শ্যামা প্ৰসাদ মুখাৰ্জী (৬ জুলাই ১৯০১ – ২৩ জুন ১৯৫৩) এজন ভাৰতীয় বেৰিষ্টাৰ, শিক্ষাবিদ, ৰাজনীতিবিদ, হিন্দুত্ববাদী কৰ্মী, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় চৰকাৰৰ মন্ত্ৰী আছিল৷ কংগ্ৰেছৰ বিৰোধিতা কৰাৰ পাছতো নেহৰুৱে তেওঁক নিযুক্তি দিছিল। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ছোৱাত ভাৰত ত্যাগ আন্দোলনৰ বিৰোধিতা কৰাৰ বাবে মুখাৰ্জীয়ে পৰৱৰ্তী সময়ত হিন্দু মহাসভাৰ সৈতে বিচ্ছেদ ঘটাই প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মন্ত্ৰীসভাত ভাৰতৰ উদ্যোগ আৰু যোগান মন্ত্ৰী (বৰ্তমান বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী হিচাপে পৰিচিত) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। নেহৰুৰ লগত মতানৈক্য আৰু বিচ্ছেদ হোৱাৰ পিছত,১ লিয়াকট–নেহৰু চুক্তিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি মুখাৰ্জীয়ে নেহৰুৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে।২ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সহায়ত,৩ ১৯৫১ চনত তেওঁ ভাৰতীয় জনসংঘ প্ৰতিষ্ঠা কৰে।৪
তেওঁ ১৯৪৩ চনৰ পৰা ১৯৪৬ চনলৈ অখিল ভাৰতীয় হিন্দু মহাসভাৰ সভাপতিৰ দায়িত্বত আছিল৷ মুখাৰ্জীয়ে ১৯৫৩ চনত ৰাজ্যৰ সীমান্ত পাৰ হ’বলৈ চেষ্টা কৰোঁতে জম্মু-কাশ্মীৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। সাময়িকভাৱে তেওঁৰ হাৰ্ট এটেক ধৰা পৰে আৰু চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হয় যদিও এদিনৰ পিছত তেওঁৰ মৃত্যু হয়।৫৬যিহেতু ভাৰতীয় জনসংঘৰ উত্তৰাধিকাৰী ভাৰতীয় জনতা পাৰ্টি, সেয়েহে মুখাৰ্জীক বিজেপিৰ সদস্যসকলেও বিজেপিৰ প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰে।৭
প্ৰাৰম্ভিক জীৱন আৰু শৈক্ষিক পৰিক্ৰমা
শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্ম ব্ৰিটিছ ৰাজৰ সময়ত ১৯০১ চনৰ ৬ জুলাইত কলিকতাত(বৰ্তমান ভাৰতৰ পশ্চিমবংগ ৰাজ্যত অৱস্থিত) হৈছিল৮৯১০। তেওঁৰ ককাক গংগা প্ৰসাদ মুখাৰ্জীৰ জন্ম জিৰাটত হৈছিল আৰু কলিকতালৈ প্ৰব্ৰজন কৰি বসতি স্থাপন কৰা তেওঁ পৰিয়ালটোৰ প্ৰথমগৰাকী ব্যক্তি আছিল।১১
তেওঁৰ পিতৃ আশুতোষ মুখাৰ্জী, বংগ প্ৰদেশৰ কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল।১২১৩ তেওঁৰ মাতৃৰ নাম যোগমায়া দেৱী মুখাৰ্জী।১৪ তেওঁ অতি মেধাৱী ছাত্ৰ আছিল আৰু জিৰাটৰ ধনী মানুহৰ সহায়ত তেওঁ কলিকতালৈ আহি মেডিকেল কলেজত পঢ়িবলৈ আহিছিল। পিছলৈ তেওঁ কলিকতাৰ ভৱানীপুৰ অঞ্চলত বসতি স্থাপন কৰে।১৫
১৯০৬ চনত মুখাৰ্জীয়ে ভৱানীপুৰৰ মিত্ৰ প্ৰতিষ্ঠানত নামভৰ্তি কৰে ৷ ১৯১৪ চনত তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ প্ৰেচিডেন্সি কলেজত নামভৰ্তি কৰে।১৬১৭ ১৯১৬ চনত আন্তঃ কলা পৰীক্ষাত সোতৰ নম্বৰ স্থানৰ সৈতে ১৮ ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে আৰু ১৯২১ চনত প্ৰথম শ্ৰেণীত প্ৰথম স্থান লাভ কৰে।১৯ ১৯২২ চনৰ ১৬ এপ্ৰিলত তেওঁৰ সুধা দেৱীৰ সৈতে বিবাহ হয়।২০ মুখাৰ্জীয়ে বাংলা ভাষাতো এম এ ডিগ্ৰী লাভ কৰে; ১৯২৩ চনত প্ৰথম শ্ৰেণী হিচাপে গ্ৰেড লাভ কৰে২১ আৰু ১৯২৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ চেনেটৰ ফেলোও হয়।২২ ১৯২৪ চনত তেওঁ এল এল বি সম্পূৰ্ণ কৰে।২৩
১৯২৪ চনত তেওঁ কলিকতা উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে নামভৰ্তি কৰে, যি বছৰতে তেওঁৰ পিতৃৰ মৃত্যু হৈছিল।২৪ ইয়াৰ পিছত ১৯২৬ চনত লিংকন ইনত পঢ়িবলৈ ইংলেণ্ডলৈ যায় আৰু একে বছৰতে ইংৰাজী বাৰলৈ মাতি অনা হয়।২৫ ১৯৩৪ চনত ৩৩ বছৰ বয়সত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ আটাইতকৈ কম বয়সীয়া উপাচাৰ্য হয়; ১৯৩৮ চনলৈকে তেওঁ এই পদত অধিষ্ঠিত আছিল।২৬ উপাচাৰ্য হিচাপে থকা কালত ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰথমবাৰৰ বাবে বাংলা ভাষাত বিশ্ববিদ্যালয় সমাৱৰ্তন ভাষণ প্ৰদান কৰে আৰু ভাৰতীয় স্থানীয় ভাষাক সৰ্বোচ্চ পৰীক্ষাৰ বিষয় হিচাপে প্ৰৱৰ্তন কৰা হয়।২৭২৮ ১৯৩৮ চনৰ ১০ ছেপ্টেম্বৰত কলিকতা বিশ্ববিদ্যালয়ৰ চেনেটে সন্মানীয় ডি. মুখাৰ্জীয়ে ১৯৩৮ চনৰ ২৬ নৱেম্বৰত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ডি.লিট লাভ কৰে।২৯ ১৯৪১–৪২ চনৰ ভিতৰত তেওঁ এছ’চিয়েশ্যন অৱ ইণ্ডিয়ান ইউনিভাৰ্চিটিৰ ১৫ সংখ্যক সভাপতিও আছিল।৩০
তথ্যসূত্ৰ
- ↑ Kingshuk Nag. (18 November 2015). Netaji: Living Dangerously. AuthorsUpFront · Paranjoy. পৃ. 53–. ISBN 978-93-84439-70-5
- ↑ Dr. Shyama Prasad Mookerjee. www.shyamaprasad.org
- ↑ (2023-06-23). What was the Liaquat-Nehru pact, due to which Syama Prasad Mookerjee resigned from the Union cabinet?. The Indian Express
- ↑ Bharatiya Jana Sangh · Indian political organization. Encyclopædia Britannica
- ↑ Bakshi 1991, পৃ. 278–306
- ↑ Smith 2015, পৃ. 87
- ↑ History of the Party. www.bjp.org
- ↑ Chaturvedi 2010, পৃ. 25
- ↑ MK Singh 2009, পৃ. 240
- ↑ (April 2019). Buddhism. Windhorse Publications. ISBN 978-1-911407-40-9
- ↑ Ghatak, Atulchandra, Ashutosher Chatrajiban Ed. 8th (Bengali Ed.), 1954, p 3, Chakraborty Chatterjee & Co. Ltd
- ↑ Dash 1968, পৃ. 566
- ↑ (1972). Parliamentary Debates: Official Report. Rajya Sabha, Volume 81, Issues 9–15. Council of States Secretariat. পৃ. 216
- ↑ MK Singh 2009, পৃ. 240
- ↑ Ghatak, Atulchandra, Ashutosher Chatrajiban Ed. 8th, 1954, p 1, Chakraborty Chatterjee & Co. Ltd
- ↑ Roy 2014, পৃ. 22
- ↑ Trilochan Singh 1952, পৃ. 91
- ↑ Calcutta Gazette, 7 July 1916, part 1c, page 639
- ↑ MK Singh 2009, পৃ. 240
- ↑ Chander 2000, পৃ. 75
- ↑ KV Singh 2005, পৃ. 275
- ↑ Mukhopadhyay 1993, পৃ. vii
- ↑ MK Singh 2009, পৃ. 240
- ↑ Bakshi 1991, পৃ. 1
- ↑ Das 2000, পৃ. 22
- ↑ Gandhi 2007, পৃ. 328
- ↑ Sen 1970, পৃ. 225
- ↑ Aich 1995, পৃ. 27
- ↑ (1938). The Calcutta Review, October 1938. Calcutta University, Kolkata. পৃ
- ↑ Recipients of Hony. Degrees. caluniv.ac.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্যামা প্ৰসাদ মুখাৰ্জী” প্ৰবন্ধৰ সংশোধন ৬০৫৩১৬ (৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।