উমা ভাৰতী (জন্ম ৩ মে ১৯৫৯) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী আৰু বৰ্তমান নৰেন্দ্ৰ মোদীৰ কেবিনেটত পেয়জল আৰু স্বচ্ছতা মন্ত্ৰী। তেওঁ কম বয়সৰ পৰায়ে ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত। তেওঁ ১৯৮৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰথম বাৰৰ বাবে অৱতীৰ্ণ হৈছিল। কিন্তু তেওঁ এই নিৰ্বাচনত জয়লাভ কৰিব নোৱাৰিলে। তাৰপিছত তেওঁ খাজুৰাহু লোকসভা সমষ্টিৰ পৰা ১৯৯১, ১৯৯৬ আৰু ১৯৯৮ চনৰ লোকসভালৈ একেৰাহে তিনিবাৰ নিৰ্বাচিত হয়। ১৯৯৯ চনত তেওঁ ভূপাল লোকসভা সমষ্টিৰপৰা লোকসভালৈ নিৰ্বাচিত হয়।
তেওঁ অটল বিহাৰী বাজপায়ীৰ দ্বিতীয় আৰু তৃতীয় মন্ত্ৰীসভাত ৰাজ্যিক আৰু কেবিনেট স্তৰৰ মানৱ সম্পদ উন্নয়ন, পৰ্যটন, যুৱ আৰু ক্ৰীড়া, কয়লা আৰু খনি মন্ত্ৰীৰ পদত অধিষ্ঠিত আছিল। ২০১৪ চনত তেওঁ নৰেন্দ্ৰ মোদীৰ কেবিনেটত জলসম্পদ, নদী উন্নয়ন আৰু গংগা সংৰক্ষণ মন্ত্ৰী পদ লাভ কৰে আৰু ২০১৭ চনলৈ তেওঁ এই পদত অধিষ্ঠিত আছিল।
ভাৰতীয় জনতা পাৰ্টি আৰু বিশ্ব হিন্দু পৰিষদে ১৯৮০ আৰু ১৯৯০ৰ দশকত আৰম্ভ কৰা বিতৰ্কিত ৰামজনমভূমি আন্দোলনৰ তেওঁ নেত্ৰী আছিল। তেওঁ বাবৰী মছজিদ ধ্বংসৰ সময়ত সেই স্থানত উপস্থিত আছিল। ইয়াৰ বাবে তেওঁক লিবাৰহান কমিচনে তেওঁক দোষী সাব্যস্ত কৰিছিল।
২০০৩ চনৰ মধ্য প্ৰদেশ বিধানসভা নিৰ্বাচনত তেওঁৰ ভাৰতীয় জনতা পাৰ্টিয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰপিছত তেওঁ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়। কিন্তু ২০০৪ চনত তেওঁৰ বিৰুদ্ধে ১৯৯৪ চনৰ হুবলি হিংসাত্মক ঘটনাৰ চমন জাৰী হোৱাত মুখ্যমন্ত্ৰী পদৰ পৰা অব্যাহতি লয়। তাৰপিছত বিজেপিৰ লগত মতানৈক্য হোৱাৰ বাবে তেওঁ নিজৰ ৰাজনৈতিক দল ভাৰতীয় জনশক্তি পাৰ্টি গঠন কৰিছিল। ইয়াৰ পিছত তেওঁ এবাৰ উত্তৰ প্ৰদেশৰ বিধানসভা আৰু লোকসভালৈ নিৰ্বাচিত হৈছিল।
তেওঁক প্ৰায়ে সন্মানীয় মহিলাক প্ৰদান কৰা সংস্কৃত শিৰোনাম "সাধৱী" বুলি সম্বোধন কৰা হয়।১
প্ৰাৰম্ভিক জীৱন
১৯৫৯ চনৰ ৩ মে তাৰিখে মধ্য প্ৰদেশৰ টিকমগড় জিলাৰ দুণ্ডাত উমা ভাৰতীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ-মাতৃ খেতিয়ক আছিল। তেওঁ মাত্ৰ ষষ্ঠ শ্ৰেণীলৈ শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ শিশু অৱস্থাৰ পৰায়ে ধৰ্মীয় কাৰ্যকলাপৰ প্ৰতি আকৃষ্ট হৈছিল। তেওঁ শ্ৰীমদ্ভগৱতগীতাৰ প্ৰতি বেছি আকৰ্ষিত হৈছিল আৰু তেওঁক আধ্যাত্মিক শিশু হিচাপে গণ্য কৰা হৈছিল।২ তেওঁ পিছলৈ বিজয়ৰাজে সিন্ধীয়াৰ সংস্পৰ্শলৈ আহে আৰু তেওঁ উমাৰ ৰাজনৈতিক জীৱনৰ গুৰু হিচাপে প্ৰতিষ্ঠিত হয়।৩ তেওঁ নিজকে যুৱকালত ধৰ্মীয় মিছনেৰী হিচাপে অভিহিত কৰিছিল।৪
ৰাজনৈতিক জীৱন
তেওঁ ১৯৮৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰথম বাৰৰ বাবে অৱতীৰ্ণ হৈছিল। কিন্তু তেওঁ এই নিৰ্বাচনত জয়লাভ কৰিব নোৱাৰিলে। তাৰপিছত তেওঁ খাজুৰাহু লোকসভা সমষ্টিৰ পৰা ১৯৯১, ১৯৯৬ আৰু ১৯৯৮ চনৰ লোকসভালৈ একেৰাহে তিনিবাৰ নিৰ্বাচিত হয়। ১৯৯৯ চনত তেওঁ ভূপাল লোকসভা সমষ্টিৰপৰা লোকসভালৈ নিৰ্বাচিত হয়। তেওঁ অটল বিহাৰী বাজপায়ীৰ দ্বিতীয় আৰু তৃতীয় মন্ত্ৰীসভাত ৰাজ্যিক আৰু কেবিনেট স্তৰৰ মানৱ সম্পদ উন্নয়ন, পৰ্যটন, যুৱ আৰু ক্ৰীড়া, কয়লা আৰু খনি মন্ত্ৰীৰ পদত অধিষ্ঠিত আছিল। ২০১৪ চনত তেওঁ নৰেন্দ্ৰ মোদীৰ কেবিনেটত জলসম্পদ, নদী উন্নয়ন আৰু গংগা সংৰক্ষণ মন্ত্ৰী পদ লাভ কৰে আৰু ২০১৭ চনলৈ তেওঁ এই পদত অধিষ্ঠিত আছিল।
মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী
২০০৩ চনৰ মধ্য প্ৰদেশ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁক মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে প্ৰত্যৰ্পণ কৰিছিল। তেওঁৰ নেতৃত্বত বিজেপিয়ে মধ্য প্ৰদেশৰ ২৩০খন বিধানসভাৰ আসনৰ ভিতৰত ১৭৩খন আসনত জয় লাভ কৰে।১৫ তাৰপিছত তেওঁ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়। কিন্তু ২০০৪ চনত তেওঁৰ বিৰুদ্ধে ১৯৯৪ চনৰ হুবলি হিংসাত্মক ঘটনাৰ চমন জাৰী হোৱাত মুখ্যমন্ত্ৰী পদৰ পৰা অব্যাহতি লয়। তাৰপিছত বিজেপিৰ লগত মতানৈক্য হোৱাৰ বাবে তেওঁ নিজৰ ৰাজনৈতিক দল ভাৰতীয় জনশক্তি পাৰ্টি গঠন কৰিছিল। ইয়াৰ পিছত তেওঁ এবাৰ উত্তৰ প্ৰদেশৰ বিধানসভা আৰু লোকসভালৈ নিৰ্বাচিত হৈছিল।২
বিতৰ্ক
ভাৰতীয় জনতা পাৰ্টি আৰু বিশ্ব হিন্দু পৰিষদে ১৯৮০ আৰু ১৯৯০ৰ দশকত আৰম্ভ কৰা বিতৰ্কিত ৰামজনমভূমি আন্দোলনৰ তেওঁ নেত্ৰী আছিল। তেওঁ বাবৰী মছজিদ ধ্বংসৰ সময়ত সেই স্থানত উপস্থিত আছিল। ইয়াৰ বাবে তেওঁক লিবাৰহান কমিচনে তেওঁক দোষী সাব্যস্ত কৰিছিল।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Powerpuff girls who rule Indian politics. India Today
- ↑ Manjesh, Sindhu. Who is Uma Bharti?. NDTV
- ↑ The Worldly Ascetic. Business and Economy
- ↑ Biographical Sketch – Member of Parliament 16th Lok Sabha. Lok Sabha website
- ↑ (5 December 2003). BJP sweeps out Congress from 3 states. The Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উমা ভাৰতী” প্ৰবন্ধৰ সংশোধন ২৩৪২৮৭ (২ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।