অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সীতাৰাম য়েচুৰী

সীতাৰাম য়েচুৰী (Sitaram Yechury; ১২ আগষ্ট ১৯৫২ – ১২ ছেপ্টেম্বৰ ২০২৪) এগৰাকী ভাৰতীয় মাৰ্ক্সবাদী ৰাজনীতিবিদ আৰু ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) সাধাৰণ সম্পাদক আছিল। তেওঁ ১৯৯২ চনৰ পৰা চিপিআই(এম)ৰ পলিট ব্যুৰোৰ সদস্য আছিল।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৯৭১ শব্দ · ৫ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

সীতাৰাম য়েচুৰী (Sitaram Yechury; ১২ আগষ্ট ১৯৫২ – ১২ ছেপ্টেম্বৰ ২০২৪) এগৰাকী ভাৰতীয় মাৰ্ক্সবাদী ৰাজনীতিবিদ আৰু ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) সাধাৰণ সম্পাদক আছিল। তেওঁ ১৯৯২ চনৰ পৰা চিপিআই(এম)ৰ পলিট ব্যুৰোৰ সদস্য আছিল। ইয়াৰ আগতে তেওঁ ২০০৫ চনৰ পৰা ২০১৭ চনলৈ পশ্চিমবংগৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৫২ চনৰ ১২ আগষ্ট তাৰিখে মাদ্ৰাজ ষ্টেটৰ এক তেলেগু পৰিয়ালত সীতাৰাম য়েচুৰীৰ জন্ম হয়।১ তেওঁৰ পিতৃ সৰ্বেশ্বৰ সোমায়াজুলা য়েচুৰী আৰু মাতৃ কল্পকাম য়েচুৰী অন্ধ্ৰপ্ৰদেশৰ কাকিনাড়াৰ থলুৱা বাসিন্দা আছিল। তেওঁৰ পিতৃ অন্ধ্ৰ প্ৰদেশ ৰাজ্যিক পথ পৰিবহণ নিগমৰ অভিযন্তা আৰু মাতৃ এগৰাকী চৰকাৰী বিষয়া আছিল।২৩

য়েচুৰীয়ে হাইদৰাবাদত ডাঙৰ-দীঘল হৈছিল আৰু দশম মানলৈকে হায়দৰাবাদৰ অল চেণ্টছ হাইস্কুলত অধ্যয়ন কৰিছিল।৪ ১৯৬৯ চনৰ তেলেংগানাৰ আন্দোলনৰ সময়ত তেওঁ দিল্লীলৈ যায়।৫ তেওঁ নতুন দিল্লীৰ প্ৰেচিডেণ্টছ এষ্টেট স্কুলত যোগদান কৰে আৰু কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ডৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথম স্থান লাভ কৰে।৬ ইয়াৰ পিছত তেওঁ বি.এ. (অনাৰ্ছ) পঢ়িবলৈ দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ অৰ্থনীতি বিভাগত যোগদান কৰে।৭ তাৰপিছত তেওঁ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। দুয়োটাতে তেওঁ প্ৰথম শ্ৰেণী লাভ কৰিছিল। তাৰপিছত তেওঁ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগত গৱেষণাৰ বাবে পিএইচডিত নামভৰ্তি কৰে। অৱশ্যে জৰুৰীকালীন অৱস্থাৰ তেওঁক গ্ৰেপ্তাৰ কৰা বাবে তেওঁৰ পিএইচডিসম্পূৰ্ণ কৰা নহ'ল।৮

ৰাজনৈতিক জীৱন

১৯৭৪ চনত য়েচুৰীয়ে ভাৰতীয় ছাত্ৰ ফেডাৰেচন (এছএফআই)ত যোগদান কৰে। এবছৰৰ পিছত তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ত যোগদান কৰে।৯

১৯৭৫ চনত জে এন ইউৰ ছাত্ৰ হৈ থকাৰ সময়তে জৰুৰীকালীন অৱস্থাত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। গ্ৰেপ্তাৰৰ পূৰ্বে তেওঁ কিছুদিন লুকাই জৰুৰীকালীন অৱস্থাৰ প্ৰতিৰোধৰ আয়োজন কৰিছিল। জৰুৰীকালীন অৱস্থাৰ পিছত তেওঁ এবছৰৰ ভিতৰত (১৯৭৭–৭৮) তিনিবাৰকৈ জে এন ইউ ছাত্ৰ সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হয়।১০ প্ৰকাশ কাৰাটৰ সৈতে য়েচুৰীয়ে জেএনইউত এটা বাওঁপন্থী ইউনিট গঠন কৰে।১১

১৯৭৮ চনত য়েচুৰীয়ে এছ এফ আইৰ সৰ্বভাৰতীয় যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হয়। তাৰ পিছত এছ এফ আইৰ সৰ্বভাৰতীয় সভাপতি হয়। তেওঁ এছ এফ আইৰ প্ৰথম সভাপতি আছিল কেৰালা বা বংগৰ নাছিল।৩ ১৯৮৪ চনত তেওঁ চি পি আই (এম)ৰ কেন্দ্ৰীয় সমিতিলৈ নিৰ্বাচিত হয়। ১৯৮৫ চনত দলৰ সংবিধান সংশোধন কৰা হয় আৰু পলিটব্যুৰোৰ নিৰ্দেশনা আৰু নিয়ন্ত্ৰণত কাম কৰিবলৈ তেওঁ, প্ৰকাশ কাৰাট, সুনীল মৈত্ৰ, পি ৰামচন্দ্ৰন আৰু এছ. ৰামচন্দ্ৰন পিল্লাইক লৈ গঠিত পাঁচ জনীয়া কেন্দ্ৰীয় সচিবালয় নিৰ্বাচিত হয়।১১ ১৯৮৬ চনত তেওঁ এছ এফ আই ত্যাগ কৰে। তাৰ পিছত ১৯৯২ চনত চতুৰ্দশ কংগ্ৰেছত পলিটব্যুৰোলৈ নিৰ্বাচিত হয়১২ আৰু ২০১৫ চনৰ ১৯ এপ্ৰিলত বিশাখাপট্টনমত অনুষ্ঠিত হোৱা দলৰ ২১ সংখ্যক দলীয় কংগ্ৰেছত চি পি আই (এম)ৰ পঞ্চম সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয়। তেওঁ আৰু পলিটব্যুৰো সদস্য এছ ৰামচন্দ্ৰ পিল্লাই এই পদৰ বাবে আগশাৰীৰ আছিল যদিও পিল্লাই প্ৰত্যাহাৰ কৰিবলৈ বাছি লোৱাৰ পিছত প্ৰথমজনক সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰা হয়।১৩ ২০০৫ চনৰ পৰা ২০১৫ চনলৈকে একেৰাহে তিনিটা কাৰ্যকালৰ বাবে এই পদত অধিষ্ঠিত হোৱা প্ৰকাশ কাৰাটৰ পিছত তেওঁ ২০১৮ চনৰ এপ্ৰিল মাহত হায়দৰাবাদত অনুষ্ঠিত ২২ সংখ্যক দলীয় কংগ্ৰেছত পুনৰ চিপিআই(এম)ৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয়।১৪ ২০২২ চনৰ এপ্ৰিল মাহত কেৰালাৰ কান্নুৰত অনুষ্ঠিত হোৱা ২৩ সংখ্যক দলীয় কংগ্ৰেছত তেওঁ তৃতীয়বাৰৰ বাবে চিপিআই(এম)ৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয়।১৫

য়েচুৰীয়ে প্ৰাক্তন সাধাৰণ সম্পাদক হৰকিষণ সিং সুৰজিতৰ মিত্ৰজোঁট নিৰ্মাণৰ উত্তৰাধিকাৰ ৰক্ষা কৰা বুলি বিবেচিত হৈছিল। ১৯৯৬ চনত তেওঁ পি চিদাম্বৰমৰ সৈতে চৰকাৰৰ বাবে ইউনাইটেড ফ্ৰণ্টৰ উমৈহতীয়া ন্যূনতম কাৰ্যসূচীৰ খচৰা প্ৰস্তুত কৰিছিল আৰু ২০০৪ চনত সংযুক্ত প্ৰগতিশীল মৰ্চা (ইউপিএ) চৰকাৰ গঠনৰ সময়ত মিত্ৰজোঁট নিৰ্মাণ প্ৰক্ৰিয়া সক্ৰিয়ভাৱে আগবঢ়াই লৈ গৈছিল।১৬১৭

য়েচুৰীয়ে দলৰ আন্তঃৰাষ্ট্ৰীয় বিভাগৰ মুৰব্বী আছিল আৰু দলটোৱে তেওঁক বেছিভাগ সমাজবাদী দেশৰ দলীয় সন্মিলনত ভ্ৰাতৃত্ববোধৰ প্ৰতিনিধি হিচাপে নিযুক্তি দিছিল।১৮ এজন লেখক হিচাপে তেওঁ বহুতো গ্ৰন্থ লিখিছিল আৰু হিন্দুস্তান টাইমছৰ বাবে পষেকীয়া স্তম্ভ লেফ্ট হেণ্ড ড্ৰাইভ লিখিছিল।১৯ তেওঁ ২০ বছৰ ধৰি দলৰ পষেকীয়া কাকত পিপলছ ডেম'ক্ৰেচি সম্পাদনা কৰিছিল।২০

ৰাজ্যসভাৰ সাংসদ

) গ্ৰহণ কৰা মুহূৰ্ত]]

২০০৫ চনৰ জুলাই মাহত য়েচুৰীয়ে পশ্চিমবংগৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হয়।২১ কেইবাটাও জনপ্ৰিয় বিষয় সংসদৰ দৃষ্টিগোচৰ কৰা আৰু গুৰুত্বপূৰ্ণ বিষয়ত প্ৰশ্ন উত্থাপন কৰাৰ বাবে তেওঁ পৰিচিত আছিল। সংসদৰ কাৰ্যসূচী সঘনাই বিঘ্নিত হোৱাৰ বাবে শাসকীয় দলে দোষাৰোপ কৰাৰ সন্দৰ্ভত তেওঁ কয় যে সঘনাই বিঘ্নিত হোৱাৰ বাবে বিৰোধীক দোষাৰোপ কৰি চৰকাৰে নিজৰ দায়িত্বৰ পৰা সাৰি যাব নোৱাৰে। তেওঁ সংসদত বিঘিনি ঘটাক গণতন্ত্ৰৰ বৈধ প্ৰক্ৰিয়া বুলি অভিহিত কৰি ন্যায্যতা প্ৰদান কৰিছিল।২২

ভাৰত-আমেৰিকাৰ পাৰমাণৱিক চুক্তিৰ আলোচনাৰ সময়ত য়েচুৰীয়ে ৰাজ্যসভাত চুক্তিখনৰ বাবে চিপিএম-এ বিচৰা সকলো চৰ্ত তালিকাভুক্ত কৰিছিল। মনমোহন সিং চৰকাৰে সকলো চৰ্ত পূৰণ কৰাৰ পিছত তেওঁক প্ৰকাশ কাৰাটে বাতিল কৰে আৰু দাবী কৰে যে এই চুক্তিখনে এতিয়াও চিপিএমৰ “স্বাধীন বৈদেশিক নীতি”ৰ ধাৰণা উলংঘা কৰিছে। কোৱা হৈছিল যে ইয়াৰ ফলত য়েচুৰী "অসন্তুষ্ট আৰু অসহায়" হৈ পৰিছিল।২৩

২০১৫ চনৰ ৩ মাৰ্চত সংসদৰ অধিৱেশনৰ সময়ত য়েচুৰীয়ে সংসদৰ বাজেট অধিৱেশনৰ উদ্বোধনী দিনটোত ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জীৰ ভাষণৰ সংশোধনী প্ৰস্তাৱ আগবঢ়ায়। এই কথা ৰাজ্যসভাত ভোট বিভাজনেৰে গৃহীত কৰা হৈছিল আৰু মোদী চৰকাৰৰ বাবে ই এক লজ্জাজনক ঘটনা আছিল। সংসদীয় পৰিক্ৰমা মন্ত্ৰী ভেংকাইয়া নাইডুৱে য়েচুৰীৰ উদ্বেগ লক্ষ্য কৰা হৈছে বুলি উল্লেখ কৰি সংশোধনীৰ সৈতে আগবাঢ়ি নাযাবলৈ অনুৰোধ জনায় কাৰণ এয়া কোনো অধিৱেশন নাছিল। য়েচুৰীয়ে কয় যে সাধাৰণতে তেওঁ এনে অনুৰোধ মানি লহেঁতেনে কিন্তু তেওঁ সংশোধনীৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল কাৰণ চৰকাৰে কোনো বিকল্প এৰি দিয়া নাছিল। ইয়াৰ মূল কাৰণ আছিল যে ১৪ ঘণ্টাৰ বিতৰ্কৰ অন্ততো বিৰোধীক প্ৰধানমন্ত্ৰীৰ উত্তৰৰ ওপৰত স্পষ্টীকৰণ বিচৰাৰ সুযোগ দিয়া হোৱা নাছিল। ৰাজ্যসভাৰ ইতিহাসত চতুৰ্থবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদৰ প্ৰস্তাৱৰ বিৰোধীয়ে প্ৰস্তাৱ কৰা সংশোধনী গৃহীত হৈছিল।২৪২৫

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্কে ধাৰণা

সীতাৰাম য়েচুৰী আমেৰিকাৰ বৈদেশিক নীতিৰ কঠোৰ সমালোচক আছিল। ২০১৫ চনৰ গণৰাজ্য দিৱসৰ পেৰেডৰ মুখ্য অতিথি হিচাপে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক অ'বামাৰ ভ্ৰমণকো তেওঁ সমালোচনা কৰিছিল।২৬

ইছলামিক মৌলবাদৰ উত্থানৰ বাবে আমেৰিকাক দোষাৰোপ কৰি তেওঁ কয়,

পশ্চিম এছিয়াত আমেৰিকাৰ সামৰিক হস্তক্ষেপে সম্পূৰ্ণ অনিশ্চয়তাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। সামৰিক হস্তক্ষেপে সদায় মৌলবাদৰ উত্থানৰ জন্ম দিছে, যি আজি আমি আইছিছে সৃষ্টি কৰা ভাবুকিৰ মাজত দেখিবলৈ পাইছো। তেওঁলোকে এনে প্ৰৱণতাৰ জন্ম দিছে।২৬

তেওঁ আমেৰিকাৰ আধিপত্যবাদী মনোভাৱৰ বাবেও দোষাৰোপ কৰে বুলিও তেওঁ কয়,

এতিয়া তেওঁলোকৰ (আমেৰিকা) বিশ্বৰ আধিপত্যৰ সন্ধানত তেওঁলোকে বিশ্বৰ শক্তি সম্পদসমূহ দখল কৰিবলৈ চেষ্টা কৰিছে। তেওঁলোকে বিশ্বৰ শক্তি হস্তান্তৰ বা বাণিজ্যৰ সমগ্ৰ প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে। আৰু এই কাৰণেই তেওঁলোকৰ সামৰিক হস্তক্ষেপেও পেলেষ্টাইনীসকলক গৃহভূমিৰ বৈধ অধিকাৰৰ পৰা বঞ্চিত কৰি আহিছে।২৬

জম্মু-কাশ্মীৰত ৩৭০ আৰু ৩৫এ অনুচ্ছেদ বাতিলৰ ক্ষেত্ৰতো তেওঁ কঠোৰ সমালোচক আছিল।২৭

২০২০ চনৰ ১২ ছেপ্টেম্বৰত যোগেন্দ্ৰ যাদৱ আদিৰ সৈতে তেওঁৰ নাম দিল্লী আৰক্ষীয়ে পৰিপূৰক চাৰ্জশ্বীটত ২০২০ চনৰ দিল্লী সংঘৰ্ষক উচটোৱাৰ অভিযোগত নাম উল্লেখ কৰিছিল।২৮২৯ এই বিষয়ে য়েচুৰীয়ে উত্তৰ দিছিল যে ভাৰতীয় জনতা পাৰ্টীয়ে বিৰোধীক লক্ষ্য কৰি ক্ষমতাৰ অপব্যৱহাৰ কৰিছে।৩০

ব্যক্তিগত জীৱন

সাংবাদিক সীমা চিষ্টিৰ সৈতে সীতাৰাম য়েচুৰীয়ে বিবাহপাশত আৱদ্ধ হৈছিল। সীমা সৃষ্টি দ্য ৱায়াৰৰ সম্পাদক আৰু ইয়াৰ পূৰ্বে বিবিচি হিন্দী চাৰ্ভিচৰ দিল্লী সম্পাদক আছিল।৩১ তেওঁ দিল্লীৰ ইণ্ডিয়ান এক্সপ্ৰেছৰ ৰেচিডেণ্ট এডিটৰ আছিল। য়েচুৰীয়ে স্কুপহুপৰ এটা খণ্ডত কৈছিল যে তেওঁৰ পত্নীয়ে তেওঁক আৰ্থিকভাৱে সহায় কৰে।৩২ ইয়াৰ আগতে তেওঁৰ বীণা মজুমদাৰৰ কন্যা ইন্দ্ৰানী মজুমদাৰৰ সৈতে বিবাহ হৈছিল। তেওঁলোকৰ এগৰাকী কন্যা আৰু এজন পুত্ৰ আছিল।৩৩ তেওঁৰ কন্যা অখিলা য়েচুৰীয়ে এডিনবাৰ্গ বিশ্ববিদ্যালয় আৰু ছেইণ্ট এণ্ড্ৰুজ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে।৩৩৪ ২০২১ চনৰ ২২ এপ্ৰিল তাৰিখে তেওঁৰ পুত্ৰ আশিস য়েচুৰীৰ কৰ'নাভাইৰাছ ৰোগ ২০১৯ৰ বাবে ৩৪ বছৰ বয়সত মৃত্যু হয়।৩৫ অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্য সচিব ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া মোহন কান্দা য়েচুৰীৰ মোমায়েক।২

অসুস্থতা আৰু মৃত্যু

চিপিআই(এম)ৰ এক বিবৃতিত কোৱা হৈছে যে ২০২৪ চনৰ ১৯ আগষ্টত য়েচুৰীক অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, নতুন দিল্লীৰ জৰুৰীকালীন চিকিৎসা বিভাগত ভৰ্তি কৰা হৈছিল আৰু ছেপ্টেম্বৰ মাহত তেওঁৰ অৱস্থা সংকটজনক হোৱাৰ পিছত তেওঁক শ্বাস-প্ৰশ্বাসৰ সহায়ত ৰখা হৈছিল।৩৬৩৭ তেওঁৰ দেহত নিউমোনিয়াৰ দৰে বুকুৰ সংক্ৰমণৰ লক্ষণ দেখা যায় আৰু ১২ ছেপ্টেম্বৰত ৭২ বছৰ বয়সত তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।৩৮৩৯৪০ তেওঁৰ মৃতদেহ তেওঁৰ পৰিয়ালে পাঠদান আৰু গৱেষণাৰ উদ্দেশ্যে এইমছক দান কৰে।৪১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (19 April 2015). Sitaram Yechury: Suave, Soft-Spoken and Dynamic. NDTV
  2. ↑ (2011-07-24). S.S. Yechury memorial office building opened. The Hindu
  3. ↑ Mukul, Akshaya. (2015-04-20). 1969 Telangana agitation brought Sitaram Yechury to Delhi. The Economic Times
  4. ↑ Venkateshwarlu, K. (19 November 2005). All Saints High School in select group. The Hindu
  5. ↑ (28 August 2009). Sitaram Yechury
  6. ↑ Detailed Profile - Shri Sitaram Yechury - Members of Parliament (Rajya Sabha) - Who's Who - Government: National Portal of India. india.gov.in
  7. ↑ (14 March 2011). Biography of Sitaram Yechuri. winentrance.com
  8. ↑ (2024-09-12). Comrade Yechury, an idealist who smiled, fought and survived the darkest times - CNBC TV18. CNBCTV18
  9. ↑ Sitaram Yechury passes away. Deshabhimani
  10. ↑ (28 August 2009). Sitaram Yechury - Communist Party of India. Communist Party of India
  11. ↑ Pillai, Sreedhar. (1989-01-31). 13th party congress of CPI(M) in Trivandrum one of the most significant in its history. India Today
  12. ↑ Party Congress. Cpimkerala.org
  13. ↑ Joshua, Anita. (2015-04-19). Yechury is new CPI(M) chief. The Hindu
  14. ↑ Sitaram Yechury re-elected as CPI(M) general secretary
  15. ↑ (10 April 2022). Yechury re-elected CPI(M) general secretary. The Hindu
  16. ↑ Ramachandran, Rajesh. (2015-04-20). Sitaram Yechury: A fine combination of pleasant personality, interpersonal skills & flair for negotiation. The Economic Times
  17. ↑ Joshua, Anita. (2015-04-19). Yechury has an unenviable task on hand. The Hindu
  18. ↑ Mahaprashasta, Ajoy Ashirwad. A Fighter and a Thinker, Sitaram Yechury Leaves Behind a Towering Legacy. The Wire
  19. ↑ Latest News, India, Cricket, Sports, Bollywood. Hindustan Times
  20. ↑ Chatterji, Saubhadra. (19 April 2015). From an activist to CPI-M general secretary: Sitaram Yechury's journey. Hindustan Times
  21. ↑ (23 August 2005). National: Yechury, Brinda Karat take oath. The Hindu
  22. ↑ Government can't blame Opposition for bedlam in Parliament: Sitaram Yechury. timesofindia-economictimes
  23. ↑ Baru, Sanjaya. (2014). The Accidental Prime Minister: The Making and Unmaking of Manmohan Singh. Penguin India. পৃ. 226–227. ISBN 9789351186380
  24. ↑ (2015-03-03). Opposition gets amendment passed in Rajya Sabha embarrassing government. The Hindu
  25. ↑ (3 March 2015). Embarrassment for Modi: Rajya Sabha amends note on President's speech. intoday.in
  26. ↑ (14 January 2015). Yechury criticises govt for inviting Obama on Republic Day. Zee News
  27. ↑ (23 August 2019). Sitaram Yechury sees a fascistic project in Kashmir. The Hindu
  28. ↑ 'Politics of BJP's Leadership': Yechury, Others Hit Out at Riots Probe, Delhi Police Responds. The Wire
  29. ↑ Staff Reporter. (2020-09-12). Police link Sitaram Yechury, Yogendra Yadav to Delhi riots. The Hindu
  30. ↑ (September 13, 2020). BJP misusing power to target Opposition: Sitaram Yechury hits out at Centre over Delhi riots chargesheet. India Today
  31. ↑ (2 January 2023). Seema Chishti Joins The Wire as Editor. The Wire
  32. ↑ Off The Record Ep. 06 ft, Sitaram Yechury, General Secretary, CPI(M). পৃ. 3:08
  33. ↑ Mukul, Akshay. (2010-06-23). Vina Mazumdar, the fighter. The Times of India
  34. ↑ Dr Akhila Yechury: BA (Hons.), MA (Delhi), M.Phil (JNU), PhD (Cantab). University of St. Andrews
  35. ↑ (22 April 2021). Sitaram Yechury's son Ashish dies of Covid-19 in Gurugram hospital - Times of India. The Times of India
  36. ↑ Sitaram Yechury of CPI(M) 'critical', on respiratory support at AIIMS Delhi. হিন্দুস্তান টাইমছ
  37. ↑ (2024-09-12). Veteran CPM leader Sitaram Yechury passes away. The Times of India
  38. ↑ (2024-09-12). Sitaram Yechury: Indian communist leader dies after illness. BBC News
  39. ↑ (2024-09-12). Sitaram Yechury, CPI(M) general secretary, passes away. The Indian Express
  40. ↑ (12 September 2024). Veteran CPI(M) leader Sitaram Yechury passes away at 72: Party and hospital sources. Telegraph India
  41. ↑ Left Veteran Sitaram Yechury Dies At 72 After Battling Respiratory Illness. NDTV.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদৰাজ্যসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সীতাৰাম য়েচুৰী” প্ৰবন্ধৰ সংশোধন ৬৪০২৬৭ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।