সাৱিত্ৰী দেৱী জিন্দাল এগৰাকী ভাৰতীয় মহিলা ব্যৱসায়ী। অসমৰ তিনিচুকীয়াত জন্মগ্ৰহণ কৰা সাৱিত্ৰী জিন্দালে উদ্যোগপতি জিন্দাল গ্ৰুপৰ প্ৰতিষ্ঠাপক ওম্ প্ৰকাশ জিন্দালৰ লগত ১৯৭০ চনত বিবাহপাশত আবদ্ধ হৈছিল। ২০০৫ চনত ওম্ প্ৰকাশ জিন্দালৰ মৃত্যুৰ পাছত তেওঁ জিন্দাল গ্ৰুপৰ অধ্যক্ষপদত অধিষ্ঠিত হয়। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আৰু হাৰিয়ানাৰ হিচাৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ হাৰিয়ানা বিধানসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ হাৰিয়ানা চৰকাৰৰ মন্ত্ৰীপদো লাভ কৰিছিল।
২০১৯ চনৰ ফ’ৰ্ব্ছ আলোচনীৰ মতে তেওঁ ভাৰতৰ আটাইতকৈ ধনী মহিলা। ফ’ৰ্ব্ছ ইণ্ডিয়াৰ তালিকাত তেওঁ ভাৰতৰ ২০তম আটাইতকৈ ধনী ব্যক্তি।
জীৱনী
১৯৫০ চনৰ ২০ মাৰ্চ তাৰিখে অসমৰ তিনিচুকীয়াত সাৱিত্ৰী জিন্দালে জন্মগ্ৰহণ কৰিছিল। ১৯৭০ চনত তেওঁ হাৰিয়ানাৰ জিন্দাল গ্ৰুপৰ প্ৰতিষ্ঠাপক বিখ্যাত উদ্যোগপতি ওম্ প্ৰকাশ জিন্দালৰ লগত বিবাহপাশত আবদ্ধ হয়। ২০০৫ চনত এক হেলিকপ্টাৰ দুৰ্ঘটনাত তেওঁৰ স্বামীৰ মৃত্যু হয়। ওম্ প্ৰকাশ জিন্দালৰ মৃত্যু হোৱাৰ পাছত তেওঁ জিন্দাল গ্ৰুপৰ অধ্যক্ষপদত অধিষ্ঠিত হয়।১ তেওঁ বৰ্তমান এমেৰিটাছ, জিন্দাল ষ্টীল এণ্ড পাৱাৰ লিমিটেডৰ চেয়াৰপাৰ্ছন। তেওঁ অধ্যক্ষপদ গ্ৰহণ কৰাৰ পাছতেই তেওঁলোকৰ কোম্পানীৰ আয় চাৰিগুণ বৃদ্ধি পায়। তেওঁৰ স্বামী অ.পি. জিন্দাল এজন অভিযন্তা আছিল। তেওঁ ১৯৫২ চনত জিন্দাল গ্ৰুপ প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী সময়ত ই ইস্পাত, শক্তি, খনি, তেল আৰু গেছৰ ক্ষেত্ৰকেইখনৰ লগত জড়িত হৈ পৰে। তেওঁলোকৰ ব্যৱসায়ৰ চাৰিটা শাখা তেওঁৰ চাৰিজন পুত্ৰ পৃথ্বীৰাজ জিন্দাল, সজ্জন জিন্দাল, ৰতন জিন্দাল আৰু নবীন জিন্দালৰ দ্বাৰা পৰিচালিত হয়। জিন্দাল ষ্টীল ভাৰতৰ তৃতীয় বৃহত্তম ইস্পাত উৎপাদক।২
তেওঁ হাৰিয়ানাৰ হিচাৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ হাৰিয়ানা বিধানসভালৈ নিৰ্বাচিত হৈছিল। ইয়াৰ লগতে তেওঁ হাৰিয়ানা চৰকাৰৰ মন্ত্ৰীও আছিল। ২০১৪ চনৰ হাৰিয়ানা বিধানসভা নিৰ্বাচনত তেওঁ পৰাজিত হৈছিল।৩ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য।
ৰাজনৈতিক জীৱন
২০০৫ চনত সাৱিত্ৰী জিন্দাল হিচাৰ সমষ্টিৰ পৰা হাৰিয়ানা বিধানসভালৈ নিৰ্বাচিত হৈছিল। ইয়াৰ আগতে এই সমষ্টিৰ পৰা তেওঁৰ স্বামীয়ে কেইবাবাৰো বিধানসভালৈ প্ৰতিনিধিত্ব আগবঢ়াইছিল। ২০০৯ চনত তেওঁ আকৌ একে সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হয় আৰু ২০১৩ চনৰ ২৯ অক্টোবৰত তেওঁ হাৰিয়ানা চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।৪ মন্ত্ৰী হিচাপে তেওঁ কৰ আৰু দুৰ্যোগ ব্যৱস্থাপনা, একীকৰণ, পুনৰ্বাসন আৰু গৃহ-নিৰ্মাণ আৰু চহৰীয়া স্থানীয় সংস্থা আৰু গৃহ-নিৰ্মাণৰ ৰাজ্যিক মন্ত্ৰীৰ দপ্তৰৰ কাৰ্যভাৰ লাভ কৰিছিল।
বঁটা আৰু সন্মান
সাৱিত্ৰী জিন্দাল ভাৰতৰ আটাইতকৈ ধনী মহিলা। ২০১৬ চনৰ ফ’ৰ্ব্ছ আলোচনীৰ মতে তেওঁ প্ৰায় ৪ বিলিয়ন আমেৰিকান ডলাৰ আয়ৰে ভাৰতৰ ১৬তম আটাইতকৈ ধনী ব্যক্তি আছিল।৫ ইয়াৰ লগতে তেওঁ ২০১৬ চনত বিশ্বৰ ৪৫৩তম আটাইতকৈ ধনী ব্যক্তি আছিল। তেওঁ বিশ্বৰ সপ্তম আটাইতকৈ ধনী মাতৃ আৰু তেওঁৰ স্বামীয়ে আৰম্ভ কৰা সামাজিক কাৰ্যসমূহলৈ তেওঁ অৱদান আগবঢ়ায়।৬ ২০১৯ চনৰ ফ’ৰ্ব্ছ আলোচনীৰ মতে তেওঁ ভাৰতৰ আটাইতকৈ বেছি ধনী মহিলা। ফ’ৰ্ব্ছ ইণ্ডিয়াৰ তালিকাত তেওঁ ভাৰতৰ ২০তম আটাইতকৈ ধনী ব্যক্তি। ২০০৮ চনত অখিল ভাৰতীয় তেৰাপন্থ মহিলা মণ্ডলে তেওঁক আচাৰ্য তুলসী কৃতিত্ব পুৰস্কাৰ আগবঢ়ায়।৭
তথ্যসূত্ৰ
- ↑ Savitri Jindal
- ↑ Savitri Jindal - India’s Richest Mother
- ↑ (11 March 2009). The World's Billionaires, #56Savitri Jindal. Forbes
- ↑ (2013-10-30). Savitri Jindal finds place in Haryana government. The Economic Times
- ↑ Savitri Jindal & family. Forbes
- ↑ Goudreau, Jenna. (2010-12-20). The World's 20 Richest Moms. Forbes
- ↑ অখিল ভাৰতীয় তেৰাপন্থ মহিলা মণ্ডল
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাৱিত্ৰী জিন্দাল” প্ৰবন্ধৰ সংশোধন ৪৬৪৫৫৩ (১৭ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।