ৱিল্লুপুৰম ছিন্নায়া মনৰায়ৰ গণেশমূৰ্তি (১ অক্টোবৰ ১৯২৮ – ২১ জুলাই ২০০১) এজন ভাৰতীয় অভিনেতা আৰু প্ৰযোজক, যি তেওঁৰ অভিনয় জগতৰ নাম শিৱাজী গণেশন বুলিহে অধিক পৰিচিত। কুৰি শতিকাৰ দ্বিতীয়াৰ্দ্ধত তেওঁ তামিল চলচ্চিত্ৰত সক্ৰিয় আছিল। শিৱাজী গণেশনক সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ভাৰতীয় অভিনেতা হিচাপে স্বীকৃতি দিয়া হয় আৰু আন অভিনেতাই আটাইতকৈ অনুকৰণ কৰা অভিনেতাসকলৰ ভিতৰত তেওঁ অন্যতম। তেওঁ বহুমাত্ৰিক অভিনয় আৰু ৰূপালী পৰ্দাত চিত্ৰিত কৰা বিভিন্ন চৰিত্ৰৰ বাবে পৰিচিত।১ তেওঁক তামিল ভাষাত নাদিগাৰ থিলাগাম (অৰ্থ: অভিনেতাৰ গৌৰৱ) নামেৰেও সম্বোধন কৰা হৈছিল।২ প্ৰায় পাঁচ দশকৰ কৰ্মজীৱনত তেওঁ তামিল, তেলেগু, কানাড়া, মালয়ালম আৰু হিন্দী ভাষাৰ ২৮৮খন ছবিত অভিনয় কৰিছে। শিৱাজী গণেশন হৈছে ২৫০ খনতকৈও অধিক ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰা একমাত্ৰ তামিল অভিনেতা।৩৪
গণেশন ১৯৬০ চনত ইজিপ্তৰ কাইৰোত অনুষ্ঠিত হোৱা এফ্ৰো-এছিয়ান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত "শ্ৰেষ্ঠ অভিনেতা" বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় অভিনেতা আছিল। দক্ষিণ ভাৰতৰ বহু আগশাৰীৰ অভিনেতাই তেওঁলোকৰ অভিনয় গণেশনৰ দ্বাৰা প্ৰভাৱিত হোৱা বুলি উল্লেখ কৰিছে। ১৯৯৭ চনত তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।৫৬ তেওঁ প্ৰথম ভাৰতীয় অভিনেতা আছিল যিয়ে Ordre des Arts et des Lettres-ৰে সন্মানিত হৈছিল।৭৮৯১০ ইয়াৰ উপৰিও তেওঁ এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিশেষ জুৰী বঁটা, চাৰিটা ফিল্মফেয়াৰ দক্ষিণ বঁটা আৰু তিনিটা তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে।
গণেশনক তামিল চলচ্চিত্ৰৰ আইকন হিচাপে স্মৰণ কৰা হয়।১১১২ দ্য লছ এঞ্জেলছ টাইমছে তেওঁৰ মৃত্যু হোৱাৰ পাছত তেওঁক দক্ষিণ ভাৰতৰ চলচ্চিত্ৰ উদ্যোগৰ মাৰ্লন ব্ৰেণ্ডো বুলি অভিহিত কৰিছিল।১৩১৪
প্ৰাৰম্ভিক জীৱন
১৯২৮ চনৰ ১ অক্টোবৰত ভাৰতৰ ৱিল্লুপুৰমত জন্ম গণেশনৰ মাক-দেউতাক আছিলছিন্নায়া মনৰায়ৰ আৰু ৰাজমণি আম্মাল। তেওঁ আছিল মাক-দেউতাকৰ চতুৰ্থ পুত্ৰ। কৰ্মজীৱনৰ আৰম্ভণিতে গণেশনে ভি চি গণেশন নামেৰে অভিনয় কৰিছিল। সংবাদ মাধ্যমৰ মতে, প্ৰথম আখৰ 'V' ৰ অৰ্থ হৈছে ৱিল্লুপুৰম; যদিও গণেশনৰ এজন পুত্ৰই কয় যে ইয়াৰ অৰ্থ হৈছে ৱেত্তাইথিডাল, যিখন আছিল তেওঁলোকৰ পৈতৃক গাঁও।১৫ দেউতাকৰ সন্মতি অবিহনে১৬ গণেশনে সাত বছৰ বয়সতে এটা ভ্ৰাম্যমান নাটক কোম্পানীত যোগদান কৰাৰ সিদ্ধান্ত লয়।৩ ১০ বছৰ বয়সত তেওঁ তিৰুচিৰাপল্লীলৈ গুচি যায় আৰু সাংগিলীয়ান্দপুৰমৰ নাট্যদলত যোগদান কৰে।১৭ নাট্যদলৰ প্ৰশিক্ষকৰ পৰা তেওঁ অভিনয় আৰু নৃত্য শিকিছিল। তেওঁ ভাৰতনাট্যম, কথক আৰু মণিপুৰী নৃত্যৰো প্ৰশিক্ষণ লৈছিল।
গণেশনৰ দীঘলীয়া সংলাপ সহজে মনত ৰখাৰ এক সহজাত ক্ষমতা আছিল। নাট্যদলটোৱে মুখ্য চৰিত্ৰত গণেশনক অভিনয় কৰিবলৈ সুযোগ দিছিল। চি.এন.আন্নাদুৰাই ৰচিত নাট শিৱাজী কন্দ হিন্দু ৰাজ্যমত শিৱাজীৰ চৰিত্ৰত অভিনয় কৰাৰ পিছত সমাজ সংস্কাৰক পেৰিয়াৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা অনুষ্ঠানত তেওঁক "শিৱাজী"৩ অভিধাৰে অভিহিত কৰা হয়। তেতিয়াৰ পৰাই ''শিৱাজী" নামেৰে উল্লেখ কৰা হৈছিল।
চলচ্চিত্ৰীয় জীৱন
প্ৰাৰম্ভিক কালː ১৯৫২-১৯৫৯
১৯৫২ চনত কৃষ্ণন–পাঞ্জু যুটিয়ে পৰিচালনা কৰা তামিল ছবি পৰাশক্তিৰ যোগেদি গণেশনে চলচ্চিত্ৰীয় অভিনয়ত আত্মপ্ৰকাশ কৰে। ছবিখনৰ নায়িকা আছিল পাণ্ডাৰী বাই।১৮ ছবিখনে ব্যৱসায়িকভাৱে সফলতা লাভ কৰে। কেইবাটাও ছবিগৃহত পৰাশক্তি ১৭৫ দিনতকৈ অধিক সময় চলিছিল আৰু মুক্তি পোৱা ৬২টা কেন্দ্ৰতে ৫০ দিনতকৈও অধিক সময় চলিছিল; শ্ৰীলংকাৰ মাইলান থিয়েটাৰত চলিছিল প্ৰায় ৪০ সপ্তাহ।১৯ এভিএম প্ৰডাকচনৰ এ.ভি. ময়প্পানৰ পৃষ্ঠপোষকতাত নেচনেল পিকচাৰ্ছৰ চলচ্চিত্ৰ বিতৰক পি.এ. পেৰুমল মুদলিয়াৰে পৰাশক্তিৰ স্বত্ব কিনিছিল।২০
পৰাশক্তিৰ আৰম্ভণি গণেশনৰ বাবে সুখকৰ নাছিল। ছবিখনৰ ২০০০ ফুট ফিল্মৰ চিত্ৰগ্ৰহণ হোৱাৰ পাছত ময়প্পানে গণেশনৰ "ক্ষীণ" চেহেৰাটোক লৈ অসন্তুষ্ট হয় আৰু গণেশনৰ ঠাইত কে.আৰ. ৰামস্বামীক অভিনয় কৰোঁৱাব বিচাৰে। পিছে কে. পেৰুমলে ইয়াক নাকচ কৰিলে আৰু গণেশনেই বাহাল থাকিল। ছবিখনৰ চূড়ান্ত ফলাফলত অৱশ্যে ময়প্পান সন্তুষ্ট হৈছিল। গণেশনৰ প্ৰাৰম্ভিক দৃশ্য, যিবোৰ ময়প্পানে অপছন্দ কৰিছিল, সেইবোৰ পুনৰ চিত্ৰগ্ৰহণ কৰা হয়।২১ ছবিখনত অভিনয় কৰাৰ বাবে গণেশনক মাহে ২৫০ টকা (১৯৫২ চনত প্ৰায় ৫২.৫ মাৰ্কিন ডলাৰৰ সমমূল্য)) পাৰিশ্ৰমিক দিছিল।২২ চিত্ৰনাট্য লিখিছিল তামিলনাডুৰ পৰৱৰ্তী কালৰ মুখ্যমন্ত্ৰী এম. কৰুণানিধিয়ে।১৮ ধ্ৰুপদী নৃত্যৰ সু-প্ৰশিক্ষিত অভিনেতাসকলে মুখত নৱৰসৰ অভিব্যক্তিসমূহ ফলপ্ৰসূভাৱে প্ৰকাশ কৰিব পৰা গুণে গণেশনেও ১৯৫০-ৰ দশকত তামিল চলচ্চিত্ৰৰ অন্যতম জনপ্ৰিয় অভিনেতা হিচাপে পৰিগণিত হবলৈ সক্ষম হয়। তেওঁৰ অনন্য শৈলীৰ কণ্ঠই দৰ্শকক আকৰ্ষণ কৰিছিল। আবৃতিসুলভ, স্পষ্টমাত আৰু দীঘলীয়া সংলাপেৰে তেওঁৰ সংলাপ প্ৰক্ষেপনৰ শৈলীয়ে সকলোৰে সমাদৰ লাভ কৰিছিল।
বহুমাত্ৰিক অভিনয়: ১৯৫৪-১৯৬৮
বীৰাপাণ্ডিয়া কট্টাবোম্মন ছবিখনত অভিনয় কৰি ১৯৬০ চনৰ মাৰ্চ মাহত কাইৰোত অনুষ্ঠিত এফ্ৰো-এছিয়ান চলচ্চিত্ৰ মহোৎসৱত তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে।২৩ সংযোগবশতঃ তেওঁ আছিল বিদেশত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় অভিনেতাও।২৪ তামিল চলচ্চিত্ৰৰ এক ঐতিহাসিক ছবি হিচাপে পৰিগণিত হোৱা পছমালাৰ আছিল শিৱাজী গণেশন আৰু সাবিত্ৰীৰ অন্যতম শ্ৰেষ্ঠ ছবি। এ. ভীমসিংহৰ দ্বাৰা পৰিচালিত এই ছবিখনৰ লোকপ্ৰিয়তা আকাশলংঘী। ১৯৬১ চনত মুক্তি পোৱাৰ লগে লগে ই এক প্ৰকাৰৰ পথপ্ৰদৰ্শক স্বৰূপ হৈ পৰিছিল আৰু বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছিল। পিছত একে ধৰণৰ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি মুলুম মালাৰুম আদি কেইবাখনো ছবি নিৰ্মিত হয়।২৫ পছমালাৰ ছবিখনে ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল আৰু কেইবাটাও ভাষাত পুনৰ নিৰ্মাণ কৰা হৈছিল।
উথামা পুথিৰণ গণেশনে দ্বৈত চৰিত্ৰত অভিনয় কৰা প্ৰথমখন ছবি আৰু জুম কৌশল ব্যৱহাৰ কৰি দৃশ্যগ্ৰহণ কৰা প্ৰথমখন ভাৰতীয় ছবি।২৬ গণেশনে তেওঁৰ সময়ৰ বহু জনপ্ৰিয় আৰু প্ৰতিভাৱান তামিল অভিনেত্ৰীৰ সৈতে সহ অভিনয় কৰি গৈছে।২৭ তেওঁ কেইবাখন ব্যৱসায়িক সফল ছবি দিছে, যেনে- পালুম পাঝামুম, ইৰুম্বু থিৰাই, পডিক্কাধা মেধাই, পাভা মনিপ্পু, পদিথল মট্টুম, পোধুমা, আলায়মণি, ইৰুৱৰ উল্লাম, আন্নাই ইল্লম, আন্দাবন কট্টলাই, কপ্পলোটিয়া থামিঝান, মহাভাৰত (১৯৬৫),কাই কোদুত্থ, ধেৱম, পুথিয়া পাৰাৱৈ আৰু একেলগে নটা চৰিত্ৰত অভিনয় কৰা তেওঁৰ শততম ছবি নৱৰাত্ৰি''।২৮
তেওঁ কেইবাখনো ছবিত কমেডী চৰিত্ৰত অভিনয় কৰিছিল, যেনে- কল্যাণম পান্নিয়ুম ব্ৰহ্মচাৰী (১৯৫৪), সবাশ মীনা (১৯৫৮), উট্টি বাৰাই উৰাভু (১৯৬৭) আৰু গলাট্টা কল্যাণম (১৯৬৮)।
পৌৰাণিক আৰু ঐতিহাসিক চৰিত্ৰ চিত্ৰন: ১৯৬৫-১৯৬৯
থিৰুভিলায়াদলত (১৯৬৫) ভগৱান শিৱৰ চৰিত্ৰত অভিনয় কৰি তেওঁক বহু প্ৰশংসা লাভ কৰে।২৯ গণেশনে বাণিজ্যিক ছবি, পৌৰাণিক ছবি আৰু পৰীক্ষামূলক ছবিৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব পাৰিছিল। থিৰুভিলায়দল, থিৰুৱৰুৎচেলভাৰ, সৰস্বতী সাবাথাম, থিৰুমাল পেৰুমাই আৰু থিলানা মোহনম্বলৰ দৰে ছবিত তেওঁৰ মহাকাব্যিক অভিনয়ে সমালোচকৰ প্ৰশংসা লাভ কৰিছে। তেওঁ তিৰুপ্পুৰ কুমাৰন, ভগত সিং আদি স্বাধীনতা সংগ্ৰামী৩০ আৰু কৰ্ণ, ভৰত, নাৰদ, আপ্পাৰ, নয়নমাৰ আৰু আলৱাৰ আদি মহাকাব্যিক চৰিত্ৰত অভিনয় কৰি গৈছে।৩১ মহাকাব্যিক শৈলীৰ পৰা ক্ৰাইম থ্ৰিলাৰলৈকে; ৰোমান্টিক প্ৰসংগৰ পৰা কৌতুক আৰু একচন আটাইবোৰ শৈলীয়ে গণেশনে সামৰি লৈছে।
ৰাজনৈতিক জীৱন

গণেশনে দ্ৰাবিড়াৰ কাঝাগমৰ কৰ্মী হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল।৩২ ১৯৪৯ চনত চি এন আন্নাদুৰায়ে দ্ৰাবিড় মুন্নেত্ৰা কাঝাগম গঠন কৰাৰ পিছতে গণেশনে দলটোক যোগদান কৰে।৩৩ ১৯৫৬ চনলৈকে গণেশন দ্ৰাবিড় মুনেত্ৰা কাঝাগম (DMK)ৰ কঠোৰ সমৰ্থক আছিল।৩৪ কিন্তু ১৯৫০ চনত শিৱাজী গণেশনক তিৰুপতি ভ্ৰমণৰ সময়ত "যুক্তিবাদৰ উল্লেখিত মূল্যবোধৰ বিৰুদ্ধে" যোৱাৰ বাবে সমালোচনা কৰা হৈছিল; যাৰবাবে তেওঁ ডি.এম.কে. এৰি প্ৰাক্তন ডি.এম.কে. সদস্যসকলে প্ৰতিষ্ঠা কৰা তামিল নেচনেল পাৰ্টিলৈ যায়গৈ। পিছত এই দলটো ভাৰতীয় জাতীয় কংগ্ৰেছত চামিল হয়। তেওঁ কংগ্ৰেছ নেতা কে কামৰাজৰ নেতৃত্বক আকোৱালি লৈছিল।৩৫
১৯৬২ চনত গণেশন ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰবল সমৰ্থক হৈ পৰে। জনপ্ৰিয়তাৰ বাবে তেওঁক ৰাষ্ট্ৰীয় কংগ্ৰেছ তামিলনাডুৰ অংশ হ’বলৈ অনুৰোধ কৰা হৈছিল। কামৰাজৰ প্ৰতি থকা শ্ৰদ্ধাৰ বাবেই তেওঁ কংগ্ৰেছক সমৰ্থন কৰিবলৈ বাধ্য হয়। তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে তেওঁক ৰাজ্যসভাৰ সাংসদ হিচাপে নিযুক্তি দিয়ে। ১৯৮৪ চনত ইন্দিৰা গান্ধীৰ মৃত্যুৰ লগেলগে তেৱোঁৰো ৰাজনৈতিক জীৱন ম্লান পৰিবলৈ আৰম্ভ কৰে।৩৬
১৯৮৭ চনত সৰ্বভাৰতীয় আন্না দ্ৰাবিড়া মুনেত্ৰা কাঝাগম (AIADMK)ৰ প্ৰতিষ্ঠাপক তথা তামিলনাডুৰ মুখ্যমন্ত্ৰী এম জি ৰামচন্দ্ৰনৰ মৃত্যুৰ পিছত৩৭৩৩ এ.আই.ডি.এম.কে. দুই ভাগত বিভক্ত হয়; এটাৰ নেতৃত্বত থাকে তেওঁৰ পত্নী ভি এন জানকী ৰামচন্দ্ৰন আৰু আনটো ভাগৰ নেতৃত্ব লয় তামিল চলচ্চিত্ৰৰ তাৰকা জে জয়ললিতা।৩৮ ভাৰতৰ নিৰ্বাচন আয়োগে তেওঁলোকৰ কোনো এটাকে মূল এআইএডিএমকে হিচাপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।৩৯ তামিলনাডু কংগ্ৰেছে জয়াললিতাৰ এ.আই.এ.ডি.এম.কে.ৰ অংশটোৰ সৈতে মিত্ৰতা কৰাৰ সিদ্ধান্ত লয়।[63] শিৱাজী গণেশনে এই পদক্ষেপৰ বিৰোধিতা কৰিছিল আৰু সেয়েহে তেওঁ সমৰ্থকসকলৰ সৈতে দল এৰি ১৯৮৮ চনৰ ১০ ফেব্ৰুৱাৰীত থামিঝাগা মুন্নেত্ৰা মুন্নানী৩৯ নামেৰে এটা নতুন দল গঠন কৰে।৪০ দলটোক জনপ্ৰিয় কৰিবলৈ গণেশনে এন থামিজ এন মাক্কাল (মোৰ তামিল ভাষা আৰু মোৰ মানুহ) শীৰ্ষক এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল।৪১ দলটো গঠন হোৱাৰ সময়ত ইয়াক লিবাৰেচন টাইগাৰ তামিল ইলমৰ (LTTE) সমৰ্থক বুলি গণ্য কৰা হৈছিল।৪২ দলটোৱে শ্ৰীলংকাত ভাৰতীয় শান্তিৰক্ষী বাহিনীৰ উপস্থিতিৰ বিৰোধিতা কৰি বিবৃতি দিছিল যে এই বাহিনীটোৱে এলটিটিই আৰু ইয়াৰ নেতা ভি প্ৰভাকৰনক নিঃশেষ কৰিবলৈ চেষ্টা কৰিছে।৪৩ দলটোৱে ভাৰত চৰকাৰক কোনো পূৰ্বচৰ্ত নোহোৱাকৈ এল.টি.টি.ই.ৰ সৈতে আলোচনা কৰিবলৈও আহ্বান জনায়।৪৩ ১৯৮৯ চনৰ নিৰ্বাচনত তেওঁৰ দলটোৱে সকলো আসন হেৰুৱায়। গণেশনে নিজেই তিৰুভায়াৰু আসনত ডি.এম.কে.ৰ প্ৰাৰ্থী দুৰাই চন্দ্ৰশেখৰণৰ হাতত ১০,৬৪৩ টা ভোটৰ ব্যৱধানত পৰাস্ত হয়।৪৪
পিছলৈ ভি পি সিঙৰ অধীনত জনতা দলত যোগদান কৰি শেষত দলটোৰ ৰাজ্যিক সভাপতি হয় যদিও ১৯৯৩ চনত তেওঁৰ ৰাজনৈতিক কৰ্মজীৱনৰ অন্ত পৰে
ৰাজনৈতিক সময়ৰেখা

- দ্ৰাবিড়াৰ কাঝাগম (১৯৪৪-১৯৪৯)
- দ্ৰাবিড় মুন্নেত্ৰা কাঝাগম (১৯৪৯-১৯৫৬)
- তামিল নেচনেল পাৰ্টি (১৯৬১-১৯৬৪)
- ভাৰতীয় জাতীয় কংগ্ৰেছ (১৯৬৪-১৯৬৯) আৰু (১৯৭৭-১৯৮৮)
- কংগ্ৰেছ (ও) (১৯৬৯-১৯৭৫)
- কংগ্ৰেছ (আৰ) (১৯৭৫-১৯৭৭)
- থামিঝাগা মুন্নেত্ৰা মুন্নানী (১৯৮৮-১৯৮৯)
- জনতা দল (১৯৮৯-১৯৯৩)
বঁটা আৰু সন্মান
অসামৰিক বঁটা ১৯৬৬- পদ্মশ্ৰী ১৯৮৪- পদ্মভূষণ ১৯৯৫- National Order of the Legion of Honour আন্তঃৰাষ্ট্ৰীয় বঁটা ১৯৬০- এছিয়াৰ শ্ৰেষ্ঠ অভিনেতা (বীৰাপাণ্ডিয়া কট্টাবোমনৰ বাবে) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ১৯৯২- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিশেষ জুৰী বঁটা (থেৱৰ মগনৰ বাবে) ১৯৯৬- দাদাচাহেব ফাল্কে বঁটা
তথ্যসূত্ৰ
- ↑ (24 July 2001). Sivaji: The legend lives on. The Hindu Business Line
- ↑ NK, Jarshad. (6 February 2013). The Economic Times
- ↑ (11 July 2004). An actor and a gentleman. দ্য হিন্দু
- ↑ 1-288. Nadigarthilagam.com
- ↑ Padmabushan Chevalier Sivaji V.C.Ganesan. Sivajiprabhu.com
- ↑ (19 July 1997). Nadigar Thilagam Sivaji Ganesan, South Indian Cinema Photo, Nadigar Thilagam Sivaji Ganesa. Timescontent.com
- ↑ (21 July 2001). Tamil film actor Sivaji Ganesan dead. Rediff
- ↑ Shivaji Ganesan Biography – Sivaji Ganesan Childhood, Profile & Filmography. Lifestyle.iloveindia.com
- ↑ Forever Sivaji. IndiaGlitz
- ↑ (20 July 2010). Tamil Nadu News: "Stage artistes don't get due regard". দ্য হিন্দু
- ↑ (23 July 2001). India's first and finest music e-zine. The Music Magazine
- ↑ Sivaji Ganesan – Nadigar Thilakam. Sivaji.org
- ↑ (23 July 2001). Marlon Brando Sivaji Ganesan | Sivaji Ganesan; the Brando of South India – Los Angeles Times. Articles.latimes.com
- ↑ Did Sivaji Ganesan overact? – Behindwoods.com – Andha Naal negative role. Behindwoods
- ↑ Raman, Mohan V. (25 November 2013). All's in a letter. The Hindu
- ↑ Raman, Mohan V. (8 November 2014). unique naming convention in Tamil cinema · Thehindu. The Hindu
- ↑ (19 January 2007). Friday Review Chennai / Interview: Into realms of the past. দ্য হিন্দু
- ↑ (3 August 2008). Literary Review / Book Review: The making of an actor. দ্য হিন্দু
- ↑ (5 April 2015). Lights, camera, politics. Business Line
- ↑ Raman, Mohan V. (8 April 2013). The power of the pen. দ্য হিন্দু
- ↑ Pillai 2015, পৃ. 136
- ↑ Kannan 2010, পৃ. 195
- ↑ The making of an actor, THE HINDU Sunday, 4 August 2008
- ↑ Afro-Asian film festival. Nadigarthilagam.com
- ↑ 'Pasamalar' – Savitri: Five films of the late actress that are a must watch. The Times of India
- ↑ சங்கர். (27 February 2015). அஞ்சலி: ஏ.வின்சென்ட் · ஒளியில் கலந்த கலைஞன்!. Hindu Tamil Thisai
- ↑ (1 October 2013). Biography of Sivaji Ganesan- Tamil Cinema Actor-Part 1. Infoqueenbee
- ↑ (7 September 2007). Navaratri 1964. The Hindu
- ↑ (18 January 2011). Metro Plus Chennai / Columns: Movie hall crosses a milestone. দ্য হিন্দু
- ↑ (24 July 2001). Sivaji: The curtain drops. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (23 July 2001). The Hindu: When a man is God, savant, king and mortal. Thehindujobs.com
- ↑ Service, Tribune News. Google Doodle honours Sivaji Ganesan, the tallest actor in Tamil cinema. Tribuneindia News Service
- ↑ Hardgrave, Robert L. (1973). Politics and the Film in Tamilnadu: The Stars and the DMK. Asian Survey. পৃ. 288–305
- ↑ Team, BS Web. (2021-10-01). Sivaji Ganesan's birthday: Google's tribute to late Tamil actor with Doodle. Business Standard India
- ↑ Naig, Udhav. (2018-01-07). Stars in politics: No jump cuts in T.N.. The Hindu
- ↑ Book Review: The Legends Of Indian Cinema – Sivaji Ganesan | Bollywood.com: Entertainment news, movie, music and fashion reviews. Bollywood.com
- ↑ Prasad, M Madhava. (1999). Cine-Politics: On the Political Significance of Cinema in South India. Journal of Moving Image
- ↑ Thakurta, Paranjoy Guha; Shankar Raghuraman. (2004). A Time of Coalitions. SAGE. পৃ. 235–236. ISBN 0-7619-3237-2
- ↑ Subramaniamn, TS. (2004-07-30). Celluloid connections. Frontline
- ↑ Kantha, Sachi Sri. (2008-11-09). Book Review: Autobiography of Actor-Politician Sivaji Ganesan. Sangam
- ↑ Kumar, Ashok. (2006-04-05). From MGR to Vijaykant, the film-politics nexus continues. দ্য হিন্দু
- ↑ Shivaji Ganesan Biography. Love India
- ↑ Jain Commission Interim Report: Growth of Sri Lankan Tamil Militancy in Tamil Nadu. Chapter I - Phase II (1987-1988). on Tamil Nation website
- ↑ (2015-10-01). Sivaji Ganesan was not a success in politics, but Tamil parties still cannot disregard him. The News Minute
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিৱাজী গণেশন” প্ৰবন্ধৰ সংশোধন ৬৪০২৩২ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।