অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

যোগী আদিত্যনাথ

মহন্ত যোগী আদিত্যনাথ (ইংৰাজী: Yogi Adityanath; জন্ম অজয় সিং বিস্ত; ২০১৭ চনৰ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি দলে সংখ্যাগৰিষ্ঠতা লাভ কৰাত যোগী আদিত্যনাথে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে ২০১৭ চনৰ ১৯ মাৰ্চত শপত গ্ৰহণ কৰে।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ২১০ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

মহন্ত যোগী আদিত্যনাথ (ইংৰাজী ভাষা: Yogi Adityanath; জন্ম অজয় সিং বিস্ত; ৫ জুন, ১৯৭২) হ'ল এজন ভাৰতীয় পুৰোহিত তথা এজন হিন্দুত্ব (হিন্দু জাতীয়তাবাদী) ৰাজনীতিবিদ।১২৩৪৫ ২০১৭ চনৰ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী দলে সংখ্যাগৰিষ্ঠতা লাভ কৰাত যোগী আদিত্যনাথে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে ২০১৭ চনৰ ১৯ মাৰ্চত শপত গ্ৰহণ কৰে। উল্লেখযোগ্য যে উক্ত নিৰ্বাচনত যোগী আছিল বিজেপি দলৰ এজন বিশিষ্ট প্ৰচাৰক।৬৭৮ ১৯৯৮ চনৰ পৰা যোগীয়ে এতিয়ালৈ উত্তৰ প্ৰদেশৰ গোৰখপুৰ সমষ্টিৰ পৰা একেৰাহে পাঁচবাৰকৈ লোকসভাৰ সাংসদ হৈছে।৯ ইয়াৰ উপৰিও যোগী আছিল গোৰখনাথ মঠ নামৰ গোৰখপুৰৰ এটা হিন্দু মন্দিৰৰ মহন্ত বা মুখ্য পুৰোহিত। ইয়াৰ পূৰ্বে মন্দিৰৰ মুখ্য পুৰোহিত আছিল যোগীৰ আধ্যাত্মিক "পিতৃ" মহন্ত অবৈদ্যনাথ যিয়ে ২০১৪ চনৰ ছেপ্তেম্বৰ মাহত নশ্বৰ দেহ ত্যাগ কৰিছিল। যোগী আদিত্যনাথে হিন্দু যুৱা বাহিনী নামে এটা যুৱ সংগঠনো প্ৰতিষ্ঠা কৰিছিল।১০১১১২১৩

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৭২ চনৰ ৫ জুনত উত্তৰাখণ্ডৰ (পূৰ্বে উত্তৰ প্ৰদেশ) পৌৰী গড়ৱাল জিলাৰ পঞ্চুৰ নামে এখন গাঁৱৰ এটা গড়ৱালি ৰাজপুত পৰিয়ালত যোগী আদিত্যনাথৰ জন্ম হৈছিল। জন্মতে তেওঁৰ নাম অজয় সিং বিস্ত ৰখা হৈছিল।১৪১৫১৬ তেওঁৰ পিতৃ আনন্দ সিং বিস্ত আছিল এজন বনৰক্ষক।১৭ উত্তৰাখণ্ডৰ হেমৱতী নন্দন বহুগুণ গড়ৱাল বিশ্ববিদ্যালয়ৰ পৰা যোগীয়ে গণিতত স্নাতক ডিগ্ৰী লাভ কৰিছিল।১৮১৯ অযোধ্যাৰ ৰাম মন্দিৰ আন্দোলনত যোগ দিবলৈ ১৯৯০ত যোগীয়ে নিজৰ ঘৰ ত্যাগ কৰিছিল। তেওঁ গোৰখনাথ মঠৰ মুখ্য পুৰোহিত মহন্ত অবৈদ্যনাথৰ সংস্পৰ্শলৈ আহে আৰু পাছলৈ তেওঁৰ শিষ্য হয়। পৰৱৰ্তী সময়ত তেওঁক "যোগী আদিত্যনাথ" নাম দিয়া হয় আৰু মহন্ত অবৈদ্যনাথৰ উত্তৰাধিকাৰী হিচাপে মনোনীত হয়। ১৯৯৮ চনত যোগীয়ে পৈতৃক গাঁৱত এখন স্কুল স্থাপনা কৰিছিল।১৭

ধাৰ্মিক কৰ্মজীৱন

২১ বছৰ বয়সতেই যোগী আদিত্যনাথে নিজৰ পৰিয়াল ত্যাগ কৰি গোৰখনাথ মঠৰ মুখ্য পুৰোহিত মহন্ত অবৈদ্যনাথৰ শিষ্যত্ব গ্ৰহণ কৰে।১৮ ২০১৪ চনৰ ১২ ছেপ্তেম্বৰত মহন্ত অবৈদ্যনাথৰ মৃত্যুৰ পাছত যোগী আদিত্যনাথক গোৰখনাথ মঠৰ মুখ্য পুৰোহিতৰ পদত পদোন্নতি দিয়া হয়। ২০১৪ চনৰ ১৪ ছেপ্তেম্বৰত নাথ সম্প্ৰদায়ৰ পৰম্পৰাগত অনুষ্ঠানৰ মাজত যোগী আদিত্যনাথক "গোৰখনাথ মন্দিৰৰ পীঠাধিশ্বৰ" বনোৱা হয়।২০

তথ্যসূত্ৰ

  1. ↑ Ellen Barry. (18 March 2017). Firebrand Hindu Cleric Yogi Adityanath Picked as Uttar Pradesh Minister. The New York Times
  2. ↑ Yogi Adityanath is new Uttar Pradesh CM, will have two deputies. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  3. ↑ Yogi Adityanath, Hindutva Firebrand, Is The New CM Of UP. Huffington Post India
  4. ↑ (2017-03-19). Yogi Adityanath as UP CM: How BJP played the biggest gamble picking the Hindutva leader. Hindustan Times
  5. ↑ PTI. BJP Names Hindutva Firebrand Yogi Adityanath as Uttar Pradesh Chief Minister. thewire.in
  6. ↑ (19 March 2017). BJP's Adityanath sworn in as UP chief minister with 2 deputies. The Times of India
  7. ↑ (18 March 2017). Hindu firebrand Yogi Adityanath picked as Uttar Pradesh chief minister. BBC News
  8. ↑ Yogi Adityanath is new Uttar Pradesh CM, will have two deputies. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  9. ↑ Singh, Akhilesh. (22 March 2017). Yogi, Parrikar and Maurya to stay MPs till President polls in July. The Times of India
  10. ↑ Jaffrelot, Christophe. (6 October 2014). The other saffron. Indian Express
  11. ↑ Mahaprashasta, Ajoy Ashirwad. Adityanath as UP CM: It's Bait and Switch as BJP Foists Hindutva In Place of Vikas. thewire.in
  12. ↑ (2017-03-10). How Adityanath’s Hindu Yuva Vahini backed the BJP’s Attempts to Woo the Rajbhar OBCs Through the Legacy of King Suheldev. The Caravan
  13. ↑ Desk, Internet. Who is Yogi Adityanath?. The Hindu
  14. ↑ Srivastava, Piyush. (14 March 2007). The Yogi who courts controversy. The Indian Express
  15. ↑ Saffron power in Gorakhpur. Thehindu.com
  16. ↑ Smart father’s ‘simple’ son battles a Yogi. Telegraphindia.com
  17. ↑ Anupam Trivedi, Father, villagers in Uttarakhand elated over Yogi Adityanath’s elevation as UP CM, Hindustan Times, 19 March 2017
  18. ↑ (19 March 2017). Yogi Adityanath, a Maths graduate who became a sanyasi. The Economic Times
  19. ↑ (4 September 2014). How a Pauri youth turned into Yogi. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  20. ↑ Verma, Lalmani. (15 September 2014). Yogi Adityanath anointed Gorakshnath Peeth head seer, political clout set to rise. The Indian Express

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদভাৰতৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোগী আদিত্যনাথ” প্ৰবন্ধৰ সংশোধন ৬৪০১৮৭ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।