লীলা ৰয় নাগ (Leela Roy,২ অক্টোবৰ ১৯০০ – ১১ জুন ১৯৭০), এগৰাকী উগ্ৰ বাওঁপন্থী ভাৰতীয় মহিলা ৰাজনীতিবিদ, সংস্কাৰক, আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ ঘনিষ্ঠ সহযোগী আছিল।১২ অসমৰ গোৱালপাৰা জিলাৰ উপ-দণ্ডাধীশ গিৰীশ চন্দ্ৰ নাগৰ বাসগৃহত জন্মগ্ৰহণ কৰা লীলা ৰয়ৰ মাতৃ আছিল কুঞ্জলতা নাগ। তেওঁ ঢাকা বিশ্ববিদ্যালয়ৰ প্ৰথম মহিলা ছাত্ৰী আছিল।
পৰিয়াল
বংগ প্ৰদেশৰ গোৱালপাৰা জিলাৰ এটা উচ্চ মধ্যবিত্ত বঙালী কায়স্থ পৰিয়ালত জন্মগ্ৰহণ কৰা লীলা ৰয়ে কলিকতাৰ বেথুনে কলেজত শিক্ষা গ্ৰহণ কৰি ১৯১৭ চনত স্নাতক ডিগ্ৰী লাভ কৰে। শ্ৰেণীকোঠাৰ সকলো ছাত্ৰীৰ ভিতৰত প্ৰথম স্থান দখল কৰাৰ বাবে ৰয়ক ইংৰাজী বিভাগে ১৯১৭ চনৰ ২ অক্টোবৰত নগদ ১০০ টকাৰ সৈতে 'পদ্মবাটি সোণৰ পদক' প্ৰদান কৰিছিল। দেউতাক গিৰিচন্দ্ৰ নাগ আছিল সুভাষ চন্দ্ৰ বসুৰ শিক্ষক। শিক্ষাৰ্থী অৱস্থাতে তেওঁ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে যুঁজি ঢাকা বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা প্ৰথমগৰাকী মহিলা হিচাপে এম.এ. ডিগ্ৰী অৰ্জন কৰিছিল। সেই সময়ত ঢাকা বিশ্ববিদ্যালয়ত সহ-শিক্ষাৰ অনুমতি নাছিল বাবে তেতিয়াৰ উপাচাৰ্য ফিলিপ হাৰ্টগে তেওঁৰ নামভৰ্তিৰ বাবে বিশেষ অনুমতি দিছিল।১৩
সামাজিক কাম

ঢাকাত দ্বিতীয়খন ছোৱালীৰ বিদ্যালয় আৰম্ভ কৰি ছোৱালীৰ বাবে সামাজিক কাম আৰু শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত লীলা ৰয়ে বিশেষ ভূমিকা পালন কৰিছিল। ছোৱালীক দক্ষতা শিক্ষণ আৰু বৃত্তিমূলক প্ৰশিক্ষণ দিবলৈ তেওঁ উৎসাহিত কৰিছিল আৰু ছোৱালীয়ে প্ৰতিৰক্ষাৰ হেতু সমৰ কলা শিকাৰ প্ৰয়োজনীয়তাৰ ওপৰটো তেওঁ গুৰুত্ব আৰোপ কৰিছিল। বিগত বছৰবোৰত, তেওঁ মহিলাসকলৰ বাবে কেইবাখনো বিদ্যালয় আৰু প্ৰতিষ্ঠান স্থাপন কৰিছিল।
লীলা নাগে ১৯২১ চনৰ বংগৰ বানপানীৰ পিছত সাহায্য কাৰ্যৰ নেতৃত্ব দি থকা নেতাজী সুভাষ চন্দ্ৰ বসুক যোগাযোগ কৰিছিল। তেতিয়াৰ ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰী লীলা নাগে ঢাকা মহিলা সমিতি গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু সেই ক্ষমতাত থাকিয়েই নেতাজীক সহায় কৰিবলৈ অনুদান আৰু সাহায্য সামগ্ৰীৰ সংগ্ৰহ কৰিছিল।
১৯৩১ চনত তেওঁ মহিলা লেখিকাৰ দ্বাৰা সম্পাদিত, পৰিচালিত আৰু সম্পূৰ্ণ অৱদান আগবঢ়োৱা প্ৰথমখন আলোচনী 'জয়শ্ৰী' প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে।৪আলোচনীখনৰ নামকৰণৰ পৰামৰ্শ দিয়া ৰবীন্দ্ৰনাথ ঠাকুৰকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে এই কাৰ্যক প্ৰশংসা কৰিছিল।১
ৰাজনৈতিক কাৰ্যকলাপ
১৯২৩ চনৰ ডিচেম্বৰ মাহত লীলা নাগে ঢাকাত দীপালী সংঘ (দিপালী সংঘ) নামৰ যুদ্ধৰ প্ৰশিক্ষণ দিয়া এটা বিদ্ৰোহী সংগঠন গঠন কৰিছিল। প্ৰীতিলতা ৱাদ্দাৰে তাৰ পৰাই পাঠ্যক্ৰম গ্ৰহণ কৰিছিল। তেওঁ আইন অমান্য আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু ছয় বছৰৰ বাবে কাৰাবাস খাটিছিল। ১৯৩৮ চনত, তেওঁক কংগ্ৰেছ সভাপতি সুভাষ চন্দ্ৰ বসুৱে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় পৰিকল্পনা সমিতিলৈ মনোনীত কৰিছিল। ১৯৩৯ চনত তেওঁ অনিল চন্দ্ৰ ৰয়ক বিয়া কৰায়। কংগ্ৰেছৰ পৰা বসুৰ পদত্যাগৰ পিছত, দম্পতীটিয়ে তেওঁৰ সৈতে ফৰৱাৰ্ড ব্লকত যোগদান কৰে।
১৯৪১ চনত ঢাকাত সাম্প্ৰদায়িক সংঘৰ্ষৰ গুৰুতৰ বিস্ফোৰণৰ সময়ত তেতিয়াৰ শৰৎ চন্দ্ৰ বসুৰ সৈতে তেওঁ ইউনিটি ব’ৰ্ড আৰু নেচনেল চাৰ্ভিচ ব্ৰিগেড গঠন কৰিছিল। ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত লীলা ৰয় আৰু তেওঁৰ স্বামীক গ্ৰেপ্তাৰ কৰা হয় আৰু তেওঁৰ আলোচনীখন বন্ধ কৰিবলৈ বাধ্য হয়। ১৯৪৬ চনত মুক্তি পোৱাৰ লগে লগে তেওঁ ভাৰতীয় সংবিধান সভালৈ নিৰ্বাচিত হয়।
বিভাজনৰ সময়ত হোৱা হিংসাত তেওঁ নোয়াখালীত গান্ধীক লগ পাইছিল। গান্ধীজী তাত উপস্থিত হোৱাৰ আগতেই তেওঁ এটা সাহায্য শিৱিৰ খুলিছিল আৰু মাত্ৰ ছয় দিনতে ৯০ মাইল খোজকাঢ়ি ৪০০ গৰাকী মহিলাক উদ্ধাৰ কৰিছিল। ভাৰত-বিভাজনৰ পিছত তেওঁ কলিকতাৰ নিঃস্ব আৰু পৰিত্যক্ত মহিলাৰ ঘৰ চলোৱাত সহযোগিতা আগবঢ়াইছিল আৰু পূৰ্ব বংগৰ পৰা অহা শৰণাৰ্থীক সহায় কৰিবলৈ চেষ্টা কৰিছিল।.১১৯৪৬-৪৭ চনৰ সময়ছোৱাত ৰয়ে নোয়াখালীত সোতৰটা সাহায্য শিবিৰ স্থাপন কৰিছিল। ইয়াতে কিছু দিনৰ পিছত ইয়াত বিদ্ৰোহৰ (riot) সূচনা হয়। ইয়াৰে কোনোবা এটা সাহায্য শিৱিৰত সুহাশিনী দাসে কাম কৰিছিল।৫
১৯৪৭ চনত তেওঁ পশ্চিমবংগৰ মহিলা সংহতি নামেৰে এটা জাতীয় মহিলা সংস্থা প্ৰতিষ্ঠা কৰে।
পৰৱৰ্তী বৰ্ষত
লীলা ৰয় ১৯৬০ চনত ফৰৱাৰ্ড ব্লক (সুভাজিষ্ট) আৰু প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টিৰ একত্ৰীকৰণৰ লগে লগে গঠন হোৱা নতুন দলটোৰ অধ্যক্ষ হয় যদিও ইয়াৰ কাম-কাজত তেওঁ হতাশ হয়। দুবছৰৰ পাছত সক্ৰিয় ৰাজনীতিৰ পৰা তেওঁ অৱসৰ ল’লে।৬
১৯৮৫ চনত ফৈজাবাদত মৃত্যু হোৱা ভগৱানজী নামৰ এজন তপস্বীৰ সামগ্ৰীৰ পৰা লীলা ৰয়ৰ চিঠিবোৰ উদ্ধাৰ হয়। চিঠিবোৰে প্ৰকাশ কৰে যে, লীলা ৰয় ১৯৬২ চনত উত্তৰ প্ৰদেশৰ নিমছাৰত ভগৱানজীৰ সংস্পৰ্শলৈ আহিছিল আৰু ১৯৭০ চনত মৃত্যুৰ আগলৈকে তেওঁৰ ভগৱানজীৰ সৈতে যোগাযোগ আছিল।৭
দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত ১৯৭০ চনৰ জুন মাহত লীলা ৰয়ৰ মৃত্যু হয়।৬
শ্ৰদ্ধাঞ্জলি
২০০৮ চনৰ ২২ ডিচেম্বৰত ভাৰতীয় সংসদৰ কেন্দ্ৰীয় হলত লীলা ৰয়ৰ প্ৰতিকৃতি উন্মোচনৰ সময়ত লোকসভাৰ অধ্যক্ষ মহম্মদ হামিদ আনছাৰী, প্ৰধানমন্ত্ৰী ড° মনমোহন সিং আৰু লোকসভাৰ বিৰোধী দলপতি শ্ৰীযুত এল কে আদৱানী উপস্থিত থাকে।৮
২০২৩ চনৰ মাৰ্চ মাহত ঢাকা বিশ্ববিদ্যালয়ৰ কলা বিভাগৰ এটা পৰীক্ষা গৃহক লীলা ৰয়ৰ নামেৰে 'লীলা নাগ পৰীক্ষা হল' দিয়া হয়।৯
তথ্যসূত্ৰ
- ↑ Nag, Lila. Banglapedia
- ↑ Sengupta, Subodh; Basu, Anjali. (2002). Sansad Bangali Charitavidhan (Bengali). Sahitya Sansad. ISBN 81-85626-65-0
- ↑ Amin, Rubayet. (2017-03-12). bn:ঢাকা বিশ্ববিদ্যালয়ের প্রথম ছাত্রী লীলা নাগ ও তার সংগ্রামী জীবন. Roar বাংলা
- ↑ Jayasree Patrika – Jayasree Patrika
- ↑ Ghosh, Biswaroop. (2011). Religion and Politics in Bengal: The Noakhali Carnage 1946-47. Proceedings of the Indian History Congress. পৃ. 936–946
- ↑ StreeShakti - The Parallel Force. www.streeshakti.com
- ↑ Roy, Leela. the-disappearance-of-netaji-conspiracy-theories-over-the-last-70-years. news18.com
- ↑ Roy, Leela. Leela Roy's portrait. archivepmo.nic.in
- ↑ ঢাবি’র-প্রথম-ছাত্রী-লীলা-নাগ-এর-নামে-‘কলা-ভবন--পরীক্ষার-হল’-এর-নামকরণ. du.ac.bd
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লীলা ৰায়” প্ৰবন্ধৰ সংশোধন ৪৪৮২৩৯ (২৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।