মায়াৱতী হ'ল ভাৰতৰ এগৰাকী ৰাজনৈতিক মহিলা। তেঁও আগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীও আছিল। তেঁও বহুজন সমাজ পাৰ্টি (BSP)ৰ নেত্ৰীও আছিল। ২০০৭ চনৰ বিধানসভা নিৰ্বাচনত তেঁওৰ দলে ৰাজ্যত সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু তেঁও মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হয়। ইয়াৰ আগতেও মায়াৱতীয়ে তিনিবাৰকৈ সৰু-সৰু কাৰ্যকালৰ বাবে ১৯৯৫ চন, ১৯৯৭ চন আৰু ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থনৰ লগতে ২০০২ চনৰ পৰা ২০০৩ চনলৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হয়। তেঁও প্ৰথমগৰাকী দলিত মহিলা যিয়ে ভাৰতৰ কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰী হয়।
ব্যক্তিগত জীৱন
১৯৫৬ চনৰ ১৫ জানুৱাৰীত নতুন দিল্লীৰ এটা দলিত পৰিয়ালত মায়াৱতীৰ জন্ম হৈছিল। মায়াৱতীৰ সম্পূৰ্ণ নাম হ'ল মায়াৱতী প্ৰভু দাস। তেঁওৰ পিতৃৰ নাম প্ৰভু দয়াল আৰু মাতৃৰ নাম ৰামৰতী। তেঁওৰ পিতৃ আছিল এজন ভাৰতীয় ডাক বিভাগৰ এজন কৰ্মচাৰী। মায়াৱতীৰ ছজন ভাতৃ আৰু দুজনী ভনীয়েক আছিল। তেঁওৰ পৈতৃক গাঁও হ'ল বাদলপুৰ যি উত্তৰ প্ৰদেশৰ গৌতমবুদ্ধ নগৰ জিলাত অৱস্থিত। বি.এ. পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে দিল্লীৰ কালিন্দী কলেজৰ পৰা এল.এল.বি. উপাধি গ্ৰহণ কৰে। ইয়াৰ উপৰিও তেখেতে বি.এড. ডিগ্ৰী গ্ৰহণ কৰে। ৰাজনীতিলৈ অহাৰ আগতে তেঁও দিল্লীৰ এখন বিদ্যালয়ত শিক্ষিকা হিচাপে কাম কৰিছিল। মায়াৱতীয়ে ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ বাবেও অধ্যয়ন কৰিছিল, কিন্তু ১৯৭৭ চনত দলিত ৰাজনৈতিক নেতা কাঞ্চীৰামক লগ পোৱাৰ পাছত তেখেতে সম্পূৰ্ণ ৰাজনীতিজ্ঞ হোৱাৰ নিৰ্ণয় লয়।
ৰাজনৈতিক জীৱন
মায়াৱতীয়ে নিজৰ প্ৰথম নিৰ্বাচনৰ পাতনি মেলিছিল উত্তৰ প্ৰদেশৰ মুজফ্ফৰনগৰৰ কৈৰানা লোকসভাত। তেঁও অবিবাহিত আৰু নিজৰ সমৰ্থকবোৰৰ মাজত তেঁও 'বহনজী' নামেৰে পৰিচিত। ২০০৭ চনৰ ১৩ মে'ত তেঁও উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ ৰূপত চতুৰ্থবাৰৰ বাবে শপত গ্ৰহণ কৰে।
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মায়াৱতী” প্ৰবন্ধৰ সংশোধন ৩৯৬১১১ (১০ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।