
কৰ্ম জীৱন
প্ৰভা ঠাকুৰ ১৯৯৮-৯৯ চনলৈ ৰাজস্থানৰ আজমেৰ সমষ্টিৰপৰা দ্বাদশ লোকসভাৰ সদস্য আছিল। তেওঁ ২০০৯ চনত বংগ ৰাজ্যৰ বাওঁ মঞ্চৰ শাসনক মুকলিকৈ সমালোচনা কৰি বিগত ৩৩ বছৰৰ শাসনকালত মহিলাৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি পাইছে বুলি কৈছিল।৫ ২০১৪ চনত তেওঁ ৩৩% মহিলা সংৰক্ষণ বিধেয়কৰ বাবে আম সভাক সমৰ্থন কৰিছিল।৬ তেওঁ বিশ্বাস কৰে এই বিধেয়কখনে “ভাৰতীয় মহিলাসকলক সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে সবলীকৰণত সহায় কৰিব”।৭
ঠাকুৰে অন্যান্য মহিলা বিষয়ত মাত মাতি ভাৰতত ধৰ্ষণ বিৰোধী কঠোৰ ব্যৱস্থাৰ আহ্বান জনায়।৮ ঠাকুৰ 'সন্মান হত্যা'ৰ বিৰুদ্ধে আইন প্ৰণয়নৰ সমৰ্থক আছিল।৯ ধৰ্ষণৰ ঘটনাৰ বিৰুদ্ধে যুঁজিবলৈ সাজ-পোছাক নিয়ম কাৰ্যকৰী কৰাৰ বিষয়ে কৰা মন্তব্যৰ উত্তৰত তেখেতে কয় যে, “প্ৰশ্ন সাজ-পোছাকৰ নহয়, পুৰুষৰ মানসিকতাৰহে। এজনী ছোৱালীয়ে কি পিন্ধিব লাগে বা নালাগে, সেয়া কেৱল ছোৱালীজনীৰ, তাইৰ মাক-দেউতাকৰ আৰু তাইৰ পৰিয়ালৰহে চিন্তাৰ বিষয়। ছোৱালী এজনীয়ে কেনে আচৰণ কৰিব লাগে সেই বিষয়ে আন কোনোৱে একো কোৱাৰ প্ৰয়োজন নাই বুলি মই ভাবো।”১০ ইয়াৰ পৰিৱৰ্তে, যিমানেই মহিলাসকলে ধৰ্ষণকাৰীক "ন্যায়" প্ৰদান কৰা দেখিব, সিমানেই তেওঁলোকে আক্ৰমণকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ সম্ভাৱনা বেছি হ'ব।১১ ইয়াৰ পূৰ্বেও তেওঁ দিল্লীত মহিলাৰ ওপৰত হোৱা হিংসাত্মক অপৰাধৰ বিৰোদ্ধে মাত মাতিছিল।১২
প্ৰভাই বৌদ্ধ ধৰ্মৰ জৰিয়তে বিশ্ব শান্তি আৰু সম্প্ৰীতিৰ বাবে কাম কৰি অহা মহা বোধি সমাজৰো সদস্য। এগৰাকী সমাজকৰ্মী আৰু সাংসদ সদস্য হিচাপে তেওঁ মহিলা আৰু শিশুৰ সৈতে জড়িত ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে বিশেষ প্ৰচেষ্টা চলাইছিল।৩
ভাৰতত ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ সময়ত ঠাকুৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ লাখ টকা দান কৰিছিল।৫
সাহিত্য আৰু চলচ্চিত্ৰ
প্ৰভা ঠাকুৰ এগৰাকী সুপৰিচিত কবি আৰু তেওঁৰ কবিতা সাপ্তাহিক হিন্দুস্তান, ধৰ্মযুগ, আৰু কদম্বনি আদি সাহিত্য আলোচনীৰ লগতে অল ইণ্ডিয়া ৰেডিঅ’ আৰু দূৰদৰ্শনতো নিয়মিতভাৱে প্ৰকাশ পাইছে। তেওঁ বিভিন্ন হিন্দী সাহিত্য সন্মিলন আৰু কবি আলোচনা-চক্ৰত অংশগ্ৰহণ কৰিছে। ইয়াৰ উপৰি তেওঁ কেইখনমান হিন্দী আৰু ৰাজস্থানী ছবিৰ প্ৰযোজনা আৰু পৰিচালনা কৰাৰ লগতে গীতৰ কথাকাৰ, সুৰকাৰ আৰু কণ্ঠশিল্পী হিচাপেও কাম কৰিছে।৩
চলচ্চিত্ৰ
| বছৰ | শিৰোনাম | পদবী | টোকা |
|---|---|---|---|
| গৰা হাত জা | প্ৰযোজক | চুটি ছবি | |
| ১৯৯৭ | বিনানি হ’ৱ টু এইছি | প্ৰযোজক, সংগীত, গীতৰ কথা | ৰাজস্থানী চলচ্চিত্ৰ |
| ১৯৯৭ | জয় মহালক্ষ্মী মা | পৰিচালক, সংগীত, গীতৰ কথা, চিত্ৰনাট্য, সংলাপ, কাহিনী | হিন্দী চলচ্চিত্ৰ |
| ২০০৬ | কচ্চী ছড়ক | প্ৰযোজক, সংগীত, গীতৰ কথা | বলিউডৰ ছবি |
নেপথ্য কণ্ঠশিল্পী
| বছৰ | চলচ্চিত্ৰ | গীত | ভাষা |
|---|---|---|---|
| ১৯৮৪ | পাপী পেট কা ছৱাল হেঁই | মুছা চাটনি পিছেৱে | হিন্দী |
| ১৯৯৭ | বিনানি হ’ৱ টু এইছি | প্ৰীতম মানে পাৰ্নো টু | ৰাজস্থানী |
গ্ৰন্থ
প্ৰভা ঠাকুৰে হিন্দী ভাষাত কেইবাখনো কবিতা পুথি প্ৰকাশ কৰিছে। তেওঁ প্ৰকাশ কৰা কবিতা সংকলন কেইখন হৈছে:
- বাউৰায়া মন (কবিতা সংকলন) (১৯৮২)
- আখাৰ আখাৰ (কবিতা সংকলন) (১৯৯০)
- দেহৰী কা মন (কবিতা সংকলন) (২০১৩)
সম্পাদনা
১৯৮৫ চনত প্ৰভা ঠাকুৰে চেতনা কে স্বৰ নামৰ এখন কবিতা কবিতা সংকলন সম্পাদনা কৰিছিল।
তথ্যসূত্ৰ
- ↑ Detailed Profile: Dr. Prabha Thakur. India.gov Archive
- ↑ Ashiq, Peerzada. (12 May 2010). Congress Downplays Division at Women Workers' Srinagar Rally. Hindustan Times
- ↑ Prabha Thakur. rajkamalprakashan.com
- ↑ Sabha, India Parliament Rajya. (2003). Rajya Sabha Members: Biographical Sketches, 1952-2003. Rajya Sabha Secretariat
- ↑ (31 December 2009). Bengal Among Worst NREGA Performers: Pranab. Rediff Business
- ↑ Danish, Saiyed. (12 February 2014). Women Organizations Gather at Jantar Mantar to Demand 33% Reservation. Two Circles
- ↑ (23 March 2010). Now Mahila Congress Wants One-Third Reservation in Government Jobs. DNA India
- ↑ (22 April 2013). Gudiya Rape Case: BJP, Congress Moot Tougher Action. India Today
- ↑ (23 November 2011). Murders Most Foul. The Telegraph
- ↑ Dasgupta, Sabyasachi. (21 July 2012). Guwahati Molestation Case: Madhya Pradesh Minister Says Women Should Follow Indian Culture. NDTV
- ↑ (21 March 2013). Anti-Rape Bill Passed in Parliament. The New Indian Express
- ↑ (18 December 2012). Delhi Not Safe for Females of Any Age, Say Women MPs in Parliament. Jagran Post
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰভা ঠাকুৰ” প্ৰবন্ধৰ সংশোধন ৬২২২২৭ (১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।