কিৰেণ ৰিজিজু (Kiren Rijiju; জন্ম: ১৯ নৱেম্বৰ ১৯৭১) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু অধিবক্তা। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ সদস্য। তেওঁ লোকসভাত পশ্চিম অৰুণাচল লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে। তেওঁ প্ৰথম মোদী কেবিনেটত গৃহ ৰাজ্যিক মন্ত্ৰী আছিল। তেওঁ দ্বিতীয় মোদী কেবিনেটতো স্থান লাভ কৰে। তেওঁ বৰ্তমান ভাৰতৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী আৰু সংখ্যালঘু পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৭১ চনৰ ১৯ নৱেম্বৰ তাৰিখে অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ নাফ্ৰাৰ ওচৰৰ নাখুত কিৰেণ ৰিজিজুৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ৰিনচিন খাৰু আৰু মাতৃ চিৰায় ৰিজিজু। তেওঁৰ পিতৃ প্ৰথম অৰুণাচল বিধানসভাৰ অস্থায়ী অধ্যক্ষ আছিল আৰু বিধানসভাৰ সদস্য সকলক শপত বাক্য পাঠ কৰাইছিল।
তেওঁ ছাত্ৰ অৱস্থাৰ পৰায়ে বিভিন্ন সমাজ সেৱামূলক কামৰ লগত জড়িত হৈছিল। ইয়াৰ লগতে তেওঁ বিভিন্ন সামাজিক আন্দোলনৰ নেতৃত্ব দিছিল আৰু এগৰাকী ছাত্ৰ নেতা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিছিল। যুৱ আৰু সাংস্কৃতিক দলৰ সদস্য হিচাপে তেওঁ ১৯৮৭ চনত ছোভিয়েট সংঘত অনুষ্ঠিত ভাৰত মহোৎসৱত অংশগ্ৰহণ কৰিছিল। তেওঁ বিদ্যালয় আৰু মহাবিদ্যালয়ত পঢ়ি থকা কালছোৱাত শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ দখল কৰিছিল আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱত অংশগ্ৰহণ কৰিছিল।
তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ হংসৰাজ কলেজৰ পৰা কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰপিছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰে ফেকাল্টি অফ ল'ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল।১
ৰাজনৈতিক জীৱন
কিৰেণ ৰিজিজুক উত্তৰ-পূৱ ভাৰতত ভাৰতীয় জনতা পাৰ্টীৰ মুখ হিচাপে গণ্য কৰা হয়। ২০০০ চনৰ পৰা ২০০৫ চনলৈ তেওঁ ২৯ বছৰ বয়সতে খাদী আৰু গ্ৰামদ্যোগ আয়োগৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ অৰুণাচল প্ৰদেশৰ আটাইতকৈ জনপ্ৰিয় নেতা। তেওঁ প্ৰায়ে নিৰাপত্তা আৰু আৰ্থ-সামাজিক বিষয়ৰ প্ৰবন্ধ লিখে।২৩
২০০৪ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ পশ্চিম অৰুণাচল লোকসভা সমষ্টিৰ পৰা ১৪তম লোকসভালৈ নিৰ্বাচিত হৈছিল। ২০০৯ চনৰ লোকসভা নিৰ্বাচনত তেওঁ মাত্ৰ ১৩১৪টা ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল।৪
২০১৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ টাকাম সঞ্জয়ক ৪৩,৭৩৮ ভোটৰ ব্যৱধানত পৰাস্ত কৰি ১৬তম লোকসভালৈ নিৰ্বাচিত হয়।৫ ইয়াৰ পিছত তেওঁ নৰেন্দ্ৰ মোদীৰ ৪৫ জনীয়া প্ৰথম মন্ত্ৰীসভাত ৰাজ্যিক গৃহ মন্ত্ৰীৰ দপ্তৰ লাভ কৰিছিল।৬৭
২০১৯ চনৰ লোকসভা নিৰ্বাচনত তেওঁ তৃতীয়বাৰৰ বাবে পশ্চিম অৰুণাচল সমষ্টিৰ পৰা ১৭তম লোকসভালৈ নিৰ্বাচিত হয়। তাৰপিছত তেওঁ মোদীৰ দ্বিতীয় মন্ত্ৰীসভাত ভাৰতৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী আৰু সংখ্যালঘু পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দপ্তৰ লাভ কৰে।৮
ব্যক্তিগত জীৱন
কিৰেণ ৰিজিজুয়ে ২০০৪ চনত জৰাম ৰীনা ৰিজিজুৰ লগত বিবাহপাশত আবদ্ধ হয়।১ তেওঁ দিল্লীৰ লেডী শ্ৰী ৰাম কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু অৰুণাচল বিশ্ববিদ্যালয়ৰ পৰা সোণৰ পদক লাভ কৰিছিল। তেওঁ বৰ্তমান ইটানগৰৰ ডেৰা নাটুং কলেজত ইতিহাস বিভাগৰ সহযোগী অধ্যাপক।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Fourteenth Lok Sabha: Members Bioprofile. Lok Sabha
- ↑ (17 May 2014). BJP's Rijiju defeats sitting MP Sanjoy in Arunachal West seat. Business Standard. Press Trust of India
- ↑ Constituencywise-All Candidates. ECI
- ↑ www.business-standard.com/article/news-ani/sitti
- ↑ (17 May 2014). GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014. ELECTION COMMISSION OF INDIA
- ↑ (26 May 2014). Kiren Rijiju one of the 45 ministers in Modi's Team. Arunachal Chakma News
- ↑ Rijiju offered CM position
- ↑ (31 May 2019). PM Modi allocates portfolios. Full list of new ministers. Live Mint
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিৰেণ ৰিজিজু” প্ৰবন্ধৰ সংশোধন ৪২৭৯৭৬ (৪ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।