অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কপিলা বাৎসায়ন

কপিলা বাৎসায়ন জন্ম ১৯২৮ চনৰ ২৫ ডিচেম্বৰত। পিতাক ৰামলাল মালিক আৰু মাক সত্যৱতী মালিক। কলা সাহিত্যৰ সংগ্ৰামী সাধক কপিলা বাৎসায়ন একেৰাহে নৃত্য শিল্পী, অধ্যাপিকা আৰু সাহিত্যিক। ১৯৮২ চনত তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে।

হালনাগাদ: ২ মাৰ্চ ২০২৫ ৫২৪ শব্দ · ৩ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

কপিলা বাৎসায়ন জন্ম ১৯২৮ চনৰ ২৫ ডিচেম্বৰত। পিতাক ৰামলাল মালিক আৰু মাক সত্যৱতী মালিক।১ কলা সাহিত্যৰ সংগ্ৰামী সাধক কপিলা বাৎসায়ন একেৰাহে নৃত্য শিল্পী, অধ্যাপিকা আৰু সাহিত্যিক। ১৯৮২ চনত তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। ২০২০ চনৰ ১৬ ছেপ্টেম্বৰ তাৰিখে তেওঁৰ মৃত্যু হয়।২

শৈশৱ আৰু শিক্ষা

সমাজসেৱী, শিল্পী আৰু বিদ্বান পৰিয়ালত জন্ম লাভ কৰা কপিলা বাৎসায়নে সৰুৰে পৰা কাশ্মিৰী চুফী কবিসকল, বৌদ্ধ ধৰ্মপ্ৰচাৰক ভদন্ত আনন্দ কৌশলায়ন, লোকগীতৰ গৱেষক দেবেন্দ্ৰ সত্যাৰ্থী, সাহিত্যিক চন্দ্ৰগুপ্ত বিদ্যালঙ্কাৰ আদি ব্যক্তিসকলৰ সংস্পৰ্শ লাভ কৰিছিল। শৈশৱত তেওঁ মাকৰ পৰা ঘোঁৰা দৌৰোৱা, সাঁতোৰ, চিলাই কৰা, নাও খেলা, কাৰু-চাৰু কলা, সংগীত, নৃত্য আদি বিভিন্ন ক্ষেত্ৰত অনুপ্ৰেৰণা লাভ কৰিছিল। শৈশৱত তেওঁ নৃত্যশিক্ষাৰ পাতনি মেলি মাত্ৰ ষোল্ল বছৰ বয়সতে হিন্দুস্থানী সংগীত আৰু নৃত্য বিদ্যালয় এখনৰ উপাধ্যক্ষ হয়। তেওঁ ভাৰতনাট্যম আৰু ওড়িছী নৃত্যৰো প্ৰশিক্ষণ লৈছিল।

১৯৪২ চনত তেওঁ দিল্লীৰ ইন্দ্ৰপ্ৰস্থ বিদ্যালয়ৰ পৰা প্ৰৱেশিকা, ১৯৪৬ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বি.এ. আৰু ১৯৪৮ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত এম.এ. পাছ কৰে।৩ ১৯৮২ চনত তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। ১৯৮২ চনত সন্মানসূচক ভাবে বেনাৰস হিন্দু বিশ্ববিদ্যালয়, ১৯৮৫ চনত ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়, ১৯৮৬ চনত আমেৰিকা মাউন্ট হলিওক মহাবিদ্যালয় আৰু ১৯৮৭ চনত মণিপুৰ বিশ্ববিদ্যালয়ৰ পৰা ডি লিট উপাধি লাভ কৰে।

কৰ্ম জীৱন

কৰ্মময় জীৱনত বাৎসায়ন, ১৯৪৯-৫৪ চনলৈ দিল্লী বিশ্ববিদ্যালয়ত ইংৰাজী বিষয়ৰ অধ্যাপিকা নিযুক্ত হয়। তাৰ পিছত তেওঁ ১৯৫৪-৬২ চনলৈ দিল্লী সাংস্কৃতিক বিভাগৰ সহকাৰী শিক্ষা উপদেষ্টা, ১৯৬২-৬৪ চনলৈ ২৬ তম আন্তঃৰাষ্ট্ৰীয় প্ৰাচ্যতত্ববিদ কংগ্ৰেছৰ যুটীয়া সম্পাদিকা,৪ ১৯৬৪-৭৪ চনলৈ দিল্লীৰ সাংস্কৃতিক বিভাগৰ উপ শিক্ষা উপদেষ্টা, ১৯৭৫-৮২ চনলৈ নতুন দিল্লী শিক্ষা মন্ত্ৰালয়ৰ, সাংস্কৃতিক বিভাগৰ যুটীয়া শিক্ষা উপদেষ্টা, আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক সম্পৰ্ক বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া, ১৯৭৯-৮০ চনলৈ য়ুনিভাৰ্ছিটি অৱ কলম্বিয়াৰ ভ্ৰমণৰত অধ্যাপিকা, ১৯৮১ চনত আমেৰিকাৰ য়ুনিভাৰ্ছিটি অৱ ফিলাডেলফিয়াৰ কলা ইতিহাস বিভাগৰ ভ্ৰমণৰত অধ্যাপিকা, ১৯৮২-৮৫ চনলৈ নতুন দিল্লী শিক্ষা আৰু সংস্কৃতি মন্ত্ৰালয়ৰ সংস্কৃতি বিভাগৰ অতিৰিক্ত সচিব, ১৯৮৫ চনত নতুন দিল্লী মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ কলা বিভাগৰ সচিব আৰু নতুন দিল্লী, ইন্দিৰা গান্ধী চেণ্টাৰ ফৰ দি আৰ্টচ ট্ৰাষ্টৰ সদস্য সচিব ৰূপে কাৰ্যনিৰ্বাহ কৰে।৫৬

বঁটা আৰু সন্মান

কপিলা বাৎসায়নে ১৯৬৯ চনত ভাবা মেমোৰিয়েল ফেলোশ্বিপ, ১৯৭০ চনত নতুন দিল্লী সংগীত নাটক অকাডেমি ফেলো,৭ ১৯৭৫ চনত জৱাহৰলাল নেহেৰু ফেলোশ্বিপ,৮ ১৯৭৮ চনত মণিপুৰ অকাডেমি অফ ডান্স ড্ৰামা এণ্ড আৰ্টছ ফেলো, ১৯৭৮ চনত নতুন দিল্লী, সংগীত নাটক অকাডেমিৰ উপাধ্যক্ষ, ১৯৮০চনত বোম্বেৰ এচিয়েটিক ছ'চাইটিৰ দ্বাৰা কেম্পবেল মেমোৰিয়েল সোণৰ পদক, ১৯৮১চনত শাৰংগ দেৱ বঁটা, ১৯৮২ চনত কলিকতাৰ এছিয়াটিক ছ'চাইটিৰ দ্বাৰা আৰ পি চন্দ শতবাৰ্ষিকী পদকৰ লগতে ১৯৮২ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। ইয়াৰোপৰি ১৯৮২ চনত সন্মানসূচক ভাবে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা, ১৯৮৫ চনত ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়, ১৯৮৬ চনত আমেৰিকা মাউন্ট হলিওক মহাবিদ্যালয় আৰু ১৯৮৭ চনত মণিপুৰ বিশ্ববিদ্যালয়ৰ পৰা ডি লিট উপাধি লাভ কৰে। ১৯৮৫ চনত তেওঁ মণিপুৰ সাহিত্য অকাডেমি ফেলো লাভ কৰিছিল। ১৯৯০ চনৰ বাবে অসম চৰকাৰে তেওঁক শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়ায়। ১৯৯৮ চনত তেওঁক নৃত্য আৰু কলাৰ ইতিহাস বিষয়ত কৰা গৱেষণাৰ বাবে সন্মান প্ৰদান কৰে।৯ ২০০০ চনত ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় সদ্ভাৱনা বঁটা প্ৰদান কৰাৰ লগতে,১০ ২০১১ চনত তেওঁক ভাৰত চৰকাৰৰ সন্মানীয় পদ্মবিভূষণ বঁটা প্ৰদান কৰা হয়।১১

ৰচনাৱলী

তেওঁৰ উল্লেখযোগ্য ৰচনৱলী সমূহ হ'ল:

  1. কথাকলি (১৯৬৭)
  2. ক্লাছিকেল ইণ্ডিয়ান ডান্স ইন লিটাৰেচাৰ এণ্ড দি আৰ্টচ (১৯৬৮)
  3. দি থিওৰিটিকেল বেছিছ অফ এছিয়ান এছথেটিক ট্ৰেডিচনচ (১৯৬৮)
  4. চাম এছপেক্টচ অফ কালচাৰেল পলিচিজ ইন ইণ্ডিয়া (১৯৭১)
  5. ইণ্ডিয়ান ক্লাছিকেল ডান্স (১৯৭২)
  6. ট্ৰেডিচনচ অফ ইণ্ডিয়ান ফ'ক ডান্স (১৯৭৫)
  7. ইণ্ডিয়ান থিয়েটাৰ (১৯৮১)
  8. গীত-গোবিন্দ (১৯৮২)
  9. পেইণ্টিং এণ্ড ডান্স (১৯৮২)
  10. আছাম গীত-গোবিন্দ (মহেশ্বৰ নেওগৰ সৈতে, ১৯৮৫),
  11. মেৱাৰীৰ গীত-গোবিন্দ (১৯৮৭)
  12. উৰিষ্যাৰ গীত-গোবিন্দ আদি।

তথ্যসূত্ৰ

  1. ↑ Members Biodata. Rajya Sabha
  2. ↑ Desk, The Hindu Net. (2020-09-16). Arts scholar Kapila Vatsyayan passes away. The Hindu
  3. ↑ Uttara Asha Coorlawala. (12 January 2000). Kapila Vatsyayan – Formative Influences. narthaki
  4. ↑ (31 October 2005). Congress appoints Kapila Vatsyayan as IGNCA chairperson, completes tit-for-tat with NDA. India Today
  5. ↑ Bouton, Marshall & Oldenburg, Philip, Eds. (2003). India Briefing: A Transformative Fifty Years, p. 312. Delhi: Aakar Publications
  6. ↑ About IGNCA. IGNCA
  7. ↑ SNA: List of Sangeet Natak Akademi Ratna Puraskar winners (Akademi Fellows). Official website
  8. ↑ Official list of Jawaharlal Nehru Fellows (1969-present). Jawaharlal Nehru Memorial Fund
  9. ↑ ACC: List of John D. Rockefeller 3rd Awardees. Official website
  10. ↑ (21 August 2001). Secularism under assault, says Sonia. The Hindu
  11. ↑ (25 January 2011). Padma Awards Announced. Ministry of Home Affairs

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকভাৰতীয় নৃত্যশিল্পীভাৰতীয় শিক্ষাবিদপদ্মবিভূষণ বঁটা বিজয়ীভাৰতীয় ৰাজনীতিবিদশ্ৰীমন্ত শংকৰদেৱ বঁটা বিজয়ীবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কপিলা বাৎসায়ন” প্ৰবন্ধৰ সংশোধন ৪৮৫২১৩ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।