অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰোজা চেলভামণি

আৰ কে ৰোজা চেলভামণি (জন্ম: শ্ৰী লতা ৰেড্ডী; Roja Selvamani) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন অভিনেত্ৰী। ২০২৪ চনৰ ১১ এপ্ৰিলৰ পৰা ২০২৪ চনৰ বিধানসভা নিৰ্বাচনত বৃহৎ ব্যৱধানত পৰাজয়ৰ আগলৈকে তেওঁ অন্ধ্ৰ প্ৰদেশৰ পৰ্যটন, সংস্কৃতি আৰু যুৱ উন্নতিৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ২১ মাৰ্চ ২০২৫ ১৪১ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

আৰ কে ৰোজা চেলভামণি (জন্ম: শ্ৰী লতা ৰেড্ডী; Roja Selvamani) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন অভিনেত্ৰী।১ ২০২৪ চনৰ ১১ এপ্ৰিলৰ পৰা ২০২৪ চনৰ বিধানসভা নিৰ্বাচনত বৃহৎ ব্যৱধানত পৰাজয়ৰ আগলৈকে তেওঁ অন্ধ্ৰ প্ৰদেশৰ পৰ্যটন, সংস্কৃতি আৰু যুৱ উন্নতিৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।২

তিৰুপতিৰ ভাকাৰপেটাত জন্মগ্ৰহণ কৰা ৰোজাৰ পিতৃ-মাতৃৰ নাম ক্ৰমে নাগাৰাজা ৰেড্ডী আৰু ললিতা ৰেড্ডী। তেওঁৰ কুমাৰস্বামী ৰেড্ডী আৰু ৰামপ্ৰসাদ ৰেড্ডী নামৰ দুজন ভাতৃ আছে।৩ ৰোজা ১৯৯০ দশকৰ পৰা ২০০০ দশকলৈ একাধিক তামিল আৰু তেলেগু, মালয়ালম, কানাড়া ছবিত মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰা ভাৰতীয় চলচ্চিত্ৰৰ এগৰাকী আগশাৰীৰ আৰু প্ৰতিষ্ঠিত অভিনেত্ৰী। চেম্বাৰুথি (১৯৯২), সৰ্পায়গাম (১৯৯২), আন্না (১৯৯৪), উন্নিদাথিল এন্নাই কোডুথেন (১৯৯৮) গদিবিদী গাণ্ডা (১৯৯৩) আদি ব্লকবাষ্টাৰ ছবিত তেওঁ অভিনয় কৰিছে। তেওঁ অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা, নন্দী বঁটা আদি একাধিক বঁটা৪ লাভ কৰিবলৈ সক্ষম হৈছে।

২০২২ চনৰ এপ্ৰিল মাহত ৰোজা অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ পৰ্যটন, সংস্কৃতি আৰু যুৱ উন্নয়ন মন্ত্ৰী হয়।৫

তথ্যসূত্ৰ

  1. ↑ (4 July 2022). Watch Video: Andhra Pradesh Deputy Chief Minister Roja requests PM Modi for selfie, he obliges. freepressjournal.in
  2. ↑ Service, Express News. (14 April 2022). New Minister for Tourism RK Roja vows to make Andhra a tourism hub. The New Indian Express
  3. ↑ Tamil Cinema news – Tamil Movies – Cinema seithigal. Maalaimalar.com
  4. ↑ (4 April 2007). dinakaran
  5. ↑ (11 April 2022). Actor Roja breaks myth of 'Iron leg' after becoming Andhra minister. The News Minute

সম্পৰ্কিত শ্ৰেণী

তামিল চলচ্চিত্ৰৰ অভিনেত্ৰীতেলেগু চলচ্চিত্ৰৰ অভিনেত্ৰীমালায়লম চলচ্চিত্ৰৰ অভিনেত্ৰীকানাড়া চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰোজা চেলভামণি” প্ৰবন্ধৰ সংশোধন ৪৯৫৪৫৪ (২১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।