অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কে. বি. সুন্দৰাম্বল

কোডুমুদি বালাম্বল সুন্দৰাম্বল (Kodumudi Balambal Sundarambal; ১৯০৮–১৯৮০) তামিলনাডুৰ ইৰোড জিলাৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু কণ্ঠশিল্পী। তামিল চলচ্চিত্ৰত অভিনয় কৰা সুন্দৰাম্বল ভাৰতীয় মঞ্চৰ ৰাণী অভিধাৰে অভিহিত কৰা হয়। তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনৰো এগৰাকী সক্ৰিয় ৰাজনৈতিক কৰ্মী আছিল।

হালনাগাদ: ২৪ নৱেম্বৰ ২০২৪ ৩৯২ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

কোডুমুদি বালাম্বল সুন্দৰাম্বল (Kodumudi Balambal Sundarambal; ১৯০৮–১৯৮০)১ তামিলনাডুৰ ইৰোড জিলাৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু কণ্ঠশিল্পী। তামিল চলচ্চিত্ৰত অভিনয় কৰা সুন্দৰাম্বল ভাৰতীয় মঞ্চৰ ৰাণী অভিধাৰে অভিহিত কৰা হয়।২ তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনৰো এগৰাকী সক্ৰিয় ৰাজনৈতিক কৰ্মী আছিল। ভাৰতৰ ৰাজ্যিক বিধানসভাত প্ৰৱেশ কৰা তেওঁ প্ৰথমগৰাকী চলচ্চিত্ৰ ব্যক্তিত্ব।৩

প্ৰাৰম্ভিক জীৱন

১৯০৮ চনৰ ১০ অক্টোবৰত তামিলনাডুৰ ইৰোড জিলাৰ কাবেৰী নদীৰ পাৰৰ কোডুমুদি চহৰত সুন্দৰাম্বলৰ জন্ম হৈছিল। সৰুতে তেওঁ ৰেলত গান গাই টকা উপাৰ্জন কৰিছিল।৪

কৰ্মজীৱন

কিছুমান সূত্ৰৰ মতে,৪ ৰেলত এইদৰে গান গাই থকাৰ সময়তে ১৯ বছৰীয়া সুন্দৰাম্বলে এগৰাকী অপেচাদাৰী মঞ্চ অভিনেতা, প্ৰযোজক আৰু প্ৰতিভা-সন্ধানীৰ দৃষ্টি আকৰ্ষণ কৰিছিল। আন এক সূত্ৰৰ মতে,৫ সুন্দৰাম্বলৰ চিনাকি কৃষ্ণস্বামী আয়াৰ নামৰ এজন আৰক্ষী বিষয়াই তেওঁৰ এই প্ৰতিভা আৱিষ্কাৰ কৰিছিল আৰু সেই যুগৰ এজন প্ৰভাৱশালী নাট্যকাৰ পি. এচ. ভেলুনায়াৰৰ সৈতে এই ১৯ বছৰীয়া ছোৱালীজনীক চিনাকী কৰাই দিয়ে।

সুন্দৰাম্বলে ১৯২৭ চনত ভ্ৰাম্যমান তামিল নাট্যদল এটাৰ সদস্য হিচাপে আত্মপ্ৰকাশ কৰা বুলি ধাৰণা কৰা হয়। মঞ্চত সৰু সৰু চৰিত্ৰত অভিনয় কৰি দৰ্শকক মনোৰঞ্জন দি থকাৰ সময়তে তেওঁ নিজৰ কণ্ঠক নিখুঁত কৰাৰ প্ৰচেষ্টাও চলাই গৈছিল। কম দিনৰ ভিতৰতে তেওঁ মঞ্চত মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ প্ৰাৰম্ভিক পৰ্যায়ৰ নাটক বল্লী থিৰুমানম, পাৱলাকোড়ী আৰু হৰিশ্চন্দ্ৰৰ অতি জনপ্ৰিয় হৈছিল। বিশেষকৈ এছ জি কিট্টপ্পাৰ সৈতে অভিনয় কৰা "ভাল্লী থিৰুমানম" নাটকখনে অসাধাৰণ সফলতা লাভ কৰিছিল।

নাটকৰ উপৰিও সুন্দৰাম্বলে চলচ্চিত্ৰত অভিনয় কৰিছিল আৰু গীত গাইছিল। মণিমেখালাই, আউৱায়াৰ, থিৰুভিলায়াদল, কৰাইকাল আম্মাইয়াৰ আৰু কন্দন কৰুণাইত উল্লেখযোগ্য অভিনয় কৰে। থিৰুভিলায়াদল আৰু কন্দন কৰুণাইত তেওঁ তামিল কবি অভ্যয়াৰৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ উয়িৰ মেল আছাই, থুনাইভান, গায়িৰু' থিংগাল আদি সামাজিক ছবিতো অভিনয় কৰিছিল। গায়িৰু' থিংগাল ছবিখনে অৱশ্যে মুক্তি লাভ কৰা নাছিল।

সংগীত পৰিচালক মায়াবৰম ভেনু, এম ডি পাৰ্থসাৰথি, পাৰূৰ এছ অনন্তৰমণ, আৰ সুদৰ্শনম, কে ভি মহাদেৱন, এছ এম চুব্বাইয়া নাইডু, টি কে ৰামমূৰ্তি, এম এছ বিশ্বনাথন আৰু কুন্নাকুদি বৈদ্যনাথনৰ অধীনত তেওঁ ছবিত এগৰাকী কণ্ঠশিল্পী হিচাপে কাম কৰিছিল।

ৰাজনৈতিক জীৱন

সুন্দৰাম্বল আৰু তেওঁৰ স্বামী এছ জি কিট্টাপ্পা ভাৰতৰ স্বাধীনতা আন্দোলনৰ দ্বাৰা বহু পৰিমাণে প্ৰভাৱিত হৈছিল আৰু তেওঁলোক ভাৰতীয় জাতীয় কংগ্ৰেছৰ উগ্ৰ সমৰ্থক আছিল। আন্দোলনটোক আগুৱাই নিবলৈ তেওঁলোকে নিজৰ জনপ্ৰিয়তা আৰু প্ৰতিভাৰ ব্যৱহাৰ কৰে। আন্দোলনৰ লগত জড়িত সংগ্ৰাম আৰু ত্যাগৰ বিৱৰণেৰে তেওঁ কেইবাখনো গ্ৰামোফোন ডিস্ক বাণীবদ্ধ কৰে। তেওঁ সদায় খাদী পৰিধান কৰাৰ বিষয়েও প্ৰচাৰ কৰিছিল। [4] বিভিন্ন নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত তেওঁ প্ৰায়ে সক্ৰিয়ভাৱে প্ৰচাৰ চলাইছিল।৬ ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত কে.বি. সুন্দৰাম্বলে ১৯৫১ চনত কংগ্ৰেছৰ মনোনীত সদস্য হিচাপে মাদ্ৰাছ প্ৰদেশৰ বিধান পৰিষদত প্ৰৱেশ কৰে। ভাৰতীয় বিধানসভাত প্ৰৱেশ কৰা তেৱেঁ আছিল প্ৰথমজন চলচ্চিত্ৰ শিল্পী।

১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে তেওঁৰ গুৰু চি.সত্যমূৰ্তিক ব্ৰিটিছে কাৰাগাৰত ভৰাইছিল।

বঁটা আৰু সন্মান

  • ১৯৬৯: শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা; থুনাইভান (১৯৬৯) ছবিৰ বাবে।
  • ১৯৬৯: শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা; থুনাইভান (১৯৬৯) ছবিৰ বাবে।
  • ১৯৭০: পদ্মশ্ৰী

তথ্যসূত্ৰ

  1. ↑ Full name as per national awards website of India
  2. ↑ Photo description in Hindu Images
  3. ↑ From the UMICH website
  4. ↑ Biography on Sangeetam.com
  5. ↑ Biography on the Sony website
  6. ↑ from The Hindu, 4 February 2001 – "During the district board election at Tirunelveli in 1934, where the strength of the Justice Party was unquestionable and unshakeable, Kodhainayaki, with 12 other women among whom was the popular K. B. Sundarambal, took upon herself to storm the Justice Party bastion with her mesmerising oration."

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কে. বি. সুন্দৰাম্বল” প্ৰবন্ধৰ সংশোধন ৪৪৭৯৪৫ (২৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।