অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কৃষ্ণ কৃপালানী

কৃষ্ণ কৃপালানী (২৯ ছেপ্টেম্বৰ ১৯০৭ – ২৭ এপ্ৰিল ১৯৯২) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, সাহিত্যিক আৰু সাংসদ আছিল। তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰ, মহাত্মা গান্ধী আৰু ভাৰতীয় সাহিত্যৰ ওপৰত একাধিক গ্ৰন্থ ৰচনা কৰিছিল।

হালনাগাদ: ২৫ নৱেম্বৰ ২০২৫ ২৪৯ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

কৃষ্ণ কৃপালানী (২৯ ছেপ্টেম্বৰ ১৯০৭ – ২৭ এপ্ৰিল ১৯৯২) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, সাহিত্যিক আৰু সাংসদ আছিল। তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰ, মোহনদাস কৰমচান্দ গান্ধী আৰু ভাৰতীয় সাহিত্যৰ ওপৰত একাধিক গ্ৰন্থ ৰচনা কৰিছিল।১

প্ৰাৰম্ভিক জীৱন

ৰামচন্দ বি. কৃপালানীৰ পুত্ৰ কৃষ্ণ কৃপালানীৰ জন্ম ১৯০৭ চনৰ ২৯ ছেপ্টেম্বৰত কৰাচীত হৈছিল।২ তেওঁ কৰাচী আৰু হাইদৰাবাদত প্ৰাথমিক শিক্ষালাভ কৰি বোম্বে বিশ্ববিদ্যালয়ৰপৰা স্নাতক হৈছিল। উচ্চ শিক্ষাৰ বাবে তেওঁ লণ্ডনলৈ গৈছিল। তেওঁ লিংকন’ছ ইনত আইন অধ্যয়ন কৰিলে আৰু লণ্ডন স্কুল অৱ ইকনমিক্সত ইতিহাস, অৰ্থনীতি, ৰাজনৈতিক বিজ্ঞান, আইন আৰু মানৱবিদ্যা অধ্যয়ন কৰিলে।৩

স্বাধীনতা আন্দোলন আৰু শান্তিনিকেতন

১৯৩১ চনত কৰাচীলৈ ঘূৰি আহে আৰু লাহোৰত আইনব্যৱসায় আৰম্ভ কৰিছিল। কিন্তু স্বাধীনতা আন্দোলনত অংশ লোৱা বাবে তেওঁ গ্ৰেপ্তাৰ হৈছিল আৰু এই ঘটনাই তেওঁৰ আইনজীৱনৰ অন্ত পেলাইছিল। সেই সময়তেই তেওঁৰ বঙালী ভাষা শিকাৰ আগ্ৰহ জন্মিছিল। মুক্তি লাভৰ পিছত তেওঁ সেই উদ্দেশ্যে শান্তিনিকেতনলৈ গৈছিল। ৰবীন্দ্ৰনাথ ঠাকুৰ তেওঁৰ ওপৰত গভীৰ প্ৰভাবিত হৈ তেওঁক বিশ্বভাৰতীৰ অধ্যাপক হিচাপে নিযুক্তি প্ৰদান কৰিছিল। কৃপালানীয়ে ১৯৩৩ পৰা ১৯৪৬ পৰ্যন্ত বিশ্বভাৰতীত কৰ্মৰত আছিল।৩

শান্তিনিকেতনত থাকোঁতে তেওঁৰ পৰিচয় হয় নন্দিতাৰ সৈতে, যি ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৰ্বকনিষ্ঠ কন্যা মীৰা দেৱীৰ কন্যা। পিছলৈ সিহঁতৰ মাজত বৈবাহিক সম্পৰ্ক গঢ়ি উঠে।৩

ব্যস্ত জীৱন

১৯৪৬ চনত জে. বি. কৃপালানী আৰু জৱাহৰলাল নেহৰুৰ ব্যক্তিগত অনুৰোধত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰি দলটোৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হৈছিল। পাছৰ বছৰত তেওঁ দলেৰ বিভিন্ন দায়িত্ব পালন কৰিলে। তেওঁ বহু আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত আমন্ত্ৰিত হৈছিল আৰু বিভিন্ন বিষয়ত গভীৰ জ্ঞানভৰা বক্তৃতা প্ৰদান কৰিছিল।

১৯৫০ চনত জাপান ভ্ৰমণৰ সময়ত তেওঁ ‘‘Rabindranath Tagore: a Biography’’ প্ৰকাশ কৰে। ১৯৬২ পৰা ২০১১ চনলৈকে গ্ৰন্থখন ৪টা ভাষাত ৪৪বাৰ প্ৰকাশ লাভ কৰিছে, আৰু তাৰ পিছতো তেওঁ বহুতো গ্ৰন্থ ৰচনা কৰিছে।৩৪

১৯৬৯ চনত তেওঁক পদ্মভূষণ প্ৰদান কৰা হৈছিল। ১৯৭৪ ৰপৰা ১৯৮০ চনলৈকে তেওঁ ৰাজ্যসভাৰ মনোনীত সদস্য আছিল। সাহিত্য অকাডেমি ১৯৫৪ চনত প্ৰতিষ্ঠা লাভ কৰাৰ সময়তে কৃষ্ণ কৃপালানী এজন প্ৰথম সচিব হিচাপে নিযুক্তি পাই ১৯৭১ চনলৈ এই পদত থাকি সেৱা আগবঢ়াইছিল। তাৰ পিছত তেওঁ নেচনেল বুক ট্ৰাষ্ট আৰু শিমলাৰ Indian Institute of Advanced Studyত সেৱা প্ৰদান কৰিছিল।৩

তেওঁৰ পত্নী নন্দিতাৰ মৃত্যু ১৯৬৭ চনত সন্তানহীন অৱস্থাত হৈছিল।৫ অৱসৰ গ্ৰহণৰ পিছত তেওঁ শান্তিনিকেতনত স্থায়ী হৈছিল আৰু ১৯৯২ চনৰ ২৭ এপ্ৰিলত তাতেই মৃত্যু হয়।৩

গ্ৰন্থসমূহ

  • Rabindranath Tagore – a biography
  • Modern Indian literature – a panoramic glimpse
  • Gandhi: a life
  • Dwarakanath Tagore, a forgotten pioneer: a life
  • Rolland and Tagore – এলেক্স আৰনচনৰ সৈতে যৌথভাৱে সম্পাদিত পত্ৰসমূহ আৰু প্ৰবন্ধসমূহৰ সংকলন

তথ্যসূত্ৰ

  1. ↑ Brief Biodata. Rajya Sabha
  2. ↑ Krishna Kripalani. (1976). Rammohun Roy and Modern India. Gokhale Institute of Public Affairs
  3. ↑ Padma Bhusan Krishna Kripalani. The Sindhu World
  4. ↑ Kripalani, Krishna, 1907-1993. WorldCat Identities
  5. ↑ (2006). Gurudev Rabindranath Tagore, a biography by Rekha Sigi. page 24. Diamond Books. ISBN 9788189182908

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদভাৰতীয় সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃষ্ণ কৃপালানী” প্ৰবন্ধৰ সংশোধন ৫৫৭১০০ (২৫ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।