মুপ্পাভাৰাপু ভেংকাইয়া নাইডু (Muppavarapu Venkaiah Naidu; জন্ম: ১ জুলাই ১৯৪৯) ভাৰতৰ ১৩তম উপৰাষ্ট্ৰপতি। তেওঁ মোদী কেবিনেটত আবাস আৰু চহৰীয়া দৰিদ্ৰতা উন্নয়ন মন্ত্ৰী, নগৰীয় উন্নয়ন মন্ত্ৰী আৰু তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰী হিচাপে সেৱা আগবঢ়াইছিল।১ ২০০২ চনৰ পৰা ২০০৪ চনলৈ তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ অধ্যক্ষ হিচাপে কাৰ্যকাল আগবঢ়াইছিল।২ তাৰ আগতে তেওঁ অটল বিহাৰী বাজপায়ীৰ কেবিনেটত গ্ৰামোন্নয়ন মন্ত্ৰী আছিল।৩৪ ২০১৭ চনৰ উপৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ সমৰ্থিত প্ৰাৰ্থী আছিল। তেওঁ তেওঁৰ নিকতম প্ৰতিদ্বন্দ্বী ইউনাইটেড পিপলছ ফ্ৰণ্টৰ গোপালকৃষ্ণ গান্ধীক পৰাজিত কৰি ভাৰতৰ ১৩ তম উপৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। ২০১৭ চনৰ ১১ আগষ্ট তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে তেওঁক উপৰাষ্ট্ৰপতি ৰূপে শপত গ্ৰহণ কৰোৱায়। ২০২৪ চনত ভাৰত চৰকাৰে তেওঁক দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্ম বিভূষণেৰে সন্মানিত কৰে।৫৬
শৈশৱ জীৱন
১৯৪৯ চনৰ ১ জুলাইত অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰ জিলাৰ চাৱতাপালেম গাঁৱত (ভেংকটাচালামৰ ওচৰত) ৰঙাইয়া নাইডু আৰু ৰামনাম্মাৰ ঘৰত জন্মগ্ৰহণ কৰে ভেংকয়া নাইডু। বুচিৰেডী পালেম (নেল’ৰ)ৰ জিলা পাৰ্শ্বাদ হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি নেল’ৰৰ ভি আৰ কলেজত ৰাজনীতি আৰু কূটনৈতিক অধ্যয়নত স্নাতক ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁ বিশাখাপট্টনমৰ অন্ধ্ৰ ইউনিভাৰ্চিটি কলেজ অৱ ল’ৰ পৰা আন্তৰ্জাতিক আইন বিষয়ত বিশেষজ্ঞতাৰে আইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক হৈ কলেজীয়া দিনত এবিভিপিত যোগদান কৰে। অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ সৈতে জড়িত মহাবিদ্যালয়সমূহৰ ছাত্ৰ সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। ১৯৭২ চনৰ জয় অন্ধ্ৰ আন্দোলনত বিশিষ্ট ভূমিকা লোৱাৰ বাবে তেওঁ চৰ্চালৈ আহে।কাকনি ভেংকটা ৰত্নমে বিজয়াৱড়াৰ পৰা আন্দোলনৰ নেতৃত্ব দি থকাৰ সময়তে নাইডুৱে নেল্লোৰত আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল, এবছৰৰ পিছত আন্দোলন বাতিল নোহোৱালৈকে জড়িত হৈ থাকে।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (25 June 2014). Venkaiah Naidu, BJP’s south Indian face gets second stint in government. Indian Express
- ↑ BJP PRESIDENTS. BJP
- ↑ www.thehindu.com/news/national/other-states/bjp-
- ↑ (5 July 2016). Cabinet reshuffle: Portfolios of Modi’s ministers
- ↑ (25 January 2024). Padma Awards 2024: Former VP Venkaiah Naidu, actor Chiranjeevi, dancer Vyjayanthimala honoured with Padma Vibhushan. The Times of India
- ↑ (25 January 2024). Padma Awardees List 2024. Padma Awards
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভেংকাইয়া নাইডু” প্ৰবন্ধৰ সংশোধন ৫০৩৯৫৮ (১৯ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।